◾️ সংযমিত নকৰাৰ পৰিণাম
প্ৰেম হ'ল এক সৰগীয় অনুভূতি , প্ৰেম অভিন্ন , প্ৰেমৰ ভিন্নতা নাই , প্ৰেমৰ বিষাদতাত ডুব গৈও তাৰ গভীৰতা ধুকি পোৱা নাযায়। ৰুমুৱে কথাবোৰ ভাবি থাকোতেই কাৰোবাৰ স্পৰ্শত যেন তাই সম্বিৎ ঘূৰাই পালে । ঘূৰি চাই দেখে মুনুৱে তাইলৈ কৌতূহল ভৰা চাৱনিৰে চাই ৰৈ আছে । মুনু হৈছে ৰুমুৰ ভনীয়েক । মুনুৱে তাইক সন্দেহৰ চাৱনিৰে সুধিলে --- কি হৈছে বা? এই সন্ধিয়াখন থাকিব লাগে পঢ়াৰ টেবুলত আৰু তুমি আছা ভাৱনাৰ সাগৰত । কথাটো কি হা ---- মোক ক'ব পাৰা মই কাকোৱেই নকওঁ । ৰুমুৱে খং কৰি ক'লে চা মুনু মোৰ একো হোৱা নাই আৰু তই এতিয়া পঢ়িব লাগে , পঢ়গৈ যা । মুনুৱে গ'ম পালে যে ৰুমুৰ খং উঠিছে , তাই ৰোমৰ পৰা ওলাই গ'ল।
মুনুৰ দেউতাকজন এজন ভাল ব্যৱসায়ী আৰু মাক এগৰাকী শিক্ষয়িত্ৰী ।তেওঁলোকে মুনুহঁতক বৰ মৰম কৰিছিল আৰু সৰুৰে পৰা সিঁহতক কোনো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাছিল । সিঁহতেও মাক -দেউতাকৰ নিভাঁজ মৰম পাই ইমানেই জেদি হৈ পৰিছিল যে লাগ বুলি ক'লেই যিকোনো বস্তু আনি দিব লগা হৈছিল। তেওঁলোকে যেনেদৰে সিঁহত দুজনীক মৰমো কৰিছিল , ঠিক তেনেদৰে শাসনো কৰিছিল । অৱশ্যে সিঁহত দুজনীয়েও ভয় নকৰা নহয় ।
দেউতাকে ৰুমুক লৈ বহুত আশা কৰিছে , কিয়নো তাই এইবাৰ একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিছে । মেট্ৰিক পৰীক্ষাত তাইৰ ফলাফল খুব ভাল আছিল সেইবাবে এইবাৰ আৰু আশা কৰিছে । তাইও মনে প্ৰাণে উঠি-পৰি লাগিছে দেউতাকৰ আশা পূৰণ কৰিবলৈ । কিন্তু সময় একেদৰেই নাথাকে। তাই যিহেতু নতুন কলেজত অন্তভূক্ত হৈছিল আৰু কলেজৰ পৰিৱেশটো নতুনকৈ পাইছিল -------- কলেজৰ মানুহ , পৰিস্থিতি আৰু বিভিন্ন পৰিৱেশ । তাই প্ৰথমতে নিজকে খাপ খোৱাব পৰা নাছিল , কিন্তু লাহে লাহে তাই পৰিস্থিতিৰ লগত নিজকে খাপ - খোৱাই ল'ব পৰা হ'ল ।
সকলো মানুহই কয় নৱম-দশম , একাদশ-দ্বাদশ এই সময়ছোৱাত সাধাৰণতে ল'ৰা - ছোৱালীবোৰৰ মনবোৰ চঞ্চল হৈ থাকে । তেওঁলোকে যিকোনো কাম কৰিব পাৰে , কিন্তু ভাবি নাচায় । তেওঁলোকে পঢ়াৰ ফালে গুৰুত্ব কম দিয়ে । এই কথাবোৰ ৰুমুৰ লগতো ঘটিবলৈ ধৰিলে । তাই নতুন কলেজত নতুন নতুন মানুহবোৰক লগ পাই দেউতাকৰ সেই আশা পাহৰি যাবলৈ ধৰিলে । তাইও চঞ্চল হৈ পৰিল। নীল আকাশৰ তলত মুক্ত পখীৰ দৰে বিচৰণ কৰিবলৈ ধৰিলে । লগৰবোৰৰ লগত পাৰ্টি কৰা , চিনেমা চাবলৈ যোৱা , ৰাতি বহু দেৰিলৈকে ম'বাইল চোৱা আৰু বিভিন্ন ধৰণৰ বেয়া কামত লিপ্ত হৈছিল, যাৰ ফলস্বৰূপে তাইৰ পঢ়াৰ প্ৰতি ধাউতি একেবাৰে নোহোৱা হৈছিল ।
অৱশেষত উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ সময় চমু চাপিল , কিন্তু তাইৰ গাতেই লগা নাই অথচ তাই কৰা দৈনন্দিন কামবোৰ বেছি হৈ গৈ থাকিল । শেষত তাই অলপো কিতাপ নপঢ়াকৈ পৰীক্ষা দিলে। অলপ দিনৰ পাছত পৰীক্ষাৰ ফলাফল দিলে, কিন্তু তাই ফলাফল বেয়া হ'ল । দেউতাকে মুঠেও আশা কৰা নাছিল এনেকুৱা এটা ফলাফল পাব বুলি। তাই ও ভবা নাছিল এনেকুৱা ফলাফল পাব বুলি । তাই চিঞৰি চিঞৰি কান্দিব মন গৈছিল কিন্তু তাই কান্দিব পৰা নাছিল । তাই অনুভৱ কৰিলে যে এই দুবছৰে কি কৰি আছিল । তাই কি কৰিব কি নকৰিব ভাবি ভাবি একো উপায় নাপাই আত্মহত্যাৰ পথ বাছি ল'লে ।
যিখিনি সময়ত তাই নিজকে সংযম কৰিব লাগিছিল , সেইখিনি সময়ত তাই নিজকে সংযম কৰা হ'লে আত্মহত্যাৰ দৰে ভয়াবহ পথটো বাছি লব লগা ন'হলহেঁতেন ।
©সীমা দাস
No comments:
Post a Comment