Tuesday, November 22, 2022

ধনাইৰ মাক অ',আঘোণ পালেহি:ৰাজ ৰাহুল

 ধনাইৰ মাক অ',আঘোণ পালেহি

আঘোণ কাৰ বাবে আহে জানা নে ---?

আঘোণ আহে ----

কৃষকৰ ভাগ্যলিপি লিখিবলৈ,

পেটৰ ক্ষুধাৰ অগনি নুমুৱাবলৈ 

পকা ধানৰ ঠোকহৈ আঘোণ     

গপগপাই  আহে কৃষকৰ চোতাললৈ।


কৃষকৰ বুকু ডাঠ কৰি আঘোণ আহে।

দাৱনী ৰোৱনী হঁতৰ 

চিকচিকীয়া  কাঁচি খনৰ ধাৰত আঘোণ আহে।


 কান্ধৰ মেটমৰা ডাঙৰিটোৱে

ওঁঠত গৰ্বৰ হাঁহিটো দিবলৈ আঘোণ আহে।


ধনাইৰ মাক---

এইবাৰ  আঘোণে 'ল ভাৰ থ ভাৰ "

বিলাপ নোহোৱা  কৰিব।

 আশাৰ ঘৰখনত সুখবোৰ পিচলি পৰিব।


এইবাৰ আঘোণৰ স'তে 

বৰা জহাই  হাঁহিছে

ভঁৰাল ঘৰটোৱে পেটটো পোনাইছে

ন'ৰাবোৰৰ লাহী কঁকালৰ ভাজে ভাজে

আঘোণ আহিছে।


পিকৰঙা পথাৰ খনত 

হাঁহিৰ লেছেৰি বুটলি

আঘোণ আহিছে।

ধনাইৰ মাক- আমাৰ বাবেই আঘোণ আহিছে  ।


                     ✍️ ৰাজ ৰাহুল 

                    

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...