Showing posts with label লক্ষীন্দ্ৰ জুমন গগৈ. Show all posts
Showing posts with label লক্ষীন্দ্ৰ জুমন গগৈ. Show all posts

Thursday, February 16, 2023

আলি-আয়ে-লৃগাং

🟣আলি-আয়ে-লৃগাং

ফাগুনৰ প্ৰথমটো বুধবাৰ আজি ।
মিচিংৰ য়ামেই ঢোলটি আনিলে,
তাত্- য়ায়ই গুমৰাগ জুৰিলে,
কনেঙ সকলে গুমৰাগৰ তালে তালে নাচি
আজিৰ উন্মনা ফাগুনৰ ধূলিৰে ডাৱৰ সাজিছে ।

আজিৰ পৰা ৰুই যাব 
খেতিৰ বীজ-গুটি,
সমন্বয়ৰ গান গাব
মিচিং-মিপাক মিলি ।

মিচিংৰ কনেঙে পিঠা-লাড়ু আনিলে ,
য়ায় জনীয়ে আপংকণ চাকিলে ।
পুৰাং আপিন আৰু আপঙৰ লগত
দিনচান-ঙচান খাম,
আজিয়েই মিচিং জনজাতিৰ
কৃষিৰ উৎসৱ আলি-আয়ে-লৃগাং।।

✍️লক্ষীন্দ্ৰ জুমন গগৈ
ঢকুৱাখনা, লখিমপুৰ

Tuesday, February 07, 2023

প্ৰেমৰ পখিলী:লক্ষীন্দ্ৰ জুমন গগৈ

 🔷প্ৰেমৰ পখিলী

✍️লক্ষীন্দ্ৰ জুমন গগৈ



হেৰৌ মোৰ প্ৰেমৰ পখিলী

ভালে আছা নে তুমি ?

তোমাৰ সৈতে বাৰ্তালাপৰ সুবাস লভা

আজি বহুদিনেই হ'ল ।

বৰকৈ মনত পৰে মোৰ

জানানে তুমি ?


তোমাৰো হয়তো নপৰা নহয়

নিশ্চয় পৰে, মোৰ বিশ্বাস আছে ।

কিন্তু তুমি জানো সন্দেহৰ টোপোলাটি

এৰিব পাৰিছা ?


তোমাৰ অনুপস্থিতিত মোৰ হিয়া উচুপি উঠে,

কিন্তু কি কৰিম !

তোমাৰ সন্দেহবাদী মনটো দেখোন

সলনি হ'বই নোখোজে ।


বাৰ্তালাপৰ বিৰতিৰ বাবে

তুমি নাভাবিবা প্ৰিয়ে

মোৰ ৰিক্ত হৃদয়ৰ কেঁচা মৰমবোৰ

আনৰ হ'ল বুলি ।


এই কবিৰ প্ৰতিটোপাল তেজত

কেৱল তোমাৰেই চিনাকি ।

মৰমবোৰো ঠিক একেই

তুমি নামৰ পখিলাটিকহে

সাৱটিব খোজে ।

দুষ্ট চকুযুৰিও সুন্দৰীৰ আগত

অন্ধ হৈ পৰে ।


এগৰাকী সন্দেহহীন নাৰী হিচাপে

এদিন পুনৰ লগ পায় এক হোৱাৰ আশাৰে

আজিলৈ এৰিছো দেই প্ৰিয়ে,

কাব্য ৰচিবলৈ দেখোন সময়ে নোজোৰে ।।

সংলাপ

 সংলাপ-৩ 

                                               ✍️লক্ষীন্দ্ৰ জুমন গগৈ

                                                     ঢকুৱাখনা


:-অ প্ৰিয়তমা তোমাক দেখোন আজি-কালি অলপ বেছি ধুনীয়া লগা হৈছে ।


:-হয় নেকি ? হা: হা:...


:-ভাল লাগে তোমাক ।


:-অহ্.....। হয়তো ভাল লগাৰ বাবেই ধুনীয়া লাগিছে ।


:-প্ৰিয়তমা কথাবোৰ ঠিক তেনেকুৱা নহয় !


:-তেন্তে কেনেকুৱা নিবিড় ?


:-মোৰ চাগৈ এইবোৰ ভাল লগা নহয় ।


:-ভাল লগা নহয় মানে ? তুমি কি কব বিচাৰিছা ?


:-মই ভাবো এয়া ভালপোৱাহে ।


:-নিবিড় কি কৈছা এইবোৰ । এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে......


:-শুনা প্ৰিয়তমা.......  এইবোৰ কেতিয়া কেনেকৈ হৈ গ'ল মই একো ধৰিবই নোৱাৰিলোঁ । আজি কিছুদিনৰ পৰা কম বুলি ভাবি থকা কথাটো আজি কৈ দিলোঁ । পিছে তুমি বেয়া নাপাবা দেই প্ৰিয়তমা ।


:-মোৰো তোমাক ভাল লাগে নিবিড় । কিন্তু নিবিড় ভাল লগা আৰু ভালপোৱাৰ মাজত বহুত পাৰ্থক্য আছে ।


:-পাৰ্থক্য....! কি পাৰ্থক্যৰ কথা কৈছা প্ৰিয়তমা ?


:-নিবিড়...... ভাল পোৱাত বিচ্ছেদৰ সুবিধা থাকে । কিন্তু ভাল লগাবোৰ এজনে আনজনৰ সঁহাৰি নোলোৱাকৈও আজীৱন ভাল লগা কৰি ৰাখিব পাৰি ।


:-বুজিছোঁ প্ৰিয়তমা । কিন্তু...........


:-কোনো কিন্তু নাই নিবিড় । ভাল লগা আৰু বন্ধুত্ব ঠিক একেই । গতিকে নিবিড় তুমি যদি বিচাৰা


______________________________________________


সংলাপ―৪

                ✍️লক্ষীন্দ্ৰ জুমন গগৈ


:-আপোন পৰীজনীৰ ওপজা দিনত হৃদয়ৰ মৰম যাচিলোঁ ।


:-ধন্যবাদ মৰম ।


:-এইয়া লোৱা...।


:-কিনো মৰম ? অহ্ উপহাৰ দেখোন । এইবোৰনো কিয় দিব লাগে ?এইবোৰ লৈ যাবলৈ মোৰ লাজ হে লাগে দেখোন ।


:-তথাপি বিশেষ দিনত বিশেষ মানুহজনীক কিবা এটা দিব নাপালে মোৰ জানো ভাল লাগিব !


:-ইছ..... হ'ব দিয়া । তোমাৰ মৰমবোৰ দেখোন মোৰেই । বেলেগকৈ আকৌ উপহাৰনো কিয় লাগে ।


:-হ'ব দিয়া । পিছে আজিৰ পৰিকল্পনা কি ?


:-বিশেষ একো নাই । আপোন মানুহজনৰ লগত দিনটো কটাব পালেই হ'ল আৰু !


:-হয় নেকি ; বলা নহ'লে আজি অলপ ফুৰি আহোঁ ।


:-ঠিক আছে । মন্দিৰলৈয়ে যাম নহ'লে ।


:-পিছে মৰম আজি তোমাক তোমাৰ মেখেলা-চাদৰ যোৰ সৈতে অপেশ্বৰী যেন লাগিছে ।


:- উস হ'ব হ'ব আৰু লাজ দিব নালাগে..........


:-সঁচাকৈ কৈছোঁ মৰম । তুমি যদি কেতিয়াবা মোক এৰি যোৱা তেতিয়া হয়তো মই আৰু এই পৃথিৱীত নাথাকিম ।


:-মৰম..... , কিয়নো তুমি বজৰুৱা কথা কৈ মোৰ বিশেষ দিনটোত দুখ দিব বিচাৰিছা ।


:-দুখ দিবলৈ মোৰ মন নাই । কিন্তু মৰম কেতিয়াবা মোৰ বৰ ভয় লাগে ।


:-এটা কথা কওঁ শুনা মৰম– মোৰ দেহৰ তপত ৰক্তত কেৱল তোমাৰ নাম জড়িত আছে আৰু তুমিতো জানাই ৰক্তৰ অবিহনে শৰীৰ অচল । গতিকে যিদিনা লৈকে মোৰ প্ৰাণ বায়ু থাকিব, সেইদিনাৰ লৈকে মোৰ দেহত কেৱল তুমি নামৰ ৰক্ত প্ৰবাহিত হ'ব ।


:-মৰম তুমি সঁচাই বহুত ভাল । ময়ো আজি তোমাক কথা দিছোঁ মৰম– অনামিকা আঙুলি যিদিনা মোৰ ৰঙচুৱা হ'ব,সেইদিনা তোমাৰ শিৰতেই সেন্দুৰ আঁকিব ।।

ভগ্ন হিয়া:লক্ষীন্দ্ৰ জুমন গগৈ

কবিতা

🔸ভগ্ন হিয়া

✍️লক্ষীন্দ্ৰ জুমন গগৈ


সেইদিনা আহি তুমি মোৰ বুকুৰ

মৰহা ফুল পাহ যে জীপাল কৰিছিলা ;

তোমাৰ বাৰু মনত আছে নে ?

তুমি বাৰু আকৌ কিয় সেই সুগন্ধি ফুল পাহ

মৰহাই থৈ গুচি গ'লা ?

হাঁহি মুখে আহিছিলা তুমি,

মোক ভগ্ন হিয়া আৰু এসাগৰ চকু পানী দি

পুনৰ হাঁহি হাঁহিয়েই গুচি গ'লা ।

তুমি চাগৈ ভাৱিছিলা 

পুতলাৰ লগত খেলি আছিলা বুলি ।

পুতলা পুৰণা হ'ল,

গ'লাগৈ তুমি নতুন বিচাৰি ।

মোৰ চকুৰ প্ৰতিটোপাল পানীত বিলীন হৈ আছে

তোমাৰ প্ৰতি থকা মৰম ভালপোৱা।

কেনেকৈ পাহৰো তুমিয়েই কোৱা ।

দুখবোৰ উলিয়াই দিছোঁ মই 

মাজনিশা নিজানত কান্দি ।

পাহৰিয়েই গৈছোঁ দেখোন,

কেনেকুৱা আছিলে মুখৰ মিঠা হাঁহি ।

যিয়ে নহওঁক

তুমি সুখত থাকা।

মই তোমাৰ সুখতে সুখী হ'ম ।

ভাল পোৱা যদি সঁচা হয় 

এদিন পুনৰ লগ হ'ম ।

কিন্তু সেইদিনা মই তোমাৰ প্ৰেমিক হৈ নাথাকিম ।

ভগ্ন হিয়া লৈ পাগল ৰূপত

অথবা শ্মশানৰ ছাইৰ লগত বিলীন হৈ থাকিম ।।

                  -----------০০০--------

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...