Wednesday, November 16, 2022

চাচা নেহৰু তুমি মহান:পৰাগ জ্যোতি দাস

 চাচা নেহৰু তুমি মহান 



চাচা নেহৰু তুমি মহান 

'চাচা নেহৰু' জন্ম তোমাৰ

 ১৮৮৯ চনৰ ১৪নৱেম্বৰত

এলাহাবাদৰ আনন্দ ভৱনত, 

সকলোৰে মৰমৰ চাচা তুমি

এই  স্বাধীন ভাৰতৰ।

স্বৰূপা ৰাণীৰ গৰ্ভত

 মতিলাল নেহৰুৰ ঔৰষত 

জন্মিলা এই ধৰাত ,

এতিয়া হৈছা তোমাৰ আদৰৰ বাবে 

সকলোৰে মৰমৰ 'নেহৰু চাচা'।

স্বাধীন এই ভাৰতৰ তুমি প্ৰথম প্ৰধানমন্ত্ৰী

শিশুৰ ক্ষেত্ৰত কৰা অহোপুৰুষাৰ্থৰ কৰ্মই 

আজি তোমাক কৰিলে মহান।

সঁচাই নেহৰু তুমি মহান

তোমাৰ সেই অমৰ বাণীআজি

 সকলোৰে মুখে মুখে প্ৰচলিত

-" আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক।"

গান্ধীৰ অহিংসা নীতি বিশ্বাসী তুমি 

এই দেশৰ যুঁজাৰু নেহৰু চাচা,

স্বাধীনতাৰ মহাক্ষণত কৰা সংগ্ৰামৰ বাবে   

জিনিলে তোমাক এই দেশে। 

তাৰেই ফলশ্ৰুতিতেই পালা আজি তুমি 

প্ৰথম স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী।

হাজাৰ হাজাৰ শিশুৰ হৃদয়ৰ 

অংশীদাৰ তুমি জৱাহৰলাল ।

শিশুৰ প্ৰতি থকা নিভাঁজ স্নেহে 

তোমাক আজি নাম দিলে নেহৰু চাচা ।

চাচা নেহৰু তুমি মহান 

তুমি যেন বাগিচাত ফুলি থকা 

এপাহি ৰঙা গোলাপ।

তুমি মহান নেহৰু 

তুমিয়েই পণ্ডিত জৱাহৰলাল ।

-×-×-×-×-×-×-× -×-×-


✍️শ্ৰী পৰাগ জ্যোতি দাস

           একাদশ মান

     ঢকুৱাখনা,লখিমপুৰ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...