অভদ্ৰ যেতিয়া হয় ভদ্ৰ
চন্দ্ৰ শেখৰ পৰাজুলী
অভদ্ৰ যেতিয়া হয় ভদ্ৰ
সচৰাচৰ মানুহ বহু চিন্তিত
কেনেকৈ আহিল ইমান পৰিবৰ্তন
গোটেই মানুহবোৰে ভাবিবলৈ ধৰে
তেওঁ বা তাই ব্যৱহাৰ কৰিছে কেৱল
একো একোটি ভদ্ৰামিৰ মুখা ।
আচলতে মানুহবোৰে ইচ্ছাকৃতভাৱে
পৰিবৰ্তন হ'বলৈ দিব নিবিচাৰে
মানে নিজে কিন্তু ভদ্ৰামিৰ মুখাত অভদ্ৰ ।
আচলতে অভদ্ৰ এজনে ভালকৈ জানে
ডদ্ৰ আৰু অভদ্ৰৰ সকলো পাৰ্থক্য
অভদ্ৰ যেতিয়া হয় ভদ্ৰ
এচাম ভদ্ৰ সমাজ বহু চিন্তিত
আৰু এইটো সমাজ খনৰ বাবে হিতকাৰী
চুৰ এজনে যদি পুলিচত যোগদান হয় ।
প্ৰকৃত চুৰ আৰু পুলিচৰ মুখা পিন্ধা চুৰৰ
এটা এটা কৰি সকলো সন্ধান ওলাই।
No comments:
Post a Comment