Wednesday, November 16, 2022

পাপ:হাইছ উদ্দিন আহমেদ

 পাপ:হাইছ উদ্দিন আহমেদ

মই এটা পাপ কৰিলোঁ

এজন সাহিত্যিকক বেয়াকৈ কৈ দিলোঁ

মই ক্ষমা বিচাৰি গ'লোঁ

মোক ক্ষমা কৰিও দিলে।


মই এটা কবিতা লিখিছোঁ

এই কবিতাটোৰ অনুভূতিত 

মোৰ এটা পাপ হ'ল

এতিয়া কোনোৱেই মোক ক্ষমা কৰা নাই।


মহৎ লোকৰ বাণী লিখি

গুন্টাৰ গ্ৰাসদেৱে কৈছিল

ঈশ্বৰে ইচ্ছা কৰিলে পাপ ক্ষমা কৰিব পাৰে

কিন্তু মোৰ অনুভূতিক কেতিয়াও ক্ষমা কৰিব নোৱাৰে।


✍️ হাইছ উদ্দিন আহমেদ

              নগাঁও

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...