নৱবৰ্ষ আৰু বনভোজৰস্হলী
মিন্টু গোৱলা, লখিমপুৰ কদম
এদিন দুদিনকৈ দিনবোৰ বাগৰি যায় ।ঠিক তেনেকৈ বছৰ বোৰ বাগৰি গৈ নৱবৰ্ষত ভৰি দিয়ে। নৱবৰ্ষ বুলি ক'লে- নতুনক আদৰা । পুৰণিক বিদায় দি নতুনক আদৰা । গোটেই বছৰটো দুখ সুখেৰে পাৰ কৰা সময়খিনিক আমি নৱবৰ্ষত নতুন সপোন আৰু আশা বুকুত বান্ধি সকলোৱে নৱবৰ্ষ লৈ বাট চাই । নৱবৰ্ষ মানেই সকলোৰ মনত বহু আশা সপোন থাকে । নৱবৰ্ষত যাতে আশা আৰু সপোন হ'ব বুলি । আমি বিভিন্ন মঠ-মন্দৰি , তীৰ্থস্থান আদিত যাওঁ । নতুন বছৰটো যাতে আমাৰ বাবে ভালকৈ যাব বুলি । নৱবৰ্ষত সকলোৱে উদয়পুৰাই মিলা প্ৰীতিৰে এসাঁজ প্ৰকৃতিৰ মাজত কটায় এসাঁজ খোৱাৰ আমেজেই বেলেগ হয়। সেইবাবে আমি বিভিন্ন বনভোজস্হলীলৈ যাওঁ।শীতকাল আৰম্ভ হোৱাৰ লগে লগে বনভোজৰ বতৰ আৰম্ভ হয়৷পৰিয়াল, বন্ধুৰ সৈতে বনভোজ খাবলৈ যোৱাটো বৰ আমেজ লাগে। বিভিন্ন বনভোজস্থলীলৈ বনভোজপ্ৰেমীকৰ দলৰ আগমন ঘটে নৱবৰ্ষত। ইংৰাজী নৱবৰ্ষৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বনভোজ খোৱাৰ উছাহ বাঢ়ি যায় ।
বনভোজস্হলীবোৰো যেন প্রকৃতিয়ে মানুহৰ বাবেই অকৃপণ হাতেৰে সজাই-পৰাই তুলিছে৷ যিফালেই চোৱা যায় নয়নাভিৰাম দৃশ্য৷ বনভোজৰ পাতল অৱগুণ্ঠন, শিলৰ ওপৰেদি কুলু কুলু সুৰেৰে বৈ যোৱা এখন শীর্ণ নদী বা জুৰি৷ ৰৌদ্রোজ্জ্বল বলুকা, আলফুলে পৃথিৱীক বুকুত সাবটি ৰখা নীলিম আকাশ৷ আকাশেদি উৰি যোৱা সুশৃংখল চৰাইৰ জাক, নল, খাগৰি, বিৰিণা বন,নদীৰ বুকুৰ প্রকাণ্ড একোটা শিল, গগনচুম্বী একোজোপা গছ, নাতি দূৰৈৰ শ্যামলিমা পাহাৰ, গান গোৱা পখীজাকৰ সুললিত কণ্ঠই এক স্বর্গীয় অনুভূতি প্রদান কৰে৷ ঘূৰি অহাৰ পৰত দিগন্তত সূর্যাস্তৰ দৃশ্যই মন পুলকিত কৰে৷
নৱবৰ্ষত বনভোজস্হলীবোৰ বৰ মনোমোহা হৈ উঠে ।য'ত প্ৰকৃতিৰ মৃদু বতাহ বʼয় আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি বৰ ভাল লাগে। মানুহৰ প্ৰিয় প্ৰকৃতিপ্ৰেমী হোৱা বাবে প্ৰকৃতিৰ পৰিবেশত অলপ সময় কটায় এসাঁজ খোৱাৰ বৰ আনন্দ লাগে।
অসমৰ এনে পাঁচ খনবনভোজস্হলীৰ চমুকৈ উল্লেখ কৰিলোঁ।
১)বগীবিল– বগীবিল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড়ৰ ওচৰত অৱস্থিত আৰু উজনি অসমৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম ঠাই। প্ৰায় ৫ কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং খন অৱস্থিত। ধেমাজি, চিলাপাথাৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ দৰে কেইবাটাও গন্তব্যস্থানৰ পৰা মানুহৰ ইয়াত ভিৰ হয়।
২)চৰাইদেউ – চৰাইদেউ হৈছে এক ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ স্থান। যি প্ৰতি বছৰে শ শ বনভোজৰ লোকক আকৰ্ষিত কৰে। ই আছিল আহোম ৰাজবংশৰ ৰাজধানী যি শিৱসাগৰৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত অৱস্থিত। বন্ধু বৰ্গ আৰু পৰিয়ালৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰাৰ উপৰিও, ভ্ৰমণ কৰাৰ সময়ত আহোম ৰাজবংশৰ বিশাল ইতিহাসৰ বিষয়ৰ লগতে শিৱসাগৰৰ ভিন্ন বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন সমূহ প্ৰত্যক্ষ কৰিব পাৰি।
৩)মৌ চাপৰী – যিসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেওঁলোকৰ অৱসৰ উপভোগ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই বনভোজস্থলী অতি সুবিধাজনক। ইয়াত আপুনি কম মূল্যত নাও যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰিব আৰু ধুনীয়া নদীখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ই যোৰহাটৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ দূৰত আৰু আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰে।
৪)বৰ শিল – বনভোজৰ বাবে ই অসমৰ অন্য এক সুন্দৰ স্থান। ই শিৱসাগৰ জিলাত অৱস্থিত আৰু পৰ্বতৰ সুন্দৰ মনোৰম দৃশ্য আৰু নদীৰ উখল-মাখল শব্দৰ সৈতে এক সুন্দৰ ঠাই। এই ঠাই খন আহোম ৰজা গদাধৰ সিংহৰ বাবে বিখ্যাত।
৫)জেইপুৰ বৰ্ষাৰণ্য – জেইপুৰ বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াত বহুতো সুন্দৰ বিদেশী প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। লোকসকলে তেওঁলোকৰ চাৰিওফালৰ সেউজীয়াৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে ঠাইখন ভিৰ কৰেহি। শীতকালত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই বনভোজস্থলীলৈ এটা নিখুঁত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।
অসমত এনে বনভোজস্হলী বহু আছে । কিন্তু তাৰেই দুটামান বৰ্ণনা কৰিলোঁ । নৱবৰ্ষৰ সেই সময়ৰ বোৰ বৰ ভাল লাগে।আমি যিবোৰ বনভোজ স্হলীলৈ যাওঁ।সেই ঠাই খন আমাৰ বুলি ভাবি প্ৰকৃতিক নিকা বা চাফ কৰি ৰখাটো আমাৰ দায়িত্ব ।যাতে প্ৰকৃতিৰ বিনষ্ট নহয় । প্ৰকৃতি অবিহনে মানুহ বৰ আধৰুৱা হয় ।
No comments:
Post a Comment