দ্বিতীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহ তৃতীয় সংখ্যা
কবিতা শিতান
🔴আকৌ বৰষুণজাক আহিছে
বৰষুণ ভাল পাওঁ যদিওআজি নিতিতো দিয়া ।তুমি কাষত নাই যে,সেইবাবে হয়তোবৰষুণজাকো নিৰস আজি।তোমাৰ কাষত থকা শেষ দিনটোআজিও পাহৰা নাই মই।সেইদিনাও বৰষুণ দিছিলঠিক আজিৰ দৰেই।আৰু তুমি মইবৰষুণৰ পানীৰ লগতে উটুৱাই দিছিলোঁআমাৰ চকুপানীবোৰ।সেইদিনা তুমি আঁতৰি যোৱাৰ পিছতবৰষুণজাকো গুচি গৈছিল জানামোক অকলে এৰি।আৰু আজি ইমান দিনৰ মূৰতআকৌ আহিছে বৰষুণ মোৰ কাষলৈ।মোলৈ চাই আজি বৰষুণে অতহাস্য কৰিছে।মোক যেন কৈছে চিঞৰি চিঞৰিচোৱা আজি মই আহিলোঁ আকৌতোমাৰ শুকাই যোৱা চকুলোক বোৱাবলৈ,তুমি তোমাৰ প্রিয়জনে মোৰ সৈতে পাৰ কৰামধুৰ সময়বোৰআকৌ মনত পেলাই দিবলৈ।।কুকী মহন্তমৰাণ,ৰাঙলী।
******************************************************************🔵অপেক্ষা
আজি বহু দিনৰ মূৰততেওঁক লগ পালোঁ,আৰু ক'লে ---" তুমি মোক পাহৰিযোৱা নাই নহয় ?বহু দিন ৰৈ আছোতোমাৰ অপেক্ষাত,মোৰ পৰা কিবাবিচাৰিবা বুলি,কিন্তু তুমি যে, মোৰ পৰাএকো বিচৰাই নাই।"এয়া, আজি তোমাৰ পৰাএটা মাথোঁ উত্তৰ বিচাৰিছোকোৱা......,হ'বানে তুমি মোৰ জীৱন বাটৰ লগৰী?✍️ নয়ন জ্যোতি পাটৰমৰিগাঁও ( মিকিৰভেটা) ওৱাবড়িএকাদশ শ্ৰেণী__________________________________________________________________________________________
⚫️তুমি
তুমি মোৰ কোন নাজানো,কিন্তু এদিন কথা নহ'লে যেনঅস্তিৰ অস্তিৰ লাগে হৃদয়খন।তুমি কোন?জানিবৰ ইচ্ছা নাই,কিন্তু তুমি অবিহনে যেনআজিকালি একোই ভাল নালাগে।মোৰ তিক্ত হৃদয়খন আজি চঞ্চলসপোন দেখিবলৈ আৰম্ভ কৰিছে,কেৱল মাথোঁ তোমাকলৈ।নাজানো তুমি মোক কি ভাবা,মইও নাজানো তোমাক কি ভাবোঁ।আজিকালি বিৰক্তি পাইমোৰ প্ৰতি শিৰে শিৰেমাথোঁ তোমাৰ কণ্ঠৰ মধুৰ শব্দ শুনিবলৈ।কেনেকৈ জানো আপোন হৈ গ'লাসোমাই গ'লা মোৰ অতিমৰমৰ হৃদয় দাপোনৰ গভীৰত।কেতিয়াবা ভাবোঁ তোমাৰ লগত আৰু কথা নাপাতোঁ,কিন্তু কি কৰিম নোৱাৰোঁতোমাৰ অবিহনে থাকিব।মোৰ হৃদয়ে,অনুভৱে, কল্পনাতে,সপোনতে,তোমাকেই দেখা পাওঁআৰু তোমাকেই যেন বিচাৰে।বুকুখনৰ স্পন্দনে তোমাৰ ঢেউপ্ৰতিখনে অতিবাহিত কৰে,তুমি বাৰু কোনইমান যে কিয় হ'লা আপোন।✍️ শিল্পী দাসভালুকমাৰী ৰাণীপুখুৰী, হোজাই(অসম)ছাত্ৰী, বাণিজ্য শাখাচতুৰ্থ ষান্মাসিকলংকা মহাবিদ্যালয়
******************************************************************
🔵কোনেনো নাজানে
দুখীয়াৰ দুখ বুলিকোনেনো নাজানে,তথাপিও দুখীয়াককোনেও সুখ নিদিয়ে।ভিক্ষাৰী ক্ষুধাৰ্ত বুলিকোনেনো নাজানে,তথাপিও ভিক্ষাৰীককোনেও খোৱাৰ নিদিয়ে।পাগলৰ ঘৰ নাই বুলিকোনেনো নাজানে,তথাপিও ঘৰত আনিকোনেও থাকিব নিদিয়ে।ধনীৰ সকলো আছে বুলিকোনেনো নাজানে,তথাপিও কিবা বিচাৰিলেকিয় জানো দিয়ে।ধনেৰে নহয় মনেৰে হয়কোনেনো নাজানে,তথাপিও সকলোৱে ধনেৰে কৰেকিয় জানো মনেৰে নকৰে।নম্বৰত নহয় ব্যৱহাৰত জ্ঞানকোনেনো নাজানে,তথাপিও নম্বৰতেই বিবেচনা কৰেকিয় জানো সকলোৱে আজি অজ্ঞান।✍️ শিল্পী দাসভালুকমাৰী ৰাণীপুখুৰী, হোজাই(অসম)ছাত্ৰী, বাণিজ্য শাখাচতুৰ্থ ষান্মাসিকলংকা মহাবিদ্যালয়******************************************************************
🔴মোৰ বহী
✍🏻ৰুম্পী দাসভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম)বহী মোৰমন কৰিম চুৰ ;প্ৰেমত পগলা তোৰ ।লিখিম ফাগুনেৰাখিম যতনে ;তোমাৰ কাৰণে ।আপোন হৈ থাকিমসদায় হৃদয়ত ৰাখিম ;মোৰ চকুত তোমাক আঁকিম ।তোমাৰ প্ৰেম পাহৰি নাযাও সঙতে কেতিয়াবা ভাত নাখাওঁ ;মনতে ৰাখিবা এৰি নাযাওঁ ।।******************************************************************
🔴অপেক্ষা
✍🏻ৰুম্পী দাসভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)জীৱনটো অপেক্ষাকৃত ,আৰম্ভণি অপেক্ষাৰেআজিও কৰিলো অপেক্ষাকালিও কৰিম অপেক্ষাআজীৱন অপেক্ষা ।শব্দবিহীন অপেক্ষাশেষবিহীন অপেক্ষাকৰিম অপেক্ষা ,থাকিম অপেক্ষাত ।দেখোঁ অপেক্ষাৰেকৰোঁ অপেক্ষাৰেবুজোঁ অপেক্ষাৰেভাবোঁ অপেক্ষাৰেখুজোঁ অপেক্ষাৰেথাকোঁ অপেক্ষাৰেমৰোঁ অপেক্ষাৰেঅপেক্ষা অপেক্ষামাথোঁ তুমি অবিহনে ,মই অপেক্ষাকৃত ।।
******************************************************************
🔵নিয়ন্তা
এবাৰ বাট এৰি দিয়াতেওঁ গুছি যাওঁক ,গুছি যাওঁক কোনোমন্ত্ৰ পুথিৰ ভঁৰালত ।অস্তামিত আবেলিৰ বুকু ফালিউটি অহা নৈখনগাভৰু হওঁক শাওণৰভৰ বাৰিষাৰ প্লাৱনত ।প্ৰাচীন কালৰ ঋতুমতী পৃথিবীপাৰত আঁচোৰা ঢৌতযদি গুছি আহেশেষ প্ৰান্তৰ তীৰত ,মাতিবা নে তুমি তাকনিয়ন্তা বুলি!!!--মাৰ্জিনা বেগম ।
******************************************************************
🔴_মানুহ কটা মানুহৰ কথা_
শুনিবলৈ হয়তোঁ বেয়াকিন্তু, মানুহেই মানুহক কাটিছেমানুহেই মানুহৰ মাজতনিকৃষ্টতাৰ পৰিচয় দিছেনিকা মজিয়া খনকবাৰে বাৰে লেতেৰা কৰিছেজীৱশ্রেষ্ঠ মানৱে আকৌমানৱতাবাদৰ জয়গান গায়কিন্তু, মানৱীয়তা কি?তাকেই নাজানে।এচামে আকৌ নিজ স্বাৰ্থতআত্মীয়ক হত্যা কৰিছেনিজকে বচাবলৈকি যে কৰা নাই সিহঁতেইমান নিকৃষ্ট হ'ব পাৰে নে মানুহহত্যাও কৰেঅভিনয়ো কৰে আকৌনিজকে নিৰ্দোষী প্রমাণ কৰিবলৈনকৰিবনোঁ কিয়তাতে আকৌ,মানুহ কটা মানুহৰ কথা।জয় বড়াশিৱসাগৰ
******************************************************************
⚫️সহাঁৰি বিহীন ভালপোৱা
প্ৰভাতী সুৰুযৰ ৰাঙলী কিৰণেনিশাবোৰ নমাই আনিছে,এনেদৰেই প্ৰতিদিনে পুৱাৰ শেষতনিশাবোৰ নামি আহিছে ।পিছে মোৰ হে তোমাক লৈ দেখা সপোনবোৰেআজিও দিঠকৰ বাট বিচাৰি পোৱা নাই ।তোমাৰ অপেক্ষাত থকা দিনবোৰআজিও যেননিশাৰ জোনটোৰ দৰে নামি অহা নাই ।তোমাৰ প্ৰতি থকা মোৰ ভাল লগাবোৰআজিও বেয়া লগা কৰিব পৰা নাই,নাজানো কি যাদু আছিলতোমাৰ সেই মোহনীয় সৌন্দৰ্যতাত ।তোমাৰ সেই স্বৰ্ণিল চকুযোৰিআৰু তোমাৰ সেইভাজলগা মুখৰ মিচিকিয়া হাঁহিটিআজিও মোৰ চকুৰ আগত ভাঁহি উঠে ।তোমাৰ সুখত সুখী হোৱাতোমাৰ এই প্ৰেমিকেআজিও তোমাক পাহৰিব পৰা নাই ।কিয় নাজানো ?তোমাৰ চকুলো দেখিলেৰাতিৰ নিৰ্জনতাত মোৰ চকুৰেওবৈ আহে দুধাৰি চকুলো ।পিছে তোমাৰ জানো এনে হয় ?নহয়....।জানো তোমাৰ এনে নহয় ।কিয়নো, তুমিহে মোৰ ভালপোৱামই টো নহয় তোমাৰ ।আজিও জানা.....তোমাৰ সমস্ত ঘাট-প্ৰতিঘাট বোৰআজুৰি আনি মোৰ কৰিব মন যায়আৰু বিলাই দিব মন যায়মোৰ সুখ, ভাল লগাবোৰতোমাৰ মাজত ।তোমাৰটো এনে নহয়,কিন্তু মোৰ এনে কিয় হয় ?হয়তো তোমাৰ সহাঁৰি অবিহনেওতোমাক ভাল পাওঁ বাবেই ।✍🏻বিৰাজ বল্লভ নাথখগা, লখিমপুৰ
******************************************************************
🔴সঁচাবোৰ
✍🏻 ৰুম্পী দাসভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)সত্য সচাঁবোৰতেজাল কাহিনীবোৰসুন্দৰ অনুভৱবোৰগভীৰ কামনাবোৰঅসীম বেদনাবোৰহতাশা মনবোৰহাহাকাৰ হৃদয়বোৰমায়াৱী চকুবোৰনিমেষিত ছাঁবোৰঅশান্তিময় আত্মাবোৰঅকল্পিত ভাগ্যবোৰক্লান্তময় সাধনাবোৰবিষাক্ত মায়াবোৰস্মৃতি কথাবোৰচিৰস্থায়ী কৰ্মবোৰক্ষণস্থায়ী ৰূপবোৰবৃহত্তম আশাবোৰঅসত্য সপোনবোৰদ্রুতগামী কাণবোৰস্পষ্টবাদী মুখবোৰচলিত সময়বোৰ ,ধৈর্য্যময় জীৱনবোৰ ।।
******************************************************************
🔵আহ্বান ।
কবিতা কেৱলঅনুভৱৰ প্ৰকাশ নহয়কবিতা মোৰ শানিত অস্ত্ৰগঢ়ি পিতি ধাৰাল কৰোঁ যুদ্ধৰ বাবেকবি বন্ধুতুমিও আহাঁ কবিতাৰ অস্ত্ৰ লৈএকেলগেসূচনা কৰোঁ এখন মহাযুদ্ধসংস্কাৰৰ যুদ্ধ ।চেতনাৰ কবচ পিন্ধিশব্দ ব্ৰহ্মৰ পৰা দধিচিৰকামিহাড়েৰে বৰ্জ বনাওঁ।কিমাননো আৰু প্ৰেমৰ কথা নাপাতাআহাঁ আমি যুদ্ধৰ কথা পাতোঁসুৰৰ দেউলতঅসুৰ বধৰ আখৰা কৰোঁ ।কবি বন্ধুআহাঁ আমি জন্মদিওঁস্ফুলিংগৰ দৰে শব্দদেশৰ বাবে শব্দমানুহৰ বাবে শব্দতেজাল শব্দৰে সৃষ্টি কৰোঁকবিতাৰ শৰীৰ।
ৰাতুল চেতিয়া ফুকনচৰাইদেউ।******************************************************************
⚫️কিমানৰ মানুহ তুমি
✍️ আয়নাল চৌধুৰীকিয় ভাবাহেনিজে বৰ মানুহ বুলি ?চুৰিয়াৰ বৰফেৰত উজুটি খাইপৰিলেহে গম পাবাকিমানৰ মানুহ তুমি ।যদি প্ৰশংসাই বিচাৰাতেনে নিজকে নিজে নকৰিবা প্ৰশংসাযদি আদৰেই বিচাৰাতেনে তাৰ যোগ্যতাও অৰ্জন কৰা ।তুমি থকা পৃথিৱীখনতআৰুতো বহুলোকেই আছেকোনে জানে--কিজানি তোমাৰেই গতি-বিধিতেওঁলোকে নখ-দৰ্পনত ৰাখিছে।আচলতে কি জানা,তুমি কেতিয়াও নাভাবিবানেপথ্যৰ নায়ক হৈনিজৰ স্থিতি বজাই ৰাখিবলৈতুমি সক্ষম বুলি।জটিল পৃথিৱীপ্ৰতিযোগিতাৰ ধাম-খুমীয়াতসকলোৱে বিচাৰে আনৰ খুটি-নাটিনিজক সফল বুলি দেখুৱাবলৈ যাওতেআনৰ দুৰ্বলতাকবলেৰে আনে টানি-আঁজুৰি !নিজে নজনাকৈ আনৰ দৃষ্টিতকোন, কেতিয়া দোষী হৈ পৰেতাৰ খবৰ কোনে ৰাখে ?সেয়ে নিজে বৰ মানুহ বুলিভুলতো নাভাবিবাচুৰিয়াৰ বৰফেৰত উজুটি খাই পৰিলেইকিমানৰ মানুহ তুমিভালদৰে গম পাবা...।
******************************************************************
🔵পৰিৱৰ্তন
এজাক উন্মুক্ত বতাহ আহিলহিলদল ভাঙিকথা পাতিল ইটো-সিটো বহুতোনিমিষতে সলনি হ'ল বহু কিবাভিকহু হ'ল আঢ্যৱন্তডাল-দৰিদ্ৰ আজি মাতব্বৰঅৱহেলিত প্ৰজ্ঞাৱান।দাওদাওকৈ জ্বলি উঠিল সেই জুইশিখাযি তাহানিৰে পৰাই লৈছিল বিশ্ৰামহয়তো লুকায়িত আছিল সূৰুযৰ কিৰণতহৃদয়ে হৃদয়ে বাস লৈ জ্বলাইছেঘৰ-বাৰী,আলিবাট,সমাজ কিম্বা দেশ,চৌপাশৰ প্ৰদূষণে দিনকদিনে বৃদ্ধি কৰিছেঅমাৱস্যাৰ গৰ্ভত জন্মা জুইশিখাহৈছে পৰিৱৰ্তন সৱতে।শান্ত-শিষ্ট, হৃষ্টপুষ্ট ধৰণি খনকেতিয়া আৰু কেনেকৈ অশান্ত হ'লগমকে নাপালোঁ,হিংসাৰ ধোৱাই ছানি ধৰিছেআচৰণ কৰিছে নিস্তব্ধতা ভাঙি নিশাবোৰেদিৱস সদৃশ,জোনাকৰ কিৰণত আন্ধাৰৰ ৰাজত্বদুঃস্বপ্নত পৰিণত হৈছে ৰঙীন সপোনবোৰএক নিৰৱধি পৰিৱৰ্তন।মিলাপ্ৰীতিৰ এনাজৰী ডাল বৰকৈ আহত হৈছেচতুৰ হৈছে হোজা মানুহবোৰপঁজাবোৰ অট্টালিকাসু-স্বাদুৰ গাঁৱলীয়া হোটেলবোৰ ৰেষ্টুৰেন্ট হ'লআধুনিক হৈছে সকলোআনকি,পিতাই, মাকক ডেট-মম কোৱা হৈছেহাই, হেল্লুই দখল কৰিছে সমাজৰ চুক-কোণ,নাৰী সৰবৰাহৰ যোগেদিবানিজ্যৰ অভিলেখ ৰচে প্ৰায়েকি সুন্দৰ পৰিৱৰ্তন!বিকশিত হৈছে বৃদ্ধ ধৰিত্ৰীসঘনে ক্ৰন্দন কৰেগছ-লতা কিম্বা নিষ্পাপ পশু-পখীবোৰেআজিকালি ৰাস্তাৰ কাষৰ সেই পাগলীজনীবৰকৈ হাঁহেশিক্ষাই গগণ চুইছেসু-সজ্জিত হৈছে বৃদ্ধ আশ্ৰমবোৰপাৰবোৰ ঘৰৰ মূধচত নবহা হ'লউদ্যানবোৰ ভৰি পৰিছে গোন্ধহীন ফুলেৰেৰসাল হাঁহিবোৰ শুকান হৈছেঅনেক পৰিৱৰ্তন চৌদিশে!প্ৰেমৰ খেলপথাৰত অনুষ্ঠিত হয়হিয়া ভঙা খেলকত অভিনয়, কত ফাঁকিবাজহত্যা, লুন্ঠন কিম্বা ধৰ্ষণমানৱতাই চকুলো টুকে প্ৰতিনিতআন্ধাৰৰ কবলত জ্যোতিয়ে ককবকাইছেকি যে পৰিৱৰ্তন!সঁচাকৈয়ে এক অনন্য পৰিৱৰ্তন।
বাহাৰুল ইছলাম (শিক্ষক)বালিজান, মৰিগাঁওম'বাইল- 9577517490*********************************************************
🔴সৰা পাতৰ বিননি
✍️ছেলিমা বেগম।শৰত ঋতুক বিদায় দি গছৰ পাতে বিলাপ জুৰিছে,হায়ৰে! আমাৰ বিননি শুনিব কোনে?আমি পাতবোৰ যে বুঢ়া হৈ আহিছোঁআমাৰ যে মৃত্যু অনিচ্ছাকৃত বাবে হয় ।কোনোৱে আমাক গচকি থৈ যায়জাবৰৰ লগত মিহলাই দিব।সৰা পাতে কাণে কাণে ফুচ্ ফুচ্ কৰি কৈ দিমফাগুন আহিছে বলিয়া বতাহ জাকেউৰুৱাই নিব ,নাচি নাচি উৰি উৰিফাগুনৰ গীত গাই গাই ধৰণীকস্বাগতম জনাই থাকিম ,ফাগুন আহিছেবৃক্ষ বিৰিণা ইনাই বিনাই কান্দিবলৈ ধৰিলে ।সৰা পাতৰ শব্দ কাণত বাজেনূপুৰ পিন্ধি ধৰণীৰ বুকুতবিচৰণ কৰিম ,সৰা পাতৰৰুন -জুন শব্দ ধৰণীকমতলীয়া কৰি ফাগুনক বলিয়া কৰিম ।উত্তৰৰ পৰা দক্ষিণলৈ বলাপচোৱা বতাহ জাকে উৰুৱাইনিব ধৰণীৰ বুকুৰ পৰালাজৰ চাদৰ আমি সৰা পাতেভূ -মণ্ডলত দলিছা পাৰি দিমচাই চাই হাঁহি থাকিব ফাল্গুনি বায়ে।●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●
🔵বিচিত্ৰ মায়াৰ পুৰী
বিচিত্ৰ মায়াৰ পুৰীতকোন পৰ কোন আপোন,মানৱী জনম লৈইয়াতেই দেখে সবেজীয়াই থকাৰ ৰঙীন সপোন।কেও হয় মুখা পিন্ধা ভদ্ৰ সাধুজনঅন্তৰত বিশ্বাসঘাতকতাৰ মনোভাৱ লৈওপৰে ওপৰে হয় প্ৰিয়ভাজন।মিষ্ট ভাষাৰে আকৃষ্ট কৰেবহুজনৰেই মন,ওপৰে পানী ঢালিতলে তলে গুৰি কটাৰ লেখিয়াকৈনষ্ট কৰে বহুতৰে জীৱন।ৰঙীন সপোনবোৰ পোখা মেলি ধৰোঁতেইচকুৰ আগত হয় থানবান,সেয়ে হোৱা মানৱ নিজেই সজাগনিজৰ সপোন নিজেই দিঠক কৰিবলৈনিজেই হোৱা যত্নবান।কাৰোবাৰ সহায় লৈ নহয় কেতিয়াওনিজৰ সপোন পূৰ,আনক ঠগি নিজৰ জীৱন গঢ়োঁতাস্বাৰ্থপৰে হৈ আছে পৃথিৱীখন ভৰপূৰ।
✍️মাৰজিয়া আহমেদনগাওঁ (অসম)
●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●
অণুগল্প শিতান
ভেকছন
--বীনা দেবী-মৰিগাওঁ
ল'ৰাটোৰ ছদ্মবেশ বোৰত মাকৰ হাঁহি হাঁহি পেট বিষাই গৈছে।
স্কুলত ভেকছন প্ৰতিযোগিতা পাতিছে।মাকক সি বেলেগ ৰূপত সাজি দেখাইছে।এবাৰ মাইকী হৈ আহিছে,এবাৰ বামুন হৈ আহিছে,এবাৰ বিহাৰী হৈ,এবাৰ মুছলমান হৈ ইত্যাদি ইত্যাদি ।
মুঠতে ভেকছনত সি পুৰস্কাৰ লবই।
----হয়তো এয়া জীৱনৰ নাটৰ আখৰা।কি প্ৰয়োজনত কেতিয়া কি ৰূপেৰে জীৱনত ভেকছন কৰিব লগা হয় একো ঠিক নাই।কিন্তু মাকজনী মাকেই।মৰমৰ মাকজনীৰ অনুভৱত হিয়াৰ দাপোনত সন্তানৰ শব্দ, অংগী- ভংগী ,আচাৰ- আচৰণ সকলো অংকিত কৰা থাকে।সকলো ভেকছনেই হাৰ মনাই জনঅৰন্য খনত মাকে তাক বিচাৰি পাবই।সেই দিনটোত আচৰিত হৈ সি অনুভৱ কৰিব মাকৰ মৰমৰ গভীৰতা।
No comments:
Post a Comment