Tuesday, February 07, 2023

কোলাহল:

                কোলাহল

                 


মাজনিশা নৈৰ দাঁতিত কিহৰ কোলাহল !

হয়টো কোনোবাই উচূপি কান্দিছে,

বলাচোন অলপ আগবাঢ়ি যাওঁ

অহ এইয়াচোন মোৰ হৃদয় ভাঙিছে ।

সপি দিছে সকলো বিষাদ বেদনা

এন্ধাৰ ৰাতিৰ সুযোগ দেখি,

সাৱটি ধৰিছে নিশাৰ মৌনতাই

দুখবোৰ আহিছে দুচকুত ভাঁহি ।

হাতত তুলি ললোঁ নিস্তেজ হৃদয়খ

কিজানি আকৌ সজীৱ হয় !

অহ মইচোন পাহৰিয়েই গলোঁ

মৰহা ফুল দুনাই ফুলি নৰয় ।।।


                              ✍🏻 শান্তনু হাজৰিকা

                                বিশ্বনাথ চাৰিআলি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...