Wednesday, November 16, 2022

প্ৰেমিক চৰাই মই:হাইছ উদ্দিন আহমেদ

 প্ৰেমিক চৰাই মই:
 [ছিৰিজ ১৯৩]

     

মই ইছলাম ধৰ্মৰ নাৰী

মই মোৰ শৰীৰটো সদায় 

ঢাকি ৰাখিব খোজোঁ।


পিছে কিছুমান অধৰ্মই

মই চুটি পোছাক পৰিধান

কৰিলেহে ভাল পায়।


মই মোৰ চকু,নাক,কাণ

আৰু হাতৰ পৰা ভৰি লৈকে

ঢাকি ৰখাটো ভাল হ'ল নে 

বেয়া হ'ল?


মই প্ৰশ্ন কৰিলোঁ

কিন্তু উত্তৰ মই নাপালোঁ

ক'লা বা নীলা ৰঙৰ পোছাক

বোৰ্খা পিন্ধা সকলক কিয়নো

সন্দেহৰ দৃষ্টিৰে চাই।


বৰবাদ কৰিব নোৱাৰে কোনোৱেই 

যদিহে মই নিজে বৰবাদ নহও

বিপ্লৱী , প্ৰতিবাদী, সাহসী মই

ধৈৰ্য,সাহস আৰু বুদ্ধিমতি হও।


মোক আগুৱাই নিবলৈ চেষ্টা কৰা

কিন্তু পিছলৈ ঠেলি- খেদি নপঠিয়াবা

মোৰ অধিকাৰ কেতিয়াও কাঢ়ি নিনিবা।


মই কলেজ, চৰকাৰী কাৰ্যালয়

সকলোতে বোৰ্খা পিন্ধা বাবে

কেতিয়াও বাধা নিদিবা।


তুমি তোমাৰ কন্যা সন্তানক 

আধা পোছাক পৰিধান কৰিবলৈ

কেতিয়াও নকবা।


শৰীৰ চৰ্চা মুকলি কৰি ঘূৰি ফূৰিবলৈ নিদিবা

বাস্তৱ জীৱনত নাৰীৰ নিৰ্যাতন

অপহৰণ, ধৰ্ষণ এইবোৰ হৈয়েই আছে।


সজাগ নহ'লে আজি

অহাকালি তোমাৰ জীয়ৰী, বোৱাৰী

মা,ভনী হঁতক বচাবলৈ নোৱাৰিবা।


নিজৰ শৰীৰটো আৱৰি ৰখাটো পাপ নহয়

যৌৱন কালত নিজৰ শৰীৰ চৰ্চা

যেন প্ৰতিযোগিতা 

এইবোৰ পিতৃ-মাতৃয়েও চকু নিদিয়া হ'ল ।


আহকচোন, অভিভাৱক সমাজ 

আমিও আমাৰ কন্যা সন্তানক

বোৰ্খা পিন্ধিবলৈ কও।


 ✍️হাইছ উদ্দিন আহমেদ

                      নগাঁও

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...