Tuesday, November 08, 2022

প্ৰতিশ্ৰুতি:মিনতি ডেকা

 প্ৰতিশ্ৰুতি:



জীৱনৰ জটিল ক্ষণত

আহিম বুলি দিছিলা প্ৰতিশ্ৰুতি

পল,অনুপল কৰি

দিন,মাহ বছৰ ধৰি

পাৰ হৈ গ'ল কত ধুমূহা

তথাপি তুমি নাহিলা


কত নিশা উজাগৰে পাৰ কৰো

তোমাৰ ভাৱনাই ধৰেহি আৱৰি

আকাশ,বতাহ,সকলোতে

জুমি জুমি চাওঁ,কিজানিবা তোমাক দেখা পাওঁ


পদুলিৰ বকুল জোপাৰ তলত

থাকো বাট চাই ,জানোছা

ডাকোৱালৰ হাতত দিছা তোমাৰ বাতৰি

অ'মোৰ লগৰী,মোক দিয়াৰ দৰে

নিদিবা কাকো মিছা প্ৰতিশ্ৰুতি-

নকৰো অপেক্ষা তুমি দিয়া প্ৰতিশ্ৰুতিলৈ

থাকিম বিষাদে ভৰা হদয় খন লৈ অকলশৰে।।


   মিনতি ডেকা

লক্ষীমপুৰ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...