আৰম্ভণি : অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়।
জন্ম : বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত৷
শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল।
তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল।
দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ?" লাচিতে উত্তৰ দিলে, “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে"
তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক’ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী।
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।
মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিঙে যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।
No comments:
Post a Comment