Showing posts with label মিতালি শৰ্মা. Show all posts
Showing posts with label মিতালি শৰ্মা. Show all posts

Tuesday, December 06, 2022

ক্ষুদ্ৰ গল্প:মিতালি শৰ্মা

 ক্ষুদ্ৰ গল্প             

                 কৰৱী- ভগৱানৰ ফুল

 

                     ৰজত -কৰবীৰ বিয়া  সপ্তাহচেৰেক হৈছেহে মাথোঁ । ন-ছোৱলী মানুহ। ওৰণী খন মূৰত থাকিব‌ই লাগে। গাঁৱৰ পৰিৱেশ  উপায় নাই। 

               ৰজত অকলশৰীয়া ল'ৰা , বয়স একৈশ পাৰ হৈ বাইশত সোমাইছে মাথোন। সৰুতেই ঘাট মাউৰা। সমন্ধীয় দদায়েকৰ লগতে ডাঙৰ দীঘল হৈছে । কৰিব পৰা হ'লত বাপেকে এৰি যোৱা ভেটিত ঘৰ এখন সাজি বিয়া পাতি বেলেগ কৈ থাকিবলৈ ঠিক কৰি দিছে । বিয়া পাতিবলৈ মন নাছিল তাৰ। মনে মনে গাঁৱৰ সিমূৰৰ নীলঐকান্তৰ  জীয়েক নয়নীক তাৰ মনে খাইছিল কিন্তু কবলৈ সাহস গোটাব নোৱাৰিলে কোনোদিন। যদিও দদায়েকে পছন্দ কৰা কৰৱীক ঘৰ সোমোৱলে আজিলৈকে তাইকো ভালদৰে মাতিব‌ই পৰা নাই। উমানে উমানে তাই যতনাই দিয়া ভাত চাহ খায় । উমানে উমানে হাট বজাৰ কৰি বস্তু যতনাই দিয়ে ।                                                                                         কামে বনে ল'ৰাটো ভাল । পঢ়া-শুনা নহ'ল। 

দদায়েক নিজৰেই অৱস্থা বেয়া । তাক যে ডাঙৰ দীঘল কৰিলে সেয়ে বহুত। চিপচিপিয়া বৰষুণত কাষৰ কাটি থাকোতে চাবে প্ৰতি কথাবোৰ পাগুলিছে সি । 

               জ‌পং কৈ শব্দটো শুনি পি ঘূৰি চালে । কৰবীয়ে তালৈ জলপানৰ টোপোলা লৈ আহিছে। তাৰ কাষৰ কাটিবলৈ বাকী থকা আলিগচত ভৰি দুটা দুফালে দি পিচল খায় তাই আলিটোৰ মাজতে বহি পৰিল । মূৰত লৈ অহা জাপিটো চিটিকি আঁতৰত পৰিলগৈ । ওৰণী খনো খহি পৰিল । তথাপি তাই মানুটোলৈ কঢ়িয়াই অনা এহাতে জলপানৰ টোপোলা আনহাতে চাহপানীৰ জগটো নপৰাকৈ ৰখালে।  ৰজতে লৰালৰিকৈ কোৰ খন এৰি তাইক ধৰিবলৈ দৌৰি আহাদি আহিল। বৰষুণজাক জোৰকৈ পৰিবলৈ ধৰিলে । কথমপি আলিটোতে টোপোলা টো থৈ থিয় হৈ তাই  চাদৰ খন ঠিক কৰি ল'বলৈ ধৰিলে। বৰষুণত তিতি তাই ইতিমধ্যে জুৰুলি জুপুৰি হ'ল । চাদৰ খন গাত লিপিত খাই পৰিছে। তিতা চাদৰৰ আঁৰত তাইৰ উঠন বুকুখনে বেয়াকৈ ধৰা দিছে। ডগমগীয়া সেন্দুৰৰ ফুটটো বৰষুণৰ পানী পৰি গোটেই মুখখনতে বিয়পি পৰি ৰাঙলী জনী হৈ পৰিল।  তাইৰ মুখলৈ চাই ৰজত অঁকৰা হ'ল । কৰবীক  তাৰ সৰগৰ অপেশ্বৰী হেন লাগিল । চাই যেন হেঁপাহ নপলাব তাৰ ।  চাদৰ খন ঠিক কৰি মূৰ ডাঙি চাওঁতে তাই তাৰ চকুৱে চকুৱে পৰিল । বৰ লাজ লাগি গ'ল তাইৰ। 

--"ঐ ৰজত কেতিয়ালৈ বোকা দিবি ? এইবাৰ ন-ছোৱালীয়ে ৰুব তুলিব । আমাক মাতিবি আকৌ সাউৰি খাবলৈ ।" গাঁৱৰে মৃনালে দূৰৰ পৰাই ৰিঙিয়াওতেহে ৰজতৰ তন্ময়তা ভাগিল। লাজ লাগিছিল তাৰো। আজান পুলকে দোলা দি গ'ল দুয়োৰে হিয়াত ।


                  মিতালী শৰ্মা

                    শিমলুগুৰি

অনুগল্প:মিতালি শৰ্মা

 অণুগল্প

                      ১          

                    কৃতজ্ঞতা

 

               হাতৰ বাতিটোত দহ টকীয়া নোটখন দিব খোজোঁতেই সোঁতোৰা-সোঁতোৰ গাল-মুখ আৰু অস্তি চৰ্মসাৰ শৰীৰেৰে থিয় হৈ থকা মানুহ জনৰ চকুত চকু পৰিল শ্যামলৰ । চকুহাল চোন বৰ চিনকি । বিনা বেতনে অৱসৰ লোৱা এইয়া যে গায়ন ছাৰ। জীৱনৰ অমূল্য সময় ল'ৰা ছোৱালী মানুহ কৰাকে জীৱনৰ ব্ৰত কৰি আজি পথৰ ভিখাৰী। 

        ভৰিত সাৱতি ধৰি সেৱা জনায় ছাৰক ভিতৰলৈ লৈ গʼল শ্যামলে । ছাৰ ম‌ই শ্যামল । আপোনাৰ ছাত্ৰ শ্যামল । গায়ন ছাৰৰ চকুত আনন্দৰ বন্যা ।

                    

                    ২

                  সংগ্ৰাম


     ৰাতিটো উৎসৱমুখৰ হৈ থকা নিষিদ্ধ গলিৰ জুপুৰিবোৰ এতিয়া  নিস্তব্ধতা বিৰাজমান। ৰাতিৰ কেঁচা মঙহৰ সোৱাদ বিচাৰি অহা সকলে দিনৰ পোহৰত সেই ফালে কেঁৰাহিকৈ চাবলৈও ঘিণ কৰে । ৰাতিটো পৰিশ্ৰম কৰা মাকবোৰ ভাগৰত শুই পৰিছে । বুকুৰ গাখীৰ বিচাৰি কেঁচুৱাহঁতে কান্দোনৰ গগন ফালিছে।

     

                 ৩

            কুহেলিকা


    --- ৰানী, তোৰ ছোৱালী তোতকৈ মৰমলগা হৈ পৰিছে । মই থাকোঁতে ত‌ই চিন্তা নকৰিবি । তোৰ দৰেই ম‌ই চম্ভালিম তাইক । 

  ছোৱালী জনীলৈ লুলুপ দৃষ্টিৰে এনেকৈ চাইছে যেন গিলিয়েই পেলাব তাইক। গাত কাপোৰ ল'বলৈ আৰম্ভ কৰা ছোৱালী জনীলৈ এনে দৃষ্টি দিয়া তাই সহ্য কৰিব নোৱাৰিলে ।

            গতিকে আজি সাতটা বছৰে ৰানী জেইলত আলহি।


                   ৪

             অৱক্ষয়


 পৰিয়ালৰ কেওকিছু নথকা তাই বোলে পাগল । কেতিয়াবা ৰাউচি যুৰি ওৰে নিশা কান্দে। কেতিয়াবা হাঁহে । মুখত অবাইচ মাত। 

         হিয়া-মনৰ সমস্ত সত্তাৰে ভাল পোৱা মানুহটোৱে  তাইক এৰি অন্য এজনী তাইৰ পদূলি পাৰহৈ দৰা সাজি ঢোলে দগৰে আনি ঘৰ সোমোৱালেহি । 

         সিয়েই আৰম্ভ কৰা শাৰীৰিক খেলখন তাইৰ বলিয়ালিৰ সুবিধা লৈ বহুতে খেলে আজিকালি। ফুলি উঠা পেটটোৰে তাই ঘূৰি ফুৰে চহৰৰ অলিয়ে গলিয়ে ।

     

                  বিভিষিকা

                     ৫

      আত্মীয়-স্বজন সকলোৰে ঘৰত খবৰ কৰি পাঁচদিন ধৰি শুং-সুত্ৰ নাপায় পুলিচতো জনালে। নাই যে নাই একো খবৰ পুলিচেও ওলিয়াব নোৱাৰিলে। বৰং পুলিচে আজে-বাজে প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিহে তুলিলে । পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছোৱালী জনী যেন বতাহতহে মিলি গ'ল।

            চহৰৰ ৰাজপথেদি লক্ষ্য বিহীনভাৱে খোজকাঢ়ি ফুৰোতে হথাৎ এটা উৎকত গোন্ধ নাকত লাগিল । মানুহৰ ভীৰ ফালি আগুৱাই গ'ল । বস্তাত ভৰাই থোৱা এটা মৃতদেহ । যুৱতীৰ।

                      মিতালী শৰ্মা

                      শিমলুগুৰি

                      ৯৯৫৪৬৫৪০৪৩

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...