Tuesday, November 22, 2022

ধনাইৰ মাক অ',আঘোণ পালেহি:ৰাজ ৰাহুল

 ধনাইৰ মাক অ',আঘোণ পালেহি

আঘোণ কাৰ বাবে আহে জানা নে ---?

আঘোণ আহে ----

কৃষকৰ ভাগ্যলিপি লিখিবলৈ,

পেটৰ ক্ষুধাৰ অগনি নুমুৱাবলৈ 

পকা ধানৰ ঠোকহৈ আঘোণ     

গপগপাই  আহে কৃষকৰ চোতাললৈ।


কৃষকৰ বুকু ডাঠ কৰি আঘোণ আহে।

দাৱনী ৰোৱনী হঁতৰ 

চিকচিকীয়া  কাঁচি খনৰ ধাৰত আঘোণ আহে।


 কান্ধৰ মেটমৰা ডাঙৰিটোৱে

ওঁঠত গৰ্বৰ হাঁহিটো দিবলৈ আঘোণ আহে।


ধনাইৰ মাক---

এইবাৰ  আঘোণে 'ল ভাৰ থ ভাৰ "

বিলাপ নোহোৱা  কৰিব।

 আশাৰ ঘৰখনত সুখবোৰ পিচলি পৰিব।


এইবাৰ আঘোণৰ স'তে 

বৰা জহাই  হাঁহিছে

ভঁৰাল ঘৰটোৱে পেটটো পোনাইছে

ন'ৰাবোৰৰ লাহী কঁকালৰ ভাজে ভাজে

আঘোণ আহিছে।


পিকৰঙা পথাৰ খনত 

হাঁহিৰ লেছেৰি বুটলি

আঘোণ আহিছে।

ধনাইৰ মাক- আমাৰ বাবেই আঘোণ আহিছে  ।


                     ✍️ ৰাজ ৰাহুল 

                    

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...