গল্প
এজনী পংগু ছোৱালী :
ধূলি উৰুৱাই বাছখন ৰ'ল। পলাশৰ দেউতাকে কান্ধত গামোছা খন লৈ ৰৈ আছিল বাছষ্টপেজত। আজি উৰুকা।পলাশ অহা কথা।যোৱা চাৰিটা বছৰে পলাশ অবিহনে তেওঁলোকে নিশাৰ দলভাত খাইছে।ঘৰখনৰ একমাত্ৰ ল'ৰা সি।বিহুৰ সময়ত যদি ঘৰত নাথাকে মাতৃ হৃদয়ে সহিব নোৱাৰে এই বেদনা। ইঞ্জিনীয়াৰিং পাছ কৰি মুম্বাই তে চাকৰি এটা পাইছে পলাশে। চাকৰীটো চৰকাৰী নে বেচৰকাৰী তাকে লৈ গাওঁ বাসী বা ঘৰৰ মানুহে মুৰ ঘমোৱা নাই।মুৰ ঘমাইছে এইটো কথাক লৈ যাতে সি কোনোবা বিদেশী ছোৱালী এজনীক বিয়া পাতি নলয়। গাঁৱৰে ছোৱালী এজনীক বিয়া পতাই দিয়ে মাক দেউতাকে, তাকে আজিও বাছষ্টপেজত সেই কথাটো কে কলে এজনে।"ৰূপাশ্ৰী ৰ কথা আমি ভাবিছিলো।বৰ ভাল ছোৱালী আছিল তাই।পলাশতকৈ দুবছৰ সৰু পলাশৰ সমানে পঢ়িব পাৰিছিল তাই। হায়াৰ চেকেণ্ডেৰী ত বিৰানব্বৈ শতাংশ নম্বৰ লাভ কৰা গাওঁ খনৰ প্ৰথম জনী ছোৱালী আছিল। এনেদৰে পলাশৰ দেউতাকে এজন গাওঁ বাসী ৰ আগত কৈ থাকোতে বাছখন আকৌ ধূলি উৰুৱাই গুছি গ'ল কিন্তু পলাশ ক দেখা নাপালে ।"ৰূপাশ্ৰী ৰ কথা আৰু ভাবিবলৈ বাদ দে তহতে।তাই বৰ্তমান পংগু ছোৱালী।"ৰসেশ্বৰে আকৌ ৰূপাৰ আধৰুৱা কথাখিনিৰ ভালদৰে মোখনি মাৰিব খুজিলে।"তাইৰ গাত আছলতে দোষ নাই"।দেউতাকে ৰসেশ্বৰৰ কথাত সহযোগ কৰি বিষিন্ন মন এটাৰে বাছ ষ্টপেজৰ পৰা উভতিবলৈ দুখোজমান দিওঁতে ধুলি উৰুৱাই এখন বাইক আহি ৰল তেওঁলোকৰ পিছৰ ফালে জোৰকৈ ব্ৰেক মাৰি। "এইফালে আহ মাৰিব মাৰিব।আজি কালি ৰ দুই এজন উদণ্ড ডেকাই যি বাইক চলাই নহয়....."ৰসেশ্বৰে হাতত ধৰি পলাশৰ দেউতাকক টানি মাৰি আনিলে।"পিতাই আৰু ৰসাল দাইটী"হেলমেট টো আঁতৰাই পলাশে আনন্দৰে কলে।"অ পলাশ বোপা তই আহিছ?উস ভগৱান !তোমাক শতকৌটি প্ৰণাম।আজি উৰুকাৰ দিনা লৰাটোক ঘৰলৈ পঠিয়াই দিলা যে .." দেউতাকে আৰু দুটামান শব্দ উল্লাসেৰে বিৰবিৰালে।এইবাৰ ৰসেশ্বৰে আদৰণি জনালে"যোৱা চাৰিটা বছৰে দেউতাৰাই এই বাছ ষ্টপেজটোত আহি তোলৈ বাটচায় থাকে। কিজানি সময় উলিয়াই আহ এ..।"ঘৰলৈ ব'লা।ঘৰত সকলো বুজাই কম মই ইমান দিন তোমালোকৰ কাষলৈ কিয় আহিব পৰা নাছিলোঁ।আজি এইখন কিনি আনিলো পিতাই মোৰ চাকৰি ৰ দৰমহাৰ পইছা ৰে ফাইনেনছ নকৰাকৈ।"ভালে কৰিছ দে বোপাই।বাইক খন নহ'লে বৰ কষ্ট হয় আমাৰ ইয়াত। দেউতাকে কলে।"তোমালোক দুয়ো এ উঠা। খোজকাঢ়ি যাব নালাগে।""নালাগে দে আমাৰ অভ্যাস নাই, তই গৈ থাক।"
পলাশে অকলে নতুন বাইক খন চলাই আহিল।দুটা কেচা পথ পালে।দুয়োটাৰে গ'লে সিহতৰ ঘৰ পায়। কিন্তু তাৰ পুৰণি অভ্যাস ৰূপাশ্ৰী হতৰ নঙলা মুখেৰে অহা যোৱা কৰি ভালপায়।ৰূপাশ্ৰীক নঙলা মুখত পালে কিবা এটা কৈ সি জোকাই খং তুলি ভালপায়।তাৰ বাইক ৰূপাশ্ৰীৰ নঙলা মুখেৰে যাব পৰা পথটোৰে ঘুৰিল।তাৰ মনলৈ এখন ছুটি ছবিৰ দৰে দৃশ্যপটবোৰ আহিল কেনেকৈ হায়াৰ চেকেণ্ডেৰী ত ৯২শতাংশ নম্বৰ লাভ কৰি স্কুটি খন পাইছিল।মানুহ ভৰি পৰিছিল তাইৰ ঘৰত।পলাশে চাইকেল ত উঠি ফুৰা বাবে কেনেকৈ ৰূপাই জোকাইছিল"কাম নাই তোৰ চাইকেল খনলৈ ঘুৰি ফুৰোঁতে যাব" । কিন্তু তাইক স্কুটি খন পলাশে শিকাব লগা হৈছিল,ৰূপাই ঠেলিয়াই ঠেলিয়াই স্কুটি খন তাক বিচাৰি ঘৰলৈ অহা দৃশ্য টো ..কথাবোৰ ভাবি থাকোতে কেতিয়া আহি ৰূপাহতৰ নঙলা মুখ পালে সি ক'ব নোৱাৰিলে।এইটো যেন তাৰ নিজৰ হে ঘৰ তেনেকৈ নিজে নিজে হাত ভৰি কেইখনে নিজৰ নিজৰ দায়িত্ব পালন কৰি বাইকখন ৰখাই দিলে।ৰূপা আনদিনাৰ দৰে নঙলা মুখত ৰৈ থকা নাই আৰু তাইৰ ফোন নম্বৰো লগত নাই।যি হয় হ'ব। এনেকুৱা ভাব লৈ সি বাহৰ গেটখন খুলি ভিতৰলৈ সোমাই গ'ল। দেউতাক ক মাতিলে। দেউতাক বেছি পলম নকৰাকৈয়ে বাহিৰলৈ ওলাই আহিল।"বহু দিন তোক দেখা নাছিলোঁ শুনিছোঁ মুম্বাই ত চাকৰি কৰ আৰু তাতে থাক বোলে। ""হয় বৰটা।ৰূপা ই কিবা কৰি আছে নে পঢ়ি আছে এতিয়া ও?""তই খবৰ পোৱা নাই নেকি?"
"কি খবৰ বৰটা?নে তাইক বিয়া দি দিলে?"পলাশৰ উৎকন্ঠা ভৰা মুখ।"এজনী পংগু ছোৱালী ক কোনে বিয়া কৰাবলৈ আহিব।আহচোন আহ ভিতৰলৈ।ৰূপা তাইৰ কোঠাতে আছে।"
"পংগু ছোৱালী ৰূপা? কেনেকৈ?সেই নৃত্য শিল্পী ভাল অভিনেত্ৰী ভাল ছাত্ৰী ৰূপা কেনেকৈ পংগু হ'ল অ বৰটা?""এতিয়া মই এটা চৰিত্ৰ তে অভিনয় কৰিব লাগিব পলাশ দা।এজনী পংগু ছোৱালী ৰ চৰিত্ৰ ত গোটেই জীৱন হুইল চেয়াৰত বহি"কথা খিনি কৈ হুইল চেয়াৰতে উচুপি উঠিল ৰূপাশ্ৰী দেৱী।সেই এক্সিডেন্ট টো আৰু চৰকাৰে দিয়া স্কুটি খনে ৰূপাৰ জীৱন টো ৱে সলনি কৰি দিলে।তাই এতিয়া এটা মৰা নদী লৈ ৰূপান্তৰিত হৈ পৰিল। চকা থকা হুইল চকী খন ঠেলিয়াই মাকে ক'লে চকুলো মচি।২লাখ টকা অসমৰ ডক্তৰ কে দিলোঁ ঔষধ ৰ হিচাপটো কৰিলে আৰু মুৰটো ঘুৰাই। ৰূপাৰ দেউতাকে কলে। চৰকাৰে মেধা ছাত্ৰ ছাত্ৰী সকলক স্কুটি দিয়াতকৈ যদি পইছা ও দিলে হৈ তেন্তে এনেদৰে অন্ধকাৰ জীৱন কটাব নালাগিল হৈ ৰূপাই।মাহীদেউ পেহীদেউ আচনি বোৰ দি দেশখন দুখীয়া কৰাতকৈ ইন্দাষ্ট্ৰীও যদি খুলিলে হৈ তেন্তে অসমৰ বহু বেকাৰ লৰা ছোৱালী এ চাকৰি পালে হৈ।ৰূপাৰ মাকে হুমুনিয়াহ কাঢ়িলে।" এইবাৰ মই ৰূপাক চিকিৎসা কৰিম। মুম্বাই লৈ নিম।যদিহে আপোনালোকে তাইক মোৰ লগত যাবলৈ অনুমতি দিয়ে"এনেদৰে পলাশে পংগু ছোৱালী বুলি মানুহে উপহাস কৰা ৰূপাশ্ৰী দেৱীক সাহস প্ৰেৰণা দিলে।তাইৰ মাক-দেউতাকে চকুমুদি অদৃষ্ট জনক এটা সেৱা জনালে।ৰূপাই যেন আগৰ ৰূপা জনী হৈ মুম্বাইৰ পৰা উভতি আহিব পাৰে।।
✍️আচাৰ্য দীপু শৰ্মা
No comments:
Post a Comment