কৃষকৰ জীৱন
নঙাল চলে পথাৰত
চুম্বন কৰে মাটিক
সেই মাটিতে প্ৰেমৰ পৰশ
শৰীৰেদি পৰা টুপ টুপ ঘামৰ ।
এনেকৈয়ে আৰম্ভণি
এজন সাধাৰণ কৃষকৰ
ঘৈনীয়েকেও নকয় তেওঁক
আজি ৰ'দ নে বৰষুণ
কাৰণ নাঙলৰ নাচত চলে
সাধাৰণ কৃষকৰ জীৱন ।
বোকাৰে লুতুৰ পুতুৰ
তথাপিও আপত্তি নাই
কাৰণ কৃষক এজনে জানে
এইয়াই তেওঁৰ প্ৰকৃত জীৱন ।
পূজা,মেলা, বিহু আদি
সকলোখিনি নিৰ্ভৰ কৰে
খাদ্য,শস্যৰ উৎপাদনত ।
বহুসময়ে লঘোনে পাৰ হয়
ভৰালত সোণালী শস্যৰ অভাৱত ।
এয়াই কৃষকৰ জীৱন
এনেকৈয়ে গঢ় লৈ উঠিছিল
ভাৰতৰ ভবিষ্যত ।
আৰু বৰ্তমানেও কৃষকৰ লৈয়ে
নিৰ্ভৰশীল ভাৰত আমাৰ।
সৃষ্টিত মানুহৰ অস্তিত্ব থকালৈ
কৃষকৰ কথা উল্লেখ থাকিব ।
হ'ব পাৰে কৃষিৰ পদ্ধতিত
বহুখিনিয়ে খালখলনি ঘটিব ।
✍️চন্দ্ৰ শেখৰ পৰাজুলী
No comments:
Post a Comment