শেষ সময়ৰ আৰ্তনাদ
মৰমৰ
মা আৰু দেউতা
মোক ক্ষমা কৰি দিবা ।
তোমালোকৰ এই সিদ্ধান্তত
মই একমত নহয় মা ।
আশা আছিল মা
ভালকৈ পঢ়ি-শুনি
এটি চাকৰি কৰাৰ
কিন্তু মা তোমালোকৰ এই সিদ্ধান্তই যেন
মোক ঠেলি দিলে মৃত্যুৰ গৰাহলৈ।
দেউতা
কিয় তোমালোকে মোৰ মনৰ আশা-আকাংক্ষা কি তাক নুসুধি
এজনী ষোল্ল বছৰীয়া ছোৱালীক
এই ফুলকুমলীয়া বয়সত বিয়া দিবলৈ ওলাইছা ।
ছি' ছি'
মা আৰু দেউতা
কিয় মোক জন্ম দিছিলা এই মায়াৱী পৃথিৱীত ।
মোৰ আশা-আকাংক্ষা কি নুসুধি
সিদ্ধান্ত ল'লা জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত।
মা - দেউতা মোৰ সপোনবোৰৰ কথা
যদি এবাৰো শুনিবলৈ চেষ্টা কৰিলা হয়
আজি চাগে মই এই সিদ্ধান্ত ল'ব লগা নহ'ল হয়।
দেউতা- মা
মোক ক্ষমা কৰি দিবা
এই অকাল বয়সত
নোৱাৰোঁ নোৱাৰো মই
উকা কপালত লবলৈ সেন্দুৰ।
মই মোৰ সপোনক বাস্তৱিত কৰাৰ চেষ্টা কৰিছিলোঁ
কিন্তু মোৰ আশা-আকাংক্ষাৰ কথা
এবাৰো নাভাবিলা তোমালোকে ।
মা আৰু দেউতা
নোৱাৰোঁ আৰু মই একো কব
মই মোৰ সপোনক বাদ দি
বিয়া হ'বলৈ এই বয়সত ।
বিদায় ,
বিদায় মা
বিদায় দেউতা এয়াই মোৰ জীৱনৰ শেষ ভাষ্য ।
✍️শ্ৰী পৰাগ জ্যোতি দাস
একাদশ মান
ঢকুৱাখনা,লখিমপুৰ
1 comment:
সুন্দৰ
Post a Comment