Tuesday, February 07, 2023

পুতলা নাচ:ৰাহুল চেতিয়া

 পুতলা নাচ:





 পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়৷ পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা৷ পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে৷ এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতি অসমৰ অন্যতম প্ৰাচীন কলা-সংস্কৃতি হ’ল পুতলা নাচ৷ পুতলা শব্দৰ আভিধানিক অৰ্থ হ’ল আনৰ দাৰা পৰিচালিত হোৱা৷ একাদশ শতিকাৰ আগৰ পৰাই অসমত পুতলা নাচৰ প্ৰচলন আছিল৷ শংকৰদেৱৰ লেখনিতো পুতলা নাচৰ বিষয়ে প্ৰকাশ পাইছিল ‘গোপীক নচান্ত যেন চায়া পুতলাক’৷ আনকি সত্ৰতো পুতলা নাচৰ অভিনয় প্ৰদৰ্শন কৰাৰ বিষয়ে জানিব পৰা যায়৷ একাদশ শতিকাৰ পূৰ্বৰ পৰা কেইটিমান দশকৰ পূৰ্বলৈকে পুতলা নাচে এক অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ পুতলা নাচ৷ এই পুতলা নাচৰ পৰিসৰ বৃদ্ধি কৰি একাংশ সংস্কৃতিৱান ব্যক্তিয়ে এই সংস্কৃতিক পুতলা থিয়েটাৰৰ ৰূপ দিলে আৰু ভ্ৰাম্যমাণ ৰূপত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সংস্কৃতি প্ৰদৰ্শন কৰি গৈছিল৷ সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগতে বিভিন্ন উপলক্ষত পুতলা নাচ প্ৰদৰ্শন কৰা দেখা গৈছিল৷ কিন্তু সময় গতিশীল৷ সময়ৰ পৰিবৰ্তনৰ লগে-লগে সলনি হয় সভ্যতা-সংস্কৃতি৷ পাৰ হৈ যোৱা সময় অতীত হোৱাৰ দৰেই ক্ৰমাৎ অতীত হোৱাৰ উপক্ৰম হৈছে পুতলা নাচ৷ যান্ত্ৰিকতাৰ ধামখুমিয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা পুতলা নাচক কিন্তু জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী হৈছে ধেমাজি নিলখপুৰৰ এজন ব্যক্তি৷ যাদৱ ভৰালীৰ একান্ত অপ্ৰাণ চেষ্টাত ত্ৰিনয়ন পুতলা নাচ থিয়েটাৰ পুনৰ মূৰ দাঙি ২০২৩-২৪ বর্ষত নতুন উদমেৰে, ন-পুৰণি কলা-কুশলী লৈ আটক-ধুনীয়া তিনিখন নৃত্য নাতিকা, তিনিখন নাট ক্ৰমে:- সীতা হৰণ বালি বধ, বাসুদেৱ দৈৱকীৰ বাহি বিবাহ,সাবিতী সত্যবান পৰিবেশন কৰিবলৈ প্ৰস্তুতি চলাইছে।বিগত দুটা বছৰৰ কোৰোনাসৃষ্ট পৰিৱেশত হঠাতেই স্থৱিৰ হৈ পৰিল এই পুতলা থিয়েটাৰ সমূহত গৰিষ্ঠসংখ্যক পুতলা থিয়েটাৰ বন্ধ হৈ পৰিল৷ যিকেইখন চলি আছে যিকোনো মুহূৰ্ততে চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷  অতি শোচনীয় আৰ্থিক অৱস্থাৰে চলি থকা পুতলা নাচৰ এই সংস্কৃতিক যদি চৰকাৰে সহযোগিতা আগনবঢ়াই যিকোনো মুহূৰ্ততেই চিৰদিনৰ বাবে হেৰাই যাব এই সংস্কৃতি৷


✍️ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...