এটি আবেগ!
এটি আবেগ হায়! এটি আবেগ!
কি জানি এইখন মঞ্চ এৰিব লাগিব
বুকুৰ মাজত উমি উমি জ্বলে হায়!
মায়াভৰা পৃথিৱীখন এৰিব লাগিব
ধৰণীৰ দয়াত জ্বলে একুৰা জুই বুকুত
এটি আবেগ হায়! এটি আবেগ!
ফু্লনীৰ বাৰীখন এৰিব লাগিব এদিন
বিধাতাৰ সৃষ্টিত জন্ম লৈছিলো হায়!
কিবা কৰিব পাৰিলো নে ইয়াত?
গুম-জুম ,গুম-জুম কৰি কান্দে হিয়া
আৱেগৰ বেদনাত উপচি উঠে অন্তৰ
এটি আবেগ হায়! এটি আবেগ হায়!
দয়া কৰা দয়াময় প্ৰভু! হে মোৰ প্ৰভু!
মন জ্বলে তন জ্বলে নয়ন জ্বলে হে প্ৰভু !
মৃত্যুৰ ভয়ত হে প্ৰভু, যম দূত আছে আগত
'অ' বিধাতা সত্তৰ(৭৹) বাৰ মনত পৰে
'অ' মোৰ দয়া বুকুখন দপ, দপ কৰে প্ৰভু
এটি আবেগ হায়! এটি আবেগ!
বিশ্ব ভূমণ্ডলক বেদী সপ্তাদিমণ্ডল শুধি
নাপালোঁ যেন তাৰ সমাধান বিচাৰি
কি যেন মায়াভরা পৃথিৱীখন এৰিব লাগিব
কিবা লগতে লৈ যাব পাৰিম জানো হবলা
আছে নেকি কাৰোবাৰ হাতত ইয়াত উত্তৰ
এটি আবেগ হায়! এটি আবেগ !
চিৰ সত্য এইটোৱেই জীৱ মানে মৃত্যু
এদিন দুদিন কৰি পাৰ কৰিলো কুৰি
চাওঁতে, চাওঁতে সময় গ'ল উৰি
আহি পালেহি জীৱনৰ বিয়লি বেলা
খেলিছিলো জীৱনৰ লগত বহুতো খেলা
এটি আবেগ হায়! এটি আবেগ হায়!!!!
ছেলিমা বেগম
নগাঁও
No comments:
Post a Comment