Showing posts with label মিনতি ডেকা. Show all posts
Showing posts with label মিনতি ডেকা. Show all posts

Tuesday, November 08, 2022

প্ৰতিশ্ৰুতি:মিনতি ডেকা

 প্ৰতিশ্ৰুতি:



জীৱনৰ জটিল ক্ষণত

আহিম বুলি দিছিলা প্ৰতিশ্ৰুতি

পল,অনুপল কৰি

দিন,মাহ বছৰ ধৰি

পাৰ হৈ গ'ল কত ধুমূহা

তথাপি তুমি নাহিলা


কত নিশা উজাগৰে পাৰ কৰো

তোমাৰ ভাৱনাই ধৰেহি আৱৰি

আকাশ,বতাহ,সকলোতে

জুমি জুমি চাওঁ,কিজানিবা তোমাক দেখা পাওঁ


পদুলিৰ বকুল জোপাৰ তলত

থাকো বাট চাই ,জানোছা

ডাকোৱালৰ হাতত দিছা তোমাৰ বাতৰি

অ'মোৰ লগৰী,মোক দিয়াৰ দৰে

নিদিবা কাকো মিছা প্ৰতিশ্ৰুতি-

নকৰো অপেক্ষা তুমি দিয়া প্ৰতিশ্ৰুতিলৈ

থাকিম বিষাদে ভৰা হদয় খন লৈ অকলশৰে।।


   মিনতি ডেকা

লক্ষীমপুৰ।

স্তৱক

 স্তৱক


পুৱাৰ ৰ'দালিয়ে,নিশাৰ দুখ ভাগৰ আঁতৰাই

মনলৈ সজীৱতা আনে

সেউজীয়া গছৰ পাতে

মিঁচিকি হাঁহে,এখোজ দুখোজকৈ

জীৱনৰ বাটত,জীৱনে আগ বাঢ়ে।।


  মিনতি ডেকা

উত্তৰ লখিমপুৰ

জোনাকৰ বৰষুণ

 জোনাকৰ বৰষুণ

স্নিন্ধ জোনাকৰ বৰষুণ জাকে

মোক জুৰুলা জুপুৰিকৈ তিয়ালে--

কিবা এটা আজান অনুভূতিয়ে

শিহৰণ জগাই তুলিলে

যেন শৰতৰ সুৱাস নামিছে

মোৰ মন আকাশত--

তোমাক পোৱাৰ হেঁপাহ জাগে

তুমি মোৰ হৃদয়ত আছা বাবেই

মোৰ উৰুঙা হৃদয়ত

হাজাৰ জোনাক নামে--

ভাল পোৱা বোৰ চাগে এনেকুৱা--

তুমি মোৰ নিচেই কাষত

থকা বাবেই দুখৰ বোৰ

আঁতৰি বৈ আহে সুখৰ নিজৰা।।


   মিনতি ডেকা

Tuesday, November 01, 2022

স্তৱক:মিনতি ডেকা

 স্তৱক

পুৱাৰ ৰ'দালিয়ে,নিশাৰ দুখ ভাগৰ আঁতৰাই

মনলৈ সজীৱতা আনে

সেউজীয়া গছৰ পাতে

মিঁচিকি হাঁহে,এখোজ দুখোজকৈ

জীৱনৰ বাটত,জীৱনে আগ বাঢ়ে।।


  মিনতি ডেকা

উত্তৰ লখিমপুৰ

নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়:মিনতি ডেকা

 অণুগল্প:

নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়:

মালতীহঁতৰ ঘৰৰ কাষৰ মাটি দৰাত মালিকে দোকান ঘৰ সাজিবলৈ ৰদ চিমেণ্ট আদি মালতী হঁতৰ ঘৰতে ৰাখিলে।গৰমৰ বন্ধৰ দিন।দুজন মিস্ত্ৰীয়ে কাম কৰিবলৈ আহোঁতে সামান্য আহাৰ লৈ আনে। দুপৰীয়া সিঁহতে অনা আহাৰ মালতীহঁতৰ ঘৰৰ গছৰ ছাঁতে মুঢ়া আৰু তুলত বহি খাই।মালতীয়েও নিজে ৰন্ধা আঞ্জা,ভাজি সিঁহতক দিয়ে।

এনেদৰে কেইদিনমান যোৱাৰ পিছত মিস্ত্ৰী দুজনে মালতীক কলে-  বাইদেউ আপুনি আমাক চিনি পোৱা নাই। আপুনি আমাক  পঢ়ুৱাইছিল নহয়। তেতিয়া মালতীৰ মনলৈ নানা ভাৱ আহিল আৰু ক'লে যে- তোমালোক ডাঙৰ হ'লা। তোমালোকে মোক চিনাকি কৰি দিলা যে-তোমমালোক মোৰ ছাত্ৰ। মই তোমালোকক ভাল পাইছোঁ।কামৰ সৰু বৰ নাই।আৰু আগবাঢ়ি যোৱা। বহুত আশীৰ্বাদ দিছোঁ তোমালোকক।মালতীৰ মনটো আনন্দেৰে উজলি উঠিল।

                                 মিনতি ডেকা

                                  উত্তৰ লখিমপুৰ

Tuesday, October 25, 2022

দীপাৱলী:মিনতি ডেকা

 দীপাৱলী:

                               মিনতি ডেকা

কালিলৈ পোহৰৰ উৎসৱ দীপাৱলী

মানুহৰ উৎসাহৰ তৰণি নাই

বজাৰতো ভিৰ-

নানা ৰঙীন টিপ্ টপ লাইত

ধনতেৰাছ বুলি ৰাইজে নিজৰ সামৰ্থ্য জোখাই

বাচন-বৰ্তন, মাটিৰ চাকি ঝাড়ু

সামৰ্থ্য অনুযায়ী সোন-ৰূপ আনিছে

হেঁপাহেৰে -

আজিয়েই পদূলিয়ে পদূলিয়ে মাটিৰ চাকিৰ পোহৰ

যেন নীলা আকাশৰ তৰা বোৰে তিৰ্ বিৰাই আছে।

ঘৰ বোৰ টিপ্ টপ্ লাইতেৰে সু সজিত

মানুহৰ পৰ্বত সম উৎসাহ আনন্দতে নধৰাত হৈছে-

কেইবা দিনৰ পৰা বম,ফটকা ফুটাই আছে-

কালিলৈ পদূলি পদূলি য়ে কল গছ পুতি

আলোকেৰে সজাই লক্ষিমীক আদৰিব।

ধূপ-ধূনাৰ গোন্ধৰে সুশোভিত হ'ব

গোঁসাই ঘৰত শৰাই আগ বঢ়াব 

নৈবেদ্য উপচি পৰিব

ৰান্ধনী ঘৰত ,বাৰীত,জলত দোৱাৰ মুখে মুখে

বন্তি জ্বলাব

দীপাৱলীয়েই প্ৰেম ভাতৃত্ব বোধৰ

এনাজৰী ভাল আলোকেৰে বান্ধিব

অসূয়া বহু দূৰলৈকে ঠেলি পঠিয়াব

এক নৱ সূৰুয উদয় হ'ব

ধৰণী উজ্জ্বল হৈ পৰিব

জীৱনৰ বাটত জনগনে আৰু 

এখোজ আগুৱাই যাব।

দীপাৱলী তোমাক স্বাগতম।।

    


Tuesday, October 18, 2022

শৰত আকৌ আহিব:মিনতি ডেকা

শৰত আকৌ আহিব:

        ✍️মিনতি ডেকা,উত্তৰ লখিমপুৰ


আকৌ আহিব শৰৎ

মন পদূলি হ'ব পুলকিত

পদূলি শীৰ্ণ শেৱালী জোপা

সাৰ পাই উঠিব-

আকাশৰ জোন-তৰাই

মিচিকি হাঁহিব

শুকুলা ডাৱৰে লাজ-লাজকৈ

শেৱালী জুমি জুমি চাব

নানা ৰঙৰ ফুল বোৰে সৌৰভ বিলাব

লিহিৰি লিহিৰি বনত যৌৱন নামিব

জিৰ্ জিৰ্ জুৰিটি নাচিব মনৰ আনন্দতে

বসুন্ধৰা সেউজীয়াৰে সজীৱ হৈ উঠিব

নিয়ৰে দুবৰি বনত মুকুতাৰ মালা গাঠিব-

আকশেদি উৰিব বগা বগলী জাক

অস্তমিত সূৰুযে পানীত মুখখনি চাব

হালি- জালি নাচিব নৈৰ পাৰৰ কঁহুৱা বন

শৰতৰ পৰশতে নাচি উঠিব ত্ৰিভূৱন

কাঁহিলি পৰতে সুগন্ধি সুৰভি বিলাব শেৱালী

আমোল-মোল হ'ব মোৰ হেঁপাহৰ পদূলি।।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...