Showing posts with label ক্ষুদ্ৰ গল্প. Show all posts
Showing posts with label ক্ষুদ্ৰ গল্প. Show all posts

Tuesday, December 06, 2022

ক্ষুদ্ৰ গল্প:মিতালি শৰ্মা

 ক্ষুদ্ৰ গল্প             

                 কৰৱী- ভগৱানৰ ফুল

 

                     ৰজত -কৰবীৰ বিয়া  সপ্তাহচেৰেক হৈছেহে মাথোঁ । ন-ছোৱলী মানুহ। ওৰণী খন মূৰত থাকিব‌ই লাগে। গাঁৱৰ পৰিৱেশ  উপায় নাই। 

               ৰজত অকলশৰীয়া ল'ৰা , বয়স একৈশ পাৰ হৈ বাইশত সোমাইছে মাথোন। সৰুতেই ঘাট মাউৰা। সমন্ধীয় দদায়েকৰ লগতে ডাঙৰ দীঘল হৈছে । কৰিব পৰা হ'লত বাপেকে এৰি যোৱা ভেটিত ঘৰ এখন সাজি বিয়া পাতি বেলেগ কৈ থাকিবলৈ ঠিক কৰি দিছে । বিয়া পাতিবলৈ মন নাছিল তাৰ। মনে মনে গাঁৱৰ সিমূৰৰ নীলঐকান্তৰ  জীয়েক নয়নীক তাৰ মনে খাইছিল কিন্তু কবলৈ সাহস গোটাব নোৱাৰিলে কোনোদিন। যদিও দদায়েকে পছন্দ কৰা কৰৱীক ঘৰ সোমোৱলে আজিলৈকে তাইকো ভালদৰে মাতিব‌ই পৰা নাই। উমানে উমানে তাই যতনাই দিয়া ভাত চাহ খায় । উমানে উমানে হাট বজাৰ কৰি বস্তু যতনাই দিয়ে ।                                                                                         কামে বনে ল'ৰাটো ভাল । পঢ়া-শুনা নহ'ল। 

দদায়েক নিজৰেই অৱস্থা বেয়া । তাক যে ডাঙৰ দীঘল কৰিলে সেয়ে বহুত। চিপচিপিয়া বৰষুণত কাষৰ কাটি থাকোতে চাবে প্ৰতি কথাবোৰ পাগুলিছে সি । 

               জ‌পং কৈ শব্দটো শুনি পি ঘূৰি চালে । কৰবীয়ে তালৈ জলপানৰ টোপোলা লৈ আহিছে। তাৰ কাষৰ কাটিবলৈ বাকী থকা আলিগচত ভৰি দুটা দুফালে দি পিচল খায় তাই আলিটোৰ মাজতে বহি পৰিল । মূৰত লৈ অহা জাপিটো চিটিকি আঁতৰত পৰিলগৈ । ওৰণী খনো খহি পৰিল । তথাপি তাই মানুটোলৈ কঢ়িয়াই অনা এহাতে জলপানৰ টোপোলা আনহাতে চাহপানীৰ জগটো নপৰাকৈ ৰখালে।  ৰজতে লৰালৰিকৈ কোৰ খন এৰি তাইক ধৰিবলৈ দৌৰি আহাদি আহিল। বৰষুণজাক জোৰকৈ পৰিবলৈ ধৰিলে । কথমপি আলিটোতে টোপোলা টো থৈ থিয় হৈ তাই  চাদৰ খন ঠিক কৰি ল'বলৈ ধৰিলে। বৰষুণত তিতি তাই ইতিমধ্যে জুৰুলি জুপুৰি হ'ল । চাদৰ খন গাত লিপিত খাই পৰিছে। তিতা চাদৰৰ আঁৰত তাইৰ উঠন বুকুখনে বেয়াকৈ ধৰা দিছে। ডগমগীয়া সেন্দুৰৰ ফুটটো বৰষুণৰ পানী পৰি গোটেই মুখখনতে বিয়পি পৰি ৰাঙলী জনী হৈ পৰিল।  তাইৰ মুখলৈ চাই ৰজত অঁকৰা হ'ল । কৰবীক  তাৰ সৰগৰ অপেশ্বৰী হেন লাগিল । চাই যেন হেঁপাহ নপলাব তাৰ ।  চাদৰ খন ঠিক কৰি মূৰ ডাঙি চাওঁতে তাই তাৰ চকুৱে চকুৱে পৰিল । বৰ লাজ লাগি গ'ল তাইৰ। 

--"ঐ ৰজত কেতিয়ালৈ বোকা দিবি ? এইবাৰ ন-ছোৱালীয়ে ৰুব তুলিব । আমাক মাতিবি আকৌ সাউৰি খাবলৈ ।" গাঁৱৰে মৃনালে দূৰৰ পৰাই ৰিঙিয়াওতেহে ৰজতৰ তন্ময়তা ভাগিল। লাজ লাগিছিল তাৰো। আজান পুলকে দোলা দি গ'ল দুয়োৰে হিয়াত ।


                  মিতালী শৰ্মা

                    শিমলুগুৰি

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...