অণুগল্প
১
কৃতজ্ঞতা
হাতৰ বাতিটোত দহ টকীয়া নোটখন দিব খোজোঁতেই সোঁতোৰা-সোঁতোৰ গাল-মুখ আৰু অস্তি চৰ্মসাৰ শৰীৰেৰে থিয় হৈ থকা মানুহ জনৰ চকুত চকু পৰিল শ্যামলৰ । চকুহাল চোন বৰ চিনকি । বিনা বেতনে অৱসৰ লোৱা এইয়া যে গায়ন ছাৰ। জীৱনৰ অমূল্য সময় ল'ৰা ছোৱালী মানুহ কৰাকে জীৱনৰ ব্ৰত কৰি আজি পথৰ ভিখাৰী।
ভৰিত সাৱতি ধৰি সেৱা জনায় ছাৰক ভিতৰলৈ লৈ গʼল শ্যামলে । ছাৰ মই শ্যামল । আপোনাৰ ছাত্ৰ শ্যামল । গায়ন ছাৰৰ চকুত আনন্দৰ বন্যা ।
২
সংগ্ৰাম
ৰাতিটো উৎসৱমুখৰ হৈ থকা নিষিদ্ধ গলিৰ জুপুৰিবোৰ এতিয়া নিস্তব্ধতা বিৰাজমান। ৰাতিৰ কেঁচা মঙহৰ সোৱাদ বিচাৰি অহা সকলে দিনৰ পোহৰত সেই ফালে কেঁৰাহিকৈ চাবলৈও ঘিণ কৰে । ৰাতিটো পৰিশ্ৰম কৰা মাকবোৰ ভাগৰত শুই পৰিছে । বুকুৰ গাখীৰ বিচাৰি কেঁচুৱাহঁতে কান্দোনৰ গগন ফালিছে।
৩
কুহেলিকা
--- ৰানী, তোৰ ছোৱালী তোতকৈ মৰমলগা হৈ পৰিছে । মই থাকোঁতে তই চিন্তা নকৰিবি । তোৰ দৰেই মই চম্ভালিম তাইক ।
ছোৱালী জনীলৈ লুলুপ দৃষ্টিৰে এনেকৈ চাইছে যেন গিলিয়েই পেলাব তাইক। গাত কাপোৰ ল'বলৈ আৰম্ভ কৰা ছোৱালী জনীলৈ এনে দৃষ্টি দিয়া তাই সহ্য কৰিব নোৱাৰিলে ।
গতিকে আজি সাতটা বছৰে ৰানী জেইলত আলহি।
৪
অৱক্ষয়
পৰিয়ালৰ কেওকিছু নথকা তাই বোলে পাগল । কেতিয়াবা ৰাউচি যুৰি ওৰে নিশা কান্দে। কেতিয়াবা হাঁহে । মুখত অবাইচ মাত।
হিয়া-মনৰ সমস্ত সত্তাৰে ভাল পোৱা মানুহটোৱে তাইক এৰি অন্য এজনী তাইৰ পদূলি পাৰহৈ দৰা সাজি ঢোলে দগৰে আনি ঘৰ সোমোৱালেহি ।
সিয়েই আৰম্ভ কৰা শাৰীৰিক খেলখন তাইৰ বলিয়ালিৰ সুবিধা লৈ বহুতে খেলে আজিকালি। ফুলি উঠা পেটটোৰে তাই ঘূৰি ফুৰে চহৰৰ অলিয়ে গলিয়ে ।
বিভিষিকা
৫
আত্মীয়-স্বজন সকলোৰে ঘৰত খবৰ কৰি পাঁচদিন ধৰি শুং-সুত্ৰ নাপায় পুলিচতো জনালে। নাই যে নাই একো খবৰ পুলিচেও ওলিয়াব নোৱাৰিলে। বৰং পুলিচে আজে-বাজে প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিহে তুলিলে । পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছোৱালী জনী যেন বতাহতহে মিলি গ'ল।
চহৰৰ ৰাজপথেদি লক্ষ্য বিহীনভাৱে খোজকাঢ়ি ফুৰোতে হথাৎ এটা উৎকত গোন্ধ নাকত লাগিল । মানুহৰ ভীৰ ফালি আগুৱাই গ'ল । বস্তাত ভৰাই থোৱা এটা মৃতদেহ । যুৱতীৰ।
মিতালী শৰ্মা
শিমলুগুৰি
৯৯৫৪৬৫৪০৪৩
No comments:
Post a Comment