Tuesday, November 22, 2022

মৰি মৰি জীয়াই আছে জীৱন

 মৰি মৰি জীয়াই আছে জীৱন

অন্ধকাৰত আত্মাই আৰ্তনাদত চিঞৰিছে

এখনি সভ্যতাৰ মানৱী সমাজ বিছাৰি

ক'ত আছে ?

এনে এখন মানৱী সমাজ

য'ত মানুহে মানুহৰ মূল্য বুজে

অনুভৱে ডেউকা মেলি উৰিছে

কবিতা ছন্দৰ বিছাৰি

হৃদয়ৰ এমুঠি শব্দ বুটলি

সমন্বয় ক্ষেত্ৰৰ মতামতলৈ বুলি

সপোনে সাৰ পালে

কবিতাক বিছাৰি

পুনৰাই জীৱন সজাওঁ বুলি

আহি দেখিলোঁ

বিভীষণৰ ভাষা উৎপাত

ভাষাৰে ৰাজনীতি পাতনি মেলিছে

কবি উদাৰতা মনক মনকৰিবলগীয়া

কোন দিশেৰে ধাৱমান আজি

উদাহৰণস্বৰূপে প্ৰথমে বন্ধুত্বৰ   খোপনি

তাৰ পাছত বহু কলংকিত…

হেৰৌ! 

বিভীষণৰূপী ছদ্মবেশী

আকৌ মৰি মৰি জীয়াই থাকিব নিদিবি

ৰঙা কলিজা তেজেৰে লিখিব নিদিবি

দুহাতেৰে ৰাঙলী কৰি বিপ্লৱী কবিতা

ওলাই আহিছোঁ আন্ধাৰৰ খলা-বমা পথেৰে

থৰক-বৰক খোজেৰে

পোহৰৰ আশাৰ ৰেঙনি দেখি।


প্ৰসন্ন কুমাৰ বৰা (মৰিগাঁও)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...

শেহতীয়া সংখ্যা সমূহ