Tuesday, November 08, 2022

জোনাকৰ বৰষুণ

 জোনাকৰ বৰষুণ

স্নিন্ধ জোনাকৰ বৰষুণ জাকে

মোক জুৰুলা জুপুৰিকৈ তিয়ালে--

কিবা এটা আজান অনুভূতিয়ে

শিহৰণ জগাই তুলিলে

যেন শৰতৰ সুৱাস নামিছে

মোৰ মন আকাশত--

তোমাক পোৱাৰ হেঁপাহ জাগে

তুমি মোৰ হৃদয়ত আছা বাবেই

মোৰ উৰুঙা হৃদয়ত

হাজাৰ জোনাক নামে--

ভাল পোৱা বোৰ চাগে এনেকুৱা--

তুমি মোৰ নিচেই কাষত

থকা বাবেই দুখৰ বোৰ

আঁতৰি বৈ আহে সুখৰ নিজৰা।।


   মিনতি ডেকা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...