🔸বিদায় বেলাৰ কাহিনী
বিদায়
তিনিটা আখৰেৰে সজ্জিত এটি
বিষাদ ,বেদনাৰে ভৰা
নিষ্ঠুৰ শব্দ ।
স্মৃতিবোৰ মনত পৰি থাকিব
কিন্তু মনত পৰিলেও এৰিব নোৱাৰো
এই সময় ,এই ক্ষণ।
হাঁহি-কান্দোনৰ মাজেৰেই জীৱন
সময়বোৰ অতিবাহিত হ'ল
ক্ৰমশঃ দুটি বছৰ অন্ত হ'বৰ হল।
সেইটো দিনটো আজি
মনত পৰিছে স্কুলত একেলগে
সকলোৰে লগত পাৰ কৰা সময়কণ আছিল
কি যে মধুৰতম ।
শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কৰ্ম আমাক নিজ লক্ষ্য স্থানত উপনীত কৰোৱাৰ চেষ্টা
সেয়াও যে হ'ব সফল ।
পোৱা-নোপোৱাৰ হিচাপ নকৰি
নি-স্বাৰ্থভাৱে যেতিয়া তেওঁলোকৰ আশা-আকাংক্ষা হ'ব পূৰণ ।
সেয়া যে তেওঁলোকৰ আজীৱন ধৰ্ম।
তথাপিও আজি সেই বিষাদৰ দিন
যি মূহুৰ্তই নীৰৱে চকুলো বোৱাব
তথাপি প্ৰাৰ্থনা জনাও
গুৰু_শিষ্যৰ সম্পৰ্ক হৈ ৰওক চিৰধন্য।
কিন্তু ...
কিন্তু বিদায় মনত ৰাখিবি
মইও গুৰুৰ আশা-আকাংক্ষা
কৰিম পূৰণ।
××××××
🖋শ্ৰী পৰাগ জ্যোতি দাস
একাদশ শ্ৰেণী
ঢকুৱাখনা,লখিমপুৰ
No comments:
Post a Comment