Tuesday, November 22, 2022

আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই:ৰাহুল চেতিয়া

 "আছে হেংদাং লোৱা নাই,
ললে হেংদাং ৰক্ষা নাই।।"

মই ৰাহুলে কৈছোঁ,

লাচিতৰ দেশৰ যুৱক মই,

দেহত আহোমৰ  ৰক্ত,

সত্যবাদী মই, নিৰপেক্ষবাদী মোৰ পৰিচয়,

মানৱৰূপী দানৱৰ চালনাক,

দেশপ্রেমিকৰ দেশদ্ৰোহ,

ক্ষমতালোভীৰ ষড়যন্ত্ৰত,

দেশ খাণ্ডৱদাহ হবলৈ নিদিওঁ,

অপহৰণ,ভ্ৰষ্টাচাৰ, কুলা্ঙ্গাৰ,দুৰ্নীতি,

বিৰুদ্ধে যুঁজি যাম সদায়।

মুক্ত চিন্তাধাৰা, মুক্ত যুজঁ অন্যায় বিৰুদ্ধে,

সত্যৰ বাবে অসত্যৰ সৈতে 

ঐক্যবদ্ধ হৈ  শত্ৰুৰ নিধন যজ্ঞ পাতি

কৰিম সমাপ্ত,

এজন সমাজ সচেতন ব্যক্তিৰ দায়িত্ব।

কেচু খান্দুতে সাপ ওলালেও নকৰোঁ ভয়!

হাজাৰ শিয়ালৰ হোৱাত যুদ্ধক্ষেত্ৰৰ

 পৰা পলায়ন কৰা কাপুৰুষ নহয় মই!

অপেক্ষা অলপ সময় মৃত্যুলৈ

 কেতিয়াও ভয় নকৰোঁ,

কৰোঁ মিছা বদনামলৈ হে..

ভাল কামক সদায় হ'লাগ আৰু বেয়াক বিৰোধিতা কৰাই মোৰ লক্ষ্য উদ্দেশ্য।

মই মুক্ত, দেহত অযুত বল,

অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ

আছে দেহত ভাবৰ উষ্মা প্ৰবল

জীৱন মৰণৰ যুদ্ধত হৈছো প্ৰবৃত্ত।


✍️ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...