Tuesday, February 07, 2023

কোলাহল:

                কোলাহল

                 


মাজনিশা নৈৰ দাঁতিত কিহৰ কোলাহল !

হয়টো কোনোবাই উচূপি কান্দিছে,

বলাচোন অলপ আগবাঢ়ি যাওঁ

অহ এইয়াচোন মোৰ হৃদয় ভাঙিছে ।

সপি দিছে সকলো বিষাদ বেদনা

এন্ধাৰ ৰাতিৰ সুযোগ দেখি,

সাৱটি ধৰিছে নিশাৰ মৌনতাই

দুখবোৰ আহিছে দুচকুত ভাঁহি ।

হাতত তুলি ললোঁ নিস্তেজ হৃদয়খ

কিজানি আকৌ সজীৱ হয় !

অহ মইচোন পাহৰিয়েই গলোঁ

মৰহা ফুল দুনাই ফুলি নৰয় ।।।


                              ✍🏻 শান্তনু হাজৰিকা

                                বিশ্বনাথ চাৰিআলি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...