Showing posts with label পৰাগ জ্যোতি দাস. Show all posts
Showing posts with label পৰাগ জ্যোতি দাস. Show all posts

Tuesday, January 17, 2023

বিদায় বেলাৰ কাহিনী:শ্ৰী পৰাগ জ্যোতি দাস,

🔸বিদায় বেলাৰ কাহিনী 



বিদায়

তিনিটা আখৰেৰে সজ্জিত এটি

বিষাদ ,বেদনাৰে ভৰা 

নিষ্ঠুৰ শব্দ ।

স্মৃতিবোৰ মনত পৰি থাকিব 

কিন্তু মনত পৰিলেও এৰিব নোৱাৰো

 এই সময় ,এই ক্ষণ।

হাঁহি-কান্দোনৰ মাজেৰেই জীৱন 

সময়বোৰ অতিবাহিত হ'ল 

ক্ৰমশঃ দুটি বছৰ অন্ত হ'বৰ হল।

সেইটো দিনটো আজি 

মনত পৰিছে স্কুলত একেলগে 

সকলোৰে লগত পাৰ কৰা সময়কণ আছিল

কি যে মধুৰতম ।

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কৰ্ম  আমাক নিজ লক্ষ্য স্থানত উপনীত কৰোৱাৰ চেষ্টা 

সেয়াও যে হ'ব সফল ।

পোৱা-নোপোৱাৰ হিচাপ নকৰি

 নি-স্বাৰ্থভাৱে যেতিয়া তেওঁলোকৰ আশা-আকাংক্ষা হ'ব  পূৰণ ।

সেয়া যে তেওঁলোকৰ আজীৱন ধৰ্ম।

তথাপিও আজি সেই বিষাদৰ দিন 

যি মূহুৰ্তই নীৰৱে চকুলো বোৱাব 

তথাপি প্ৰাৰ্থনা জনাও

গুৰু_শিষ্যৰ সম্পৰ্ক হৈ ৰওক চিৰধন্য।

কিন্তু ...

কিন্তু বিদায় মনত ৰাখিবি 

মইও গুৰুৰ আশা-আকাংক্ষা

কৰিম পূৰণ।

××××××


 🖋শ্ৰী পৰাগ জ্যোতি দাস 

        একাদশ শ্ৰেণী 

    ঢকুৱাখনা,লখিমপুৰ 

Tuesday, December 27, 2022

নীলিম আকাশ:পৰাগ জ্যোতি দাস

 নীলিম আকাশ 



আকাশ 

তুমি ইমান সুবিশাল কিয়?

তোমাৰ এই বিশালতাৰ

সুযোগ লৈ মেঘে গিৰ-গিৰাইছে 

আৰু কণমানি পখীবোৰেও উলাহতে গীত জুৰিছে তোমাৰ বুকুত ।

তোমাৰ বুকুতেই

প্ৰকৃতিয়ে ন ৰূপ লৈছে ।আকাশ তুমি ইমান নীলিম কিয়?

নীলিম আকাশখন চুবলৈ যে 

মোৰ যে কিমান হাবিয়াস

তোমাৰ গভীৰতাত পোত গৈ 

থাকে হাজাৰ হাজাৰ  ডাৱৰ 

আৰু হেজাৰজনৰ জীৱন জীয়াৰ স্বপ্ন।

আকাশ তুমি ইমান নীলিম কিয়?


      🖋️ শ্ৰী পৰাগ জ্যোতি দাস 

             একাদশ শ্ৰেণী 

        ঢকুৱাখনা ,লখিমপুৰ

Tuesday, December 13, 2022

শেষ সময়ৰ আৰ্তনাদ:পৰাগ জ্যোতি দাস

 শেষ সময়ৰ আৰ্তনাদ 


মৰমৰ 

  মা আৰু দেউতা

মোক ক্ষমা কৰি দিবা ।

তোমালোকৰ এই সিদ্ধান্তত 

মই একমত নহয় মা ।

আশা আছিল মা 

ভালকৈ পঢ়ি-শুনি 

এটি চাকৰি কৰাৰ 

কিন্তু মা তোমালোকৰ এই সিদ্ধান্তই যেন 

মোক ঠেলি দিলে মৃত্যুৰ গৰাহলৈ।

দেউতা 

  কিয় তোমালোকে মোৰ মনৰ আশা-আকাংক্ষা কি তাক নুসুধি

এজনী ষোল্ল বছৰীয়া ছোৱালীক 

এই ফুলকুমলীয়া বয়সত বিয়া দিবলৈ ওলাইছা ।

ছি' ছি' 

মা আৰু দেউতা 

কিয় মোক জন্ম দিছিলা এই মায়াৱী পৃথিৱীত ।

মোৰ আশা-আকাংক্ষা কি নুসুধি

সিদ্ধান্ত ল'লা জীৱনৰ  আটাইতকৈ ডাঙৰ  সিদ্ধান্ত।

মা - দেউতা মোৰ সপোনবোৰৰ কথা 

 যদি এবাৰো শুনিবলৈ চেষ্টা কৰিলা হয় 

আজি চাগে মই এই সিদ্ধান্ত ল'ব লগা নহ'ল হয়।

 দেউতা- মা 

মোক ক্ষমা কৰি দিবা 

এই অকাল বয়সত 

নোৱাৰোঁ নোৱাৰো মই 

উকা কপালত লবলৈ সেন্দুৰ।

মই মোৰ সপোনক বাস্তৱিত কৰাৰ চেষ্টা কৰিছিলোঁ 

কিন্তু মোৰ আশা-আকাংক্ষাৰ কথা  

এবাৰো নাভাবিলা তোমালোকে ।

মা আৰু দেউতা

নোৱাৰোঁ আৰু মই একো কব 

মই মোৰ সপোনক বাদ দি 

বিয়া হ'বলৈ এই বয়সত ।

বিদায় , 

বিদায় মা 

বিদায় দেউতা এয়াই মোৰ জীৱনৰ শেষ ভাষ্য ।


        ✍️শ্ৰী পৰাগ জ্যোতি দাস 

               একাদশ মান 

             ঢকুৱাখনা,লখিমপুৰ

অনুগল্প:শ্ৰী পৰাগ জ্যোতি দাস

অণুগল্প

        ✍️শ্ৰী পৰাগ জ্যোতি দাস 

                     একাদশ শ্ৰেণী 

                ঢকুৱাখনা,লখিমপুৰ



           ন-চাউলৰ ন-খোৱা 

    

   সোণগুটি ধানেৰে উপচি থকা সোণোৱালী পথাৰ খন এতিয়া উদং হৈ গ'ল।কৃষকৰ শাওণৰ কষ্ট এতিয়া  ভঁৰালত  সোণগু হিচাপে  ধানেৰে উপচি পৰিছে।সকলোৰে ঘৰে-ঘৰে এতিয়া  আঘোণৰ মধুৰ ক্ষণত ন-চাউলেৰে ন-খোৱা প্ৰথা হৈছে । 

         

Tuesday, December 06, 2022

আই শতৰূপা:পৰাগ জ্যোতি দাস

আই শতৰূপা 



সৃষ্টিকৰ্তা ব্ৰহ্মাৰ 

তুমি দুহিতা

 আই শতৰূপা  ।

আই শতৰূপা 

তুমি প্ৰথম মানৱী 

এই সুন্দৰ সৃষ্টিৰ।

তোমাৰ ৰূপ-লাৱণ্যত 

বিমুগ্ধ জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মা ।

শত ৰূপ ধাৰণ কৰা

 আই শতৰূপা

তুমি সঁচাই

 পবিত্ৰতা আৰু  শান্তিৰ প্ৰতীক।

বিদ্যাৰ আৰাধ্যা দেৱী

অন্তৰ্যামী , সৰ্বজ্ঞানী

তুমি আই শতৰূপা।

 ৰাজহংসৰ অধিষ্ঠাত্ৰী 

তুমিয়েই দেৱী 

আই শতৰূপা ।

আই শতৰূপা 

তোমাৰ শতৰূপত 

মুগ্ধ অকল ব্ৰহ্মাই নহয় 

সৃষ্টিৰ প্ৰত্যেক মনুষ্যই মুগ্ধ 

তোমাৰ নামত ।

ৰূপ-গুণৰ তুলনাহীন

আই শতৰূপা 

তোমাক পুঁজিয়েই মনুষ্যই জ্বলাই 

এগছি সুন্দৰ বন্তি 

প্ৰত্যেক সন্ধ্যা।

-×-×-×-×-×-


✍️শ্ৰী পৰাগ জ্যোতি দাস 

      একাদশ শ্ৰেণী 

  ঢকুৱাখনা,লখিমপুৰ 

আঘোণ:পৰাগজ্যোতি দাস

 আঘোণ



আঘোণৰ পথাৰৰ 

সোণাৱালী ধাননি,

পিতাইৰ মুখত বিৰিঙি উঠে

আশাৰ ৰেঙণি ।

সূৰুযৰ কিৰণত জিলিকি উঠে 

পকা পকা সোণগুটি ধান,

পিতাইৰ বুকুত বাজি উঠিছে যেন 

হৃদয়ৰ এটি গান ।

আয়ে আদৰিছে ঘৰত 

ন-লখিমী ,

পিতায়ে আনিছে ডাঙৰি বান্ধি 

কেচ্ কেচ্ শব্দ কৰি ।

সোণগুটি ধানৰে নদন-বদন হৈ 

সকলোৰে ভঁৰাল হ'ল পূৰ,

ইয়াতেই এটি মিঠা সপোন 

আঘোণৰো পৰিলে ওৰ।

-×-×-×-×-×-×-×-×-


       ✍️ শ্ৰী পৰাগ জ্যোতি দাস 

                 একাদশ শ্ৰেণী 

             ঢকুৱাখনা,লখিমপুৰ।

Tuesday, November 29, 2022

মহাবীৰ লাচিত:পৰাগ জ্যোতি দাস

 মহাবীৰ লাচিত 

সোণোৱালী অসমৰে 

তুমি বীৰ লাচিত ;

অদম্য সাহস আৰু বীৰত্বৰে ভৰা 

তুমিয়েই  মহাবীৰ লাচিত ।

ফিমা বংশৰ তুমি

 মহাপৰাক্ৰমী অপৰাজেয়  বীৰ  

অসমৰ বুৰঞ্জীৰ 

তুমিয়েই কালজয়ী 

মোমাইকটা লাচিত ।

জাতিৰ বুকুত 

তোমাৰ বীৰত্ব

 সোঁৱৰাই আজি 

সেই মোমাইকটা গড়ে।

তীক্ষ্ণ হেংদাং হাততলৈ 

নৰিয়া গাৰে যুঁজি

পৰাস্ত কৰিলা মোগলবাহিনীক 

  ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ ৰণত ।

মোগলবাহিনীক ভেটা দিবলৈ 

মোমায়েৰাক বান্ধিবলৈ কৈছিলা গড় ;

এলেহুৱা মোমায়েকে দেশৰ ব্যথা নুবুজাত 

 দেশদ্ৰোহী বুলি কৰিলে শিৰচ্ছেদ ।

তোমাৰ সেই বীৰত্ব আজি 

সোণোৱালী আখৰৰে 

জিলিকি আছে হৃদয়ৰ বেৰত ।

নৰিয়া গাৰে যুঁজি 

কচুকটাদি কাটি

ৰাখিলা যুগমীয়া নাম ।

তুমিয়েই অসমৰ 

অপৰাজেয়, বীৰৰ অধিকাৰী 

অসমীয়াৰ স্বাভিমান 

মহাবীৰ লাচিত ।

-×-×-×-×-×-


     ✍️ শ্ৰী পৰাগ জ্যোতি দাস 

              একাদশ মান 

         ঢকুৱাখনা,লখিমপুৰ

Wednesday, November 16, 2022

চাচা নেহৰু তুমি মহান:পৰাগ জ্যোতি দাস

 চাচা নেহৰু তুমি মহান 



চাচা নেহৰু তুমি মহান 

'চাচা নেহৰু' জন্ম তোমাৰ

 ১৮৮৯ চনৰ ১৪নৱেম্বৰত

এলাহাবাদৰ আনন্দ ভৱনত, 

সকলোৰে মৰমৰ চাচা তুমি

এই  স্বাধীন ভাৰতৰ।

স্বৰূপা ৰাণীৰ গৰ্ভত

 মতিলাল নেহৰুৰ ঔৰষত 

জন্মিলা এই ধৰাত ,

এতিয়া হৈছা তোমাৰ আদৰৰ বাবে 

সকলোৰে মৰমৰ 'নেহৰু চাচা'।

স্বাধীন এই ভাৰতৰ তুমি প্ৰথম প্ৰধানমন্ত্ৰী

শিশুৰ ক্ষেত্ৰত কৰা অহোপুৰুষাৰ্থৰ কৰ্মই 

আজি তোমাক কৰিলে মহান।

সঁচাই নেহৰু তুমি মহান

তোমাৰ সেই অমৰ বাণীআজি

 সকলোৰে মুখে মুখে প্ৰচলিত

-" আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক।"

গান্ধীৰ অহিংসা নীতি বিশ্বাসী তুমি 

এই দেশৰ যুঁজাৰু নেহৰু চাচা,

স্বাধীনতাৰ মহাক্ষণত কৰা সংগ্ৰামৰ বাবে   

জিনিলে তোমাক এই দেশে। 

তাৰেই ফলশ্ৰুতিতেই পালা আজি তুমি 

প্ৰথম স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী।

হাজাৰ হাজাৰ শিশুৰ হৃদয়ৰ 

অংশীদাৰ তুমি জৱাহৰলাল ।

শিশুৰ প্ৰতি থকা নিভাঁজ স্নেহে 

তোমাক আজি নাম দিলে নেহৰু চাচা ।

চাচা নেহৰু তুমি মহান 

তুমি যেন বাগিচাত ফুলি থকা 

এপাহি ৰঙা গোলাপ।

তুমি মহান নেহৰু 

তুমিয়েই পণ্ডিত জৱাহৰলাল ।

-×-×-×-×-×-×-× -×-×-


✍️শ্ৰী পৰাগ জ্যোতি দাস

           একাদশ মান

     ঢকুৱাখনা,লখিমপুৰ 

মা তুমি মোৰ জীৱন বাটৰ লগৰী :পৰাগ জ্যোতি দাস

 মা তুমি মোৰ জীৱন বাটৰ লগৰী 


মা তুমি এই মায়াৱী সংসাৰৰ 

মোৰ জীৱন বাটৰ লগৰী 

মমতাময়ী মা তুমি 

মৰম-ভালপোৱা,মমতা 

আৰু ধৈৰ্য্যৰ নি:স্বাৰ্থ প্ৰতীক ।

মা তোমাৰ শীতল ছায়াত 

ধন্য হয় পৃথিৱীৰ প্ৰত্যেকজন 

সন্তানৰ জীৱন।

মা তোমাৰ মিঠা,সুৰীয়া মাত 

শুনিলেই যেন পাহৰি যাওঁ 

মোৰ সকলো দুখ।

মা তোমাৰ সেই জোনৰ দৰে মুখখনি 

মোৰ জীৱনৰ প্ৰতিটো খোজৰ

একমাত্ৰ লগৰী ।

জীৱন যাত্ৰাৰ অবিৰত পথত 

মোৰ অসফলতাত যেন

তোমাৰ হাতৰ পৰশত 

জীপাল হৈ উঠে মোৰ জীৱন।

যেতিয়া হতাশাত পতিত হওঁ

জীয়াই থকাৰ আশা নোহোৱা হয় 

তোমাৰ কোলাত নিদ্ৰাত মগ্ন হ'লেই 

মা সকলো হতাশা আঁতৰ হয় ।

মা তুমি সঁচাই অনন্যা

তুমি সচাঁই মমতাময়ী 

তুমিয়েই মা মোৰ 

জীৱন বাটৰ লগৰী ।

  -×-×-×-×-


    ✍️ শ্ৰী পৰাগ জ্যোতি দাস 

              একাদশ শ্ৰেণী 

           ঢকুৱাখনা ,লখিমপুৰ

Tuesday, October 18, 2022

কেৱল তোমাৰেই প্ৰতিচ্ছবি:পৰাগ জ্যোতি দাস

কেৱল তোমাৰেই প্ৰতিচ্ছবি:

                        শ্ৰী পৰাগ জ্যোতি দাস


মেঘালী চুলিটাৰি মেলি 

তুমি নাচাবা মোলৈ?

তোমাৰ হৰিণী নয়নে 

মোৰ দুচকুত কেৱল দুৰ্বাৰ 

প্ৰেমৰ কথাকে কয় ।

কোন তুমি?

আজি যে মোৰ হৃদয়ত 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

তোমাৰ হাঁহিটি যেন হাঁহি নহয় 

যেন পূৰ্ণিমা নিশাৰহে জোন।

তোমাৰ কোমল ওঁঠটিয়ে মোক 

তোমাৰ অন্তৰৰ নিভাঁজ 

মৰমবোৰৰ কথাকে কয় ।

কোন তুমি ?

আজি যে মোৰ মন আকাশত 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

তোমাৰ গালৰ কলা তিলটি যেন 

জোনাক নিশাৰ আকাশত 

উৰি ফুৰা এটা অকলশৰীয়া 

জোনাকী পৰুৱাহে ।

তোমাৰ কঁকালৰ খামুচীয়া ভাঁজ

গহীন-গম্ভীৰ খোজ 

চালেই মোৰ প্ৰাণ হয় পুলকিত।

কোন তুমি? 

আজি যে কেৱল সপোনে-দিঠকে 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

কিয় বাৰে বাৰে পাগল কৰিছা 

এই অভাজনক ।

কোন তুমি?

মোৰ দুচকুত যেন আজি

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

         -×-×-×-×-×

        

              একাদশ শ্ৰেণী 

     কাইজেন একাডেমী,ঢকুৱাখনা 

                লখিমপুৰ

Saturday, October 01, 2022

মোৰো এটা সপোন আছে:পৰাগ জ্যোতি দাস

মোৰো এটা সপোন আছে
 

বুকুত অলেখ আশা 
মনত অযুত উদ্দীপনাৰে পৰিপূৰ্ণ 
মোৰো এটা সপোন আছে ।
হ'বনে বাৰু মোৰ সপোন পূৰণ 
অভিলাস মাথোঁ সপোন পূৰণৰ।
প্ৰতিটো সুন্দৰ পুৱাই 
মোৰ সেই আশাৰ সপোন
পূৰণ  হোৱাৰ আগবঢ়া এটি দিন। 
মোৰ সেই সপোন পূৰণৰ হেতু 
মই প্ৰতিটো দিনে-নিশা এক কৰি 
ঘূৰি ফুৰিছোঁ মাথোঁ সেই সপোনৰ পিছত ।
সময় যিদৰে
বোঁৱতী নৈৰ সোঁতৰ দৰে বৈ গৈছে ;
পাহাৰৰ পৰা পানী যিদৰে ভৈয়ামলৈ 
কুলু-কুলু হৈ আহিছে ;
ঠিক সেইদৰে ময়ো ঘূৰি ফুৰিছোঁ 
মোৰ জীৱনৰ বাটত 
কাৰণ মোৰো এটা সপোন আছে ।

         
         শ্ৰী পৰাগ জ্যোতি দাস 
              একাদশ শ্ৰেণী 
     কাইজেন একাডেমী,ঢকুৱাখনা 
                লখিমপুৰ

Sunday, September 25, 2022

শৰতৰ আগমন-শ্ৰী পৰাগ জ্যোতি দাস

 শৰতৰ আগমন-শ্ৰী পৰাগ জ্যোতি দাস

আকৌ আহিল অভিনৱ ৰূপত 
আশা- আকাংক্ষাৰ শৰত। 
শৰতৰ আগমন এতিয়া 
অভিনৱ ৰূপত ।
শৰতৰ আগমনত আকৌ এই সুন্দৰ পৃথিৱী 
নতুনকৈ সেউজ হৈ উঠিছে উপচি ।
শৰতৰ শেৱালিৰ স্নিগ্ধ সুবাসে 
শৰতৰ আগমন কৰি তুলিছে জীপাল ।
শৰতৰ আগমনত আজি অভিনৱ সাজেৰে 
কুঁহি মেলিছে শৰত ।
শৰতৰ আগমনত মোৰ মনে 
পোহৰৰ পথত পুনৰ পাতনি মেলিছে ।
অভিনৱ সাজেৰে,অভিনৱ ৰূপেৰে 
বহু আশা-আকাংক্ষাৰে ৰেঙনিৰে 
শৰতে কৰিছে আগমন।

         -×-×-×-×-×

         শ্ৰী পৰাগ জ্যোতি দাস 
              একাদশ শ্ৰেণী 
     কাইজেন একাডেমী,ঢকুৱাখনা 
                লখিমপুৰ

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...