মৰি মৰি জীয়াই আছে জীৱন
অন্ধকাৰত আত্মাই আৰ্তনাদত চিঞৰিছে
এখনি সভ্যতাৰ মানৱী সমাজ বিছাৰি
ক'ত আছে ?
এনে এখন মানৱী সমাজ
য'ত মানুহে মানুহৰ মূল্য বুজে
অনুভৱে ডেউকা মেলি উৰিছে
কবিতা ছন্দৰ বিছাৰি
হৃদয়ৰ এমুঠি শব্দ বুটলি
সমন্বয় ক্ষেত্ৰৰ মতামতলৈ বুলি
সপোনে সাৰ পালে
কবিতাক বিছাৰি
পুনৰাই জীৱন সজাওঁ বুলি
আহি দেখিলোঁ
বিভীষণৰ ভাষা উৎপাত
ভাষাৰে ৰাজনীতি পাতনি মেলিছে
কবি উদাৰতা মনক মনকৰিবলগীয়া
কোন দিশেৰে ধাৱমান আজি
উদাহৰণস্বৰূপে প্ৰথমে বন্ধুত্বৰ খোপনি
তাৰ পাছত বহু কলংকিত…
হেৰৌ!
বিভীষণৰূপী ছদ্মবেশী
আকৌ মৰি মৰি জীয়াই থাকিব নিদিবি
ৰঙা কলিজা তেজেৰে লিখিব নিদিবি
দুহাতেৰে ৰাঙলী কৰি বিপ্লৱী কবিতা
ওলাই আহিছোঁ আন্ধাৰৰ খলা-বমা পথেৰে
থৰক-বৰক খোজেৰে
পোহৰৰ আশাৰ ৰেঙনি দেখি।
প্ৰসন্ন কুমাৰ বৰা (মৰিগাঁও)
No comments:
Post a Comment