Thursday, June 29, 2023

অনুভৱ:দেইজী কাৰ্খ বৰদলৈ

 অনুভৱ



অকলশৰীয়া মূহুৰ্তত তোমাক সোৱৰিবলৈ চিঠি এখনৰ বৰ প্ৰয়োজন অনুভৱ কৰোঁ। প্ৰেমৰ বৰষুণে তিয়াই পেলোৱা চিঠি এখনৰ মাদকতাই সুকীয়া। কিন্তু, বৰ যান্ত্ৰিক হৈ পৰিছো আমিবোৰ।হোৱাটচ্এপত হাই ,হেল্লো, আদি নিদ্দিষ্ট সময়ত কৰিব লাগে বাবেই এটা ফোন কৰি দিনটোৰ খতিয়ান লও ইজনে সিজনক। গতানুগতিক হৈ পৰিছে সকলো। কোনো যেন এক নতুনত্ব নাই। ১৫ মিনিটৰ বেছি কথা পাতিলেটো হয়তো আমাৰ মাজত কিবা প্ৰসংগ লৈ তৰ্ক হয় গৈ। ইমানেই অনুভূতি হীন হৈ পৰিছো নে আমি বোৰ। প্ৰেমৰ আলাপ নকৰি কিছুমান ভিত্তিহীন যুক্তিক লৈ মিছা তৰ্ক কৰোঁ। কিন্তু চিঠিতটো হয়তো তৰ্কৰ লৈ কোনো কথাই নাহে। যাৰ এটা এটা শব্দ লৈ আহিব মোৰ বাবে অযুত সপোনৰ টুকুৰা। হৃদয় উজাৰি লিখা তোমাৰ চিঠি বোৰ সযতনে লুকুৱাই ৰাখিম,মন গ'লেই উলিয়াই পঢ়িম আৰু তুমি তুমি অনুভৱত বুৰ গৈ নিজকে পাহৰি যাম। আমনি লগা নাইনে তোমাৰো??? অনুভৱৰ বিনিময় কৰি? সেয়ে কৈছোঁ ফোন নকৰিবা চোন,, চিঠি লিখিবা।।।।।।


দেইজী কাৰ্খ বৰদলৈ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...