🔸ভগ্ন হিয়া
✍️লক্ষীন্দ্ৰ জুমন গগৈ
সেইদিনা আহি তুমি মোৰ বুকুৰ
মৰহা ফুল পাহ যে জীপাল কৰিছিলা ;
তোমাৰ বাৰু মনত আছে নে ?
তুমি বাৰু আকৌ কিয় সেই সুগন্ধি ফুল পাহ
মৰহাই থৈ গুচি গ'লা ?
হাঁহি মুখে আহিছিলা তুমি,
মোক ভগ্ন হিয়া আৰু এসাগৰ চকু পানী দি
পুনৰ হাঁহি হাঁহিয়েই গুচি গ'লা ।
তুমি চাগৈ ভাৱিছিলা
পুতলাৰ লগত খেলি আছিলা বুলি ।
পুতলা পুৰণা হ'ল,
গ'লাগৈ তুমি নতুন বিচাৰি ।
মোৰ চকুৰ প্ৰতিটোপাল পানীত বিলীন হৈ আছে
তোমাৰ প্ৰতি থকা মৰম ভালপোৱা।
কেনেকৈ পাহৰো তুমিয়েই কোৱা ।
দুখবোৰ উলিয়াই দিছোঁ মই
মাজনিশা নিজানত কান্দি ।
পাহৰিয়েই গৈছোঁ দেখোন,
কেনেকুৱা আছিলে মুখৰ মিঠা হাঁহি ।
যিয়ে নহওঁক
তুমি সুখত থাকা।
মই তোমাৰ সুখতে সুখী হ'ম ।
ভাল পোৱা যদি সঁচা হয়
এদিন পুনৰ লগ হ'ম ।
কিন্তু সেইদিনা মই তোমাৰ প্ৰেমিক হৈ নাথাকিম ।
ভগ্ন হিয়া লৈ পাগল ৰূপত
অথবা শ্মশানৰ ছাইৰ লগত বিলীন হৈ থাকিম ।।
-----------০০০--------
No comments:
Post a Comment