🔴একপক্ষীয় ভালপোৱা
মোৰ একপক্ষীয় প্ৰেমিকজন এতিয়া মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে । তেওঁ এই মূহুৰ্তত অনলাইন আছে । প্ৰথম চিনাকি হোৱাৰ দিনবোৰ ..........
তেওঁৰ এটি এটি মেছেজত পালো ৰাতিৰ ৰাতিটো..........
সপোন ৰচা ক্ষণবোৰ..........
মনত আছে আজিও...... ।
এতিয়াও মাজে - সময়ে তেওঁ মোক হাই হেল্ল কয়.......
তেওঁৰ মেছেজবোৰ দেখিলেই অভিমানে ডিঙিৰ গুৰিত আহি খোপনি লয় ।
হিয়া উজাৰি ভালপাইছিলো ,
মোৰ উকা হৃদয়ত তেওঁৰ নাম লিখিছিলো ।
তেওঁৰ এটা মেছেজৰ বাবে ৰৈ ৰৈ প্ৰাতঃৰ পৰা অপৰাহ্ন কৰিলোঁ । কিন্তু তেওঁৰ পৰা এটি সহাঁৰিও নাপালো.......।
মাত এষাৰ নোপোৱাকৈ মই তেওঁক লৈ ঘৰ সজাৰ সপোন দেখিলো....কিন্তু তেওঁ মোৰ প্ৰত্যাশাক মোহাৰি হেৰাই গ'ল.........নাই নাই .........বহু দিন নাই ।
আৰু আজি তেওঁ প্ৰেয়সীৰ সৈতে মোৰ পদূলীত ভুমুকি মাৰিছে । মোৰ একপক্ষীয় প্ৰেমিকজন মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে কিন্তু তেওঁ যদি দুনাই মেছেজ কৰে মই কাহানিও আৰু উত্তৰ নিদিওঁ ।
তেওঁৰ মেছেজ আহিলে মোৰ ম'বাইলটোৱে নহয় হৃদয়খনো কম্পমান হয় , অভিমানে বুকুত থিতাপি লয় ।
যাৰ এটা মেছেজৰ বাবে মই এটি এটি দিন শেষ কৰিলো................ তেওঁ এতিয়া প্ৰেয়সীক লৈ মোক কিয় বাৰে বাৰে মাতিব আহে ?
তেওঁ মোৰ একপক্ষীয় প্ৰেমিক........
হোৱাটছএপত আজিও আছে তেওঁ । কিয় সহাঁৰি দিম মই সেই "হাই" , "হেল্ল"বোৰৰ । মই বাৰু "মই" হয়েই থাকিলো..... কিন্তু তেওঁ "তেওঁ" হৈ থকা নাই । বহুত সলনি হ'ল ।
✍️কাকলি দত্ত ।
দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
No comments:
Post a Comment