চিত্ৰকৰ
কিনো তুলিকাৰে আঁকিলা ছবি
হে চিত্ৰকৰ,
নীলা গগন শুৱনি কৰিলা
আঁকি তাত জলন্ত ভাস্কৰ।
বিশাল বসুন্ধৰা ৰঙেৰে সজালা
সেউজ দলিচা পাৰি,
নানাৰঙী ফুলবোৰত কিনো ৰং সানিলা
থাকে তাতে পখিলা উৰি।
তোমাৰ তুলিকাৰে কিনো যাদু কৰি
সজালা এই ভূৱন,
তোমাৰ ৰঙীন সৃষ্টি উপভোগ কৰিবলৈ
কৰিলা মানৱ সৃজন।
বিশাল আকাশ সমান পৰ্বত গঢ়ি
দিলা তাতে নিজৰা বোৱাই,
বিধে বিধে শস্যৰে পথাৰ উপচায়
আছা তুমি আমাক খুৱাই।
কোন কলমেৰে আঁকা এত ছবি
অকনো ত্ৰুটি নাই,
প্ৰাণ পাই উঠে জীৱকুল-প্ৰাণীকুল
তোমাৰ পৰস পাই।
সকলো সজাই নিৰাকাৰ কিয়
তুমি কেনে চিত্ৰকৰ?
প্ৰতিটো সৃষ্টি ৰঙেৰে সজাই থৈ
ক'তনো কটোৱা প্ৰহৰ?
কোনটোত কি ৰং দিলে শোভা পাব
কেনেকৈ তুমি জানা?
ক'ত বহি তুমি আঁকা সুন্দৰ চিত্ৰ
ইমান ৰং ক'ৰ পৰা আনা?
স্বৰ্গও স্ৰজিলা তুমি নৰকো স্ৰজিলা
স্ৰজিলা ত্ৰিভূবন,
বিধে বিধে ৰং বোলাই শুৱনি কৰা ধৰা
দেখিলেই জুৰাই নয়ন।
কত চিত্ৰকৰ পৃথিৱী ভৰপূৰ
আঁকে যদিও সুন্দৰ চিত্ৰ,
তোমাৰ চিত্ৰসম নহয় সুন্দৰ
তুমি চিত্ৰকৰ সদায় বিচিত্ৰ।
✍️মাৰজিয়া আহমেদ
০৮/১১/২২
No comments:
Post a Comment