Tuesday, February 07, 2023

পৰ্যটনস্থলী প্ৰদূষণৰ কাৰণ নেকি ?

 পৰ্যটনস্থলী প্ৰদূষণৰ কাৰণ নেকি ?


     অসম প্ৰকৃতিৰ লীলা-ভূমি। পাহাৰ, নদ-নদী, গছ-গছনি,চৰাই-চিৰিকটি, জীৱ-জন্তু, ঐতিহাসিক ঠাই আদিয়ে পৰ্যটকক অসমলৈ হাত-বাউলি দি মাতে। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাক চাবলৈ প্ৰত‍্যেক বছৰে দেশী-বিদেশী লক্ষাধিক পৰ্যটকৰ আগমন হয়।শিৱসাগৰ, কাজিৰঙা, মাজুলীকে ধৰি অন্যান্য পৰ্যটন স্থলী চাবলৈ বহু মানুহৰ সমাগম হয়। অসমত থকা এনেবোৰ পৰ্যটন কেন্দ্ৰৰ বাবে আৰ্থিক দিশতো উন্নতি হৈছে। পৰ্যটন বিভাগে প্ৰত‍্যেক বছৰে এক বৃহৎ মুনাফা অৰ্জন কৰে। কিন্তু প্ৰশ্ন হৈছে প্ৰদূষণৰ বাবে পৰ্যটন বিভাগ কিমান দায়ৱদ্ধ? দেখা যায় প্ৰত‍্যেক বছৰে পৰ্যটন স্থলীত বনভোজ খাবলৈ মানুহ আহে।কিন্তু দেখা যায় বনভোজৰ নামত মানুহে পৰিৱেশ কিমান প্ৰদূষিত কৰে। সচৰাচৰ নদীৰ পাৰত প্ৰায়ে প্লাষ্টিক নিক্ষেপ কৰা দেখা যায়। মানুহে খাই-বৈ খোৱা দিচ,গিলাচ প্লাষ্টিকৰ বটল খোৱা ঠাইতে পেলাই থৈ যায়। লক্ষাধিক মানুহে সৃষ্টি কৰা এনেবোৰ আৱৰ্জনাই পৰিৱেশ লেতেৰা নকৰে নে ? প্ৰত‍্যেক নৱবৰ্ষত দেখা যায় মানুহে পিকনিকৰ নামত নদীৰ পাৰ বা অন্য কোনো প্ৰাকৃতিক ঠাই কিমান লেতেৰা কৰে। আমি জানো প্লাষ্টিক আমাৰ চৌপাশৰ পৰিৱেশৰ বাবে কিমান অনিষ্টকৰ। তাৰ পাছতো দেখা যায় নতুন ঠাই চোৱাৰ নামত বা বনভোজৰ নামত পৰিৱেশ মানুহে কিমান কলুষিত কৰে।

      মানুহ সজাগ হোৱাৰ প্ৰয়োজন। প্ৰকৃতি খনক সেউজীয়া কৰি ৰখাটো আমাৰ প্ৰত‍্যেকৰে দায়িত্ব। আমি নিজে সজাগ হ'লেহে আমি আমাৰ পৰিৱেশক প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰিম।

    পৃথিৱী খন আমাৰ ঘৰ। এই ঘৰক সুন্দৰকৈ ৰখাটো আমাৰ প্ৰত‍্যেকৰে দায়িত্ব নহয় নে ?



অস্মিতা লাহন

গোলাঘাট জিলা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...