সিদ্ধান্ত
ණ প্ৰগতি গগৈ চাংমাই
এচিড লাগি ঘাঁ হোৱা ঠাইকেইটুকুৰা জ্বলা পোৰা কৰি উঠিল৷ বহুত কষ্টৰে তাই বিছনাতে পৰি আছে৷ কি আশা কৰিছিল , কি যে হৈ গ'ল! জীৱনটো খেলিমেলিৰে ভৰি ৰ'ল৷ সপোন দেখিছিল কমল-পদুমীয়ে৷ সিহঁতৰ এখন ঘৰ হ'ব সুখৰ! দুয়োটাই দুয়োটাকে মৰমেৰে উপচাই তুলিব! কিন্তু ভবাবোৰচোন হৈ নুঠিল৷ ভবাতেই থাকি গ'ল৷ ধনৰ দুখীয়া যদিও কমলে তাইক মৰমৰ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ দুয়োটা সৰুৰে পৰা একেলগে ওমলি ডাঙৰ হৈছিল৷ আৰু সেই শৈশৱৰ সময়বোৰে প্ৰেমৰ ৰূপ দিছিল৷ দুয়োটাই ঘৰৰ মত লৈয়ে বিয়াত বহিল৷ সুখী হৈছিল দু়য়োটা মনে বিচৰা ধৰণে৷ কিন্তু সিহঁতৰ সুখকণ নিয়তিৰ সহ্য নহ'ল!
দিনতে আৰ-তাৰ মুখত শুনিছিলে তাই চাৰিআলিটোত হোৱা বোমা বিস্ফোৰণৰ কথা৷ কথাটোত তাই সিমান গুৰুত্ব দিয়া নাছিল৷ ৰাতি দেৰি হৈ অহাৰ লগে লগেহে তাই চিন্তাত পৰিল৷ ৰিক্সা চলাবলৈ গৈ কমল ইমানদেৰি কিয় অহা নাই? আনদিনাখন ইমানপৰ নকৰে৷
বাহিৰত হৈ-হাল্লা শুনি তাই দুৱাৰ খুলি চালে৷ কোনোবা এটাক দাংকোলাকৈ মানুহ দুটামানে লৈ আনিছে৷ তাইৰ বুকুখন চিৰিংকৈ গ'ল৷ কোনোবা এটাই চাৰি বেটেৰীয়া টৰ্চ এটা জ্বলাই পোহৰ দেখুৱাই আনিছে৷ তাই উধাতু খাই লৰমাৰি গ'ল৷
নাই-- তাই চিঞৰি উঠিল৷ এয়াটো কমলেই৷ ৰক্তাক্ত হৈ পৰা তাৰ গাটো দেখি তাই ঠাইতে জথৰ হৈ ৰ'ল৷
বিয়াৰ চাৰিমাহৰ পাছতে তাই বিধৱা হ'বলগা হ'ল৷ তাই দিশহাৰা হৈ পৰিল৷ গাঁৱৰ মানুহবোৰে লাগি ভাগি কমলৰ কাজ-কৰ্ম কৰি দিলে৷
খেৰী জুপুৰীটোত তাই তেনেই অকলশৰীয়া হৈ পৰিল৷ তাই তাঁত সুত সুন্দৰকৈ বব জানিছিল৷ তাকেই নিজৰ সম্বল কৰি ল'লে৷ কাপোৰ বিক্ৰী কৰিয়েই তাই চলিব ধৰিলে৷ দুই এটা মানুহে তাইৰ গাটোলৈ বৰ বেয়াকৈ চাই থাকে৷ সিহঁতৰ লোলুপ চাৱনি তাইৰ সহ্য নহয়৷ নিজকে চিৰিয়াখানাৰ কিবা এটা যেন লাগি যায়৷
বিধৱা হ'লেও তাইৰ ৰূপ -যৌৱন কোনোপধ্যেই ম্লান পৰা নাছিল৷ তোলবুলীয়া দুগালেৰে তাইৰ সুন্দৰ মুখাৱয়ব,বৈ পৰা চুলি, দেহাৱয়ব…৷
এবাৰ চালে চকু ঘূৰাবলৈ টান হয়৷ মানুহবোৰে নানান কথা ৰচিবলৈ ধৰিলে তাইক লৈ৷ দিনত যিবোৰ মানুহে আনৰ আগত তাইৰ দোষৰ বৰ্ণনা কৰে ,সেইবোৰেই ৰাতি আহি তাইৰ দুৱাৰত ঠেলা মাৰে৷ বাঁহৰ দুৱাৰখন কেৰ্ মেৰাই উঠিলে তাইৰ বুকুখন শুকাই যায়৷ ভয়ত ঘামি উঠে৷
তথাপি তাই মনে মনে অসহায় হৈ বিছনাখনৰ এচুকত বহি ভগৱানকে ধিয়াই৷
তাই বুজি পাইছিল তাইৰ ৰূপ যৌৱনৰ বাবেই মানুহবোৰে এনেকৈ কুট কথা ৰটনা কৰিছে৷ আৰু মানুহবোৰে কমলৰ মৃত্যুৰ সুবিধা লৈ তাইক ভোগ কৰিব বিচাৰিছে৷
আজি তাই নিজকে শেষ কৰি দিবলৈ সিদ্ধান্ত লৈ পেলাইছিল
৷ সেয়ে তাই এচিডৰ বটলটো কিনি আনিছিল৷ অলপমান গাত ছিটিকি পৰোঁতেই তাইৰ অন্তৰাত্মাই কৈ উঠিল যেন তাইক জীয়াই থাকিবলৈ সাহসেৰে৷ তাই তৎক্ষণাত বটলটো দলিয়াই পঠিয়ালে আৰু সিদ্ধান্ত ল'লে -তাই জীয়াই থাকিব? সংগ্ৰামেৰে৷
No comments:
Post a Comment