আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা
পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম । সমাজ সদায় পৰিৱৰ্তনশীল হৈ থাকে । তাৰ লগতে উচ্চ হাৰত সলনি হ'বলৈ ধৰিছে মানুহৰ মনবোৰ । আজি বেলেগ কথা প্ৰকাশ কৰিব বিচৰা নাই । নিজেই সন্মুখীন হোৱা কিছুমান ঘটনাৰ বিষয়ে লিখিবলৈ লৈছো ।
বৰ্তমান বিজ্ঞানৰ যুগ , প্ৰতিযোগিতাৰ যুগ । সকলোবোৰ প্ৰতিযোগিতাৰ ভিতৰত জ্ঞান আহৰণো সাঙুৰ খাইছে । সকলোৱে জ্ঞাত যে কিবা এটা চাকৰিয়েই হওঁক বা অন্য কাম কৰিবলৈ হ'লেও নম্বৰ লাগে সঁচা । কিন্তু তাৰ মানে এইটো নহয় যে শিক্ষা অৰ্জনৰ বিপৰীতে অকল নম্বৰ সংগ্ৰহ কৰিব লাগে । মানুহবোৰে কিয় আজিকালি কেৱল নম্বৰৰ লগত লাগে । তেওঁলোকে ভৱা উচিত যে শিক্ষাৰ্থীয়ে নম্বৰ লাভ কৰাই নহয় তেওঁলোকৰ আন বহুতো প্ৰতিভা থাকে কিন্তু কিছুমান হেচাৰ বাবে তেওঁলোকে সেই আশাবোৰ বৰ্জন কৰিবলগীয়া হয় । তাৰ বাবে দায়ী কোন ? বৰ্তমানৰ সমাজখনেই নহয় জানো ? বৰ্তমান সকলোৱে নম্বৰৰ পাছত দৌৰিছে । নম্বৰ পোৱাক লৈও পাৰ্টি কৰে । আজিকালি শিক্ষাৰ মূল উদ্দেশ্যে কেৱল এটা চাকৰি লাভ কৰা । এইখিনিতে উল্লেখ কৰা ভাল যে আগৰ দিনত আজিৰ দৰে পকী বিদ্যালয় নাছিল । সেই সমাজখনৰ মূল উদ্দেশ্যে এটা চাকৰি নাছিল । উদ্দেশ্যে আছিল সৰ্বোৎপৰকাৰে জ্ঞান অৰ্জন কৰি দেশৰ উন্নতি কৰে । তেওঁলোকে জানিছিল যে দেশৰ উন্নতি হ'লেহে তেওঁলোকৰ উন্নতি হ'ব । পুৰণি শিক্ষা ব্যৱস্থাৰ লগত আজি কালি শিক্ষা ব্যৱস্থাৰ আকাশ- পাতাল পাৰ্থক্য আছে । সহজ অৰ্থত ক'বলৈ হ'লে আজিকালি সকলোকে নম্বৰ লাগে । কিন্তু মোৰ বোধেৰে সেইটো ভুল ধাৰণা । মই সন্মুখীন হোৱা দুটামান ঘটনাৰ উদাহৰণ দিওঁ ।
উদাহৰণ ১ - ২০২২ বৰ্ষৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ কথা । তিনি নম্বৰৰ ক্লাছ । বিজ্ঞান আছিল । ছাৰ আহি নানা প্ৰশ্ন কৰিলে , তাৰ মাজতে তেওঁ প্ৰশ্ন কৰিলে 'পদ' মানে কি ? প্ৰশ্নটো শেষ কৰিয়েই লগে লগে শ্ৰেণীৰ চোকা ল'ৰাটোলৈ চালে । সি পৰা নাই উত্তৰ দিব । আমি উত্তৰ দিলো যে পদ মানে ভৰি । নাই নুশুনে । এইবাৰ ক্লাছৰ শেষৰ নম্বৰৰ ল'ৰাজনে উত্তৰ দিলে । ছাৰ পদ মানে ভৰি । নাই নুশুনে । কিয়নো তেওঁ চকু চোকা ল'ৰাটোৰ ওপৰত । প্ৰচণ্ড খং চোকা ল'ৰাটোৱে পৰা নাই । আমিও কথাষাৰ অলপ চিন্তা কৰিলো । মনলৈ ভাব আহিল চোকা বুলিয়ে সকলো পাৰিবই লাগিব বুলি কি কথা আছে বা পঢ়াত অলপ দুৰ্বল আন এজনে উত্তৰ দিলে কিয় আওকাণ কৰে ? ইয়াত কিহৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হৈছে ? জ্ঞান অৰ্জন কৰিবলৈ নে কেৱল নম্বৰ পাবলৈ ? এটা ডাঙৰ প্ৰশ্ন ।
উদাহৰণ ২ - সেইদিনা মোৰ ক্লাছ বাৰ বজাত শেষ হৈছিল । মুকুল শ্ৰেণীৰ সৰু কণমানি ল'ৰা এজন মোৰ গাড়ীতে বহি আছিল । ইমানেই শান্ত মৰম লাগে ল'ৰাজনলৈ কিন্তু কথা নকয় বুলিয়েই ক'ব পাৰি । অচিনাকি ভাইটিটোৰ নাম সুধি লৈ বহী এখন খুজিলো চাওঁ বুলি । সি বিনা সংকোচে অসমীয়া বহীখন উলিয়াই দিলে । চালো ভালকৈ । বয়সৰ অনুপাতে আখৰবোৰো ভাল । হঠাতে চকু পৰিল অসমীয়া ব্যঞ্জনবৰ্ণৰ ( ড় ) আখৰটোত । সাধাৰণতে সৰু ল'ৰা - ছোৱালীক কোৱা হয় যে প্ৰথমতে ড টো লিখা তাৰ পাছত তাৰ তলতে ( • ) ফুটটো দিবা । ভাইটিটোৱে লিখিছে (ড•) এনেকৈ । কিন্তু প্ৰকৃততে হ'ব লাগে ড় । মই আচৰিত হ'লো । দুখন পৃষ্ঠা তেনেকৈয়ে লিখিছে আৰু আচৰিত কথা যে তাৰ কাষতে আছে শিক্ষকৰ চহী । তেনে ক্ষেত্ৰত কিহক প্ৰাধান্য দিছে । নম্বৰ নে জ্ঞান অৰ্জনক । ভাইটিটোক পেঞ্চিলডাল উলিয়াবলৈ দি ভালকৈ লিখি দিলো আৰু ক'লো যে - এইটো এনেকৈ লিখিবা । (ড•) এনেকৈ লিখিলে ভুল হ'ব আৰু লগতে ক'লো যে মা - দেউতাক বহীখন দেখাই ক'বা যে বা এজনীয়ে লিখি দিছে বুলি । এই কথাষাৰ এই কাৰণেই ক'লো যে বৰ্তমান আমাৰ অভিভাৱকসকলেও নম্বৰক বেছি গুৰুত্ব দিয়ে । কিমান জ্ঞান লাভ কৰিছে তেওঁলোকৰ সুধিবলৈ আহৰি নাই । লাগে মাথোঁ নম্বৰ । তেনে ক্ষেত্ৰত ল'ৰা - ছোৱালীৰ মগজু বিকাশ হ'বনে ? কিয় নামি পৰিছে সকলো নম্বৰৰ প্ৰতিযোগিতাত । দেশৰ লগতে দহৰ উন্নতি হ'বনে এনেকৈ ? প্ৰতিভা বিকাশৰ সুবিধা পাবনে সকলোৱে নে নম্বৰেই সকলো প্ৰতিভা বিকাশ কৰিব । এটা ডাঙৰ প্ৰশ্ন আজিৰ শিক্ষা ব্যৱস্থা কোন দিশে ? কিয় প্ৰাধান্য দিছে নম্বৰক । সকলোৰে কিছুমান নিজস্ব প্ৰতিভা আছে সেইবোৰ বিকাশ কৰিবলৈ সুবিধা দিয়ক । নহ'লে ভবিষ্যত এন্ধকাৰৰ দিশে গতি কৰিব । মই জ্ঞান অৰ্জনক হে প্ৰাধান্য দিওঁ কাৰণ জ্ঞান থাকিলেহে দহৰ উন্নতি কৰিব পাৰিম আৰু দহৰ উন্নতি হ'লেই মোৰ উন্নতি হ'ব । নম্বৰক লৈ মই কোনোদিনেই প্ৰতিযোগিতাত নমা নাই । সকলোৱে অলপ হ'লেও আনৰ উন্নতি কথা চিন্তা কৰক , নম্বৰক নহয় জ্ঞান অৰ্জনক প্ৰাধান্য দিয়ক । এগৰাকী শিক্ষাৰ্থী হৈ মই সকলোকে অনুৰোধ কৰিছো সকলোকে প্ৰতিভা বিকাশৰ সুবিধা দিয়ক , নম্বৰক নক্ষয় জ্ঞান অৰ্থাৎ শিক্ষা অৰ্জনক প্ৰাধান্য দিয়ক । আমি সকলো সমান সেয়েহে পঢ়াত দুৰ্বল বুলি কাকো নিৰুৎসাহ নকৰি ভবিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাওঁক ।
✍️কাকলি(কাকু) দত্ত ।
দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
No comments:
Post a Comment