Tuesday, November 08, 2022

ৰাসলীলা:মিন্টু গোৱলা

 ৰাসলীলা:



আঘোণ মাহৰ পূৰ্ণিমা ৰাতি শৰৎ ঋতুত বৃন্দাবনত

শ্ৰী কৃষ্ণই ঊল্লশ গোপীৰ সৈতে ৰাসক্ৰীড়া কৰে ।

ঊল্লশ গোপীৰ মাজত ৰাধিকাক পাই প্ৰভু প্ৰেমত মগ্ন ।

গকুলৰ গোৱালি সৈতে খেলে নানা ধেমালি

গোপীৰ সৈতে প্ৰভু কৰে ৰাসলীলা শৰৎৰ পূৰ্ণিমা ৰাতি ।

কদমজোপিত উঠি প্ৰভু বজাই বাঁহী , বাঁহীৰ মাত শুনি গোপী সবে নাচে তালে তালে...........................

ৰাধিকা দেৱী সৈতে নাচে প্ৰভু একান্ত মনে ,

প্ৰেমেৰে আৰম্ভ কৰি নাচে সবে গোপীৰ সৈতে ।

হাতে মোহনবাঁহী  মূৰত ময়ূৰপাখি নাচে

 প্ৰভু ৰাধাৰ সৈতে......... 

মোহন মুঁৰালী প্ৰভু শৰৎ ঋতুৰ 

পূণিমা ৰাতি ৰাসৰ অতি বিতোপন দৃশ্য

 ৰাধিকা দেৱী সৈতে নাচে প্ৰভু নানা ধৰণে

প্ৰকৃতিও অতি সৌন্দয্য মনমোহিত........।

 গকুলৰ গোপী সজাই নানা ৰঙে প্ৰভু সৈতে ঊল্লশ গোপীও কৰে নানা লীলা ধন্য তোমাৰ চৰণ তুমিয়ে জগতত পিতা দুষ্টক দমন কৰি সান্তক পালন সেতু কৰিলা নানা লীলা এই জগতত ।

সমম্ত পাপৰ ভাৰ  নাশক কৰিবলৈ লʼলা

 তুমি নানা অৱতাৰ কৰি নানা লীলা,

 শিশুৰ সৈতে ঊল্লশ গোপীক নাচুৱা

 শৰৎ ঋতুৰ আঘোণ মাহৰ পূণিমা ৰাতিত ।

যমুনাৰ পাৰত বহি বজাই বেনু , 

বেনুৰ মাত শুনি ৰাধিকা দেৱী ৰʼব নোৱাৰে ,

 যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি প্ৰভুলৈ বাট চাই  ।

যমুনাৰ পাৰত বহি ঊল্লশ গোপীৰ সৈতে নাচে সবে একান্তই প্ৰভুৰ সৈতে......... 

 বাঁহীৰ মাতে ৰাধাক ঘৰত থাকিব নিদিয়ে............

 বাৰে বাৰে মন যায় যমুনাৰ পাৰলৈ কানাইক বিচাৰি ।


শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...