Showing posts with label শান্ত দাস. Show all posts
Showing posts with label শান্ত দাস. Show all posts

Tuesday, February 07, 2023

নাজানো কিয়?

নাজানো কিয়?



না জানো কিয় এতিয়া তোমাৰ কথা ভাবিব মন নাযায়, 

অথচ! তোমাৰ প্ৰতিচ্ছবিয়ে মোক, 

আগুৰি ধৰে তোমাৰ ভাৱনাৰ সমুদ্ৰত। 

চকুৱে-চকুৱে কথা পাতিবলৈ ইচ্ছা নকৰে, 

অথচ! তোমাৰ চকুৰ গভীৰতাত,

মই হেৰাই যাওঁ অসীম সীমানালৈ।


তোমাৰ কন্ঠৰ সুৰ শুনিবলৈ ইচ্ছা নকৰে, 

অথচ! তোমাৰ ফোনটো আহিলে মই,

দিনৰ পিছতে দিন পাৰ কৰি দিওঁ। 


তোমাৰ স্মৃতিক সাঁচি ৰখাৰ ইচ্ছা নাই, 

অথচ! তোমাৰ স্মৃতিৰ সেই মুগ্ধতাই, 

মোৰ মাজত আজিও যোগান ধৰে বাচি থকাৰ ইন্ধন। 


তোমাৰ কাষ চাপিবলৈ আৰু ইচ্ছা নকৰে, 

অথচ! তোমাৰ সেই কাষ চাপিলে, 

আৰু উভতি আহিব ইচ্ছাও নকৰে। 


তোমাৰ কষ্টত এতিয়া আৰু আগৰ দৰে, 

মোৰ চকু পানী নোলায়, তথাপি কিয় জানো, 

তোমাৰ কষ্টই মোক সুখীও নকৰে। 


তোমাৰ স্পৰ্শই এতিয়া মোক আৰু আনন্দিত নকৰে, 

অথচ! তোমাৰ স্পৰ্শৰ সেই সুন্দৰ মূহুৰ্তবোৰে, 

আজিও মোক তোমালৈ মনত পেলাই দিয়ে। 


তোমাৰ বাবে কবিতা লিখিবলৈ আৰু ইচ্ছা নকৰে, 

অথচ! তোমাৰ কথা ভাবিয়ে কবিতাৰ ছন্দ, 

ভাঁহি আহে মোৰ কলমৰ চিঞাহীত।


          ✍️শান্ত দাস

      Lanka:Hojai:Assam

    

শান্তি:শান্ত দাস

 শান্তি 

                 


 

নিত্য নতুন চাহিদাৰ ভিৰত,

        মানুহে নিৰন্তৰ শান্তি বিচাৰে। 

অতৃপ্তিৰ ধূসৰ কণিকাত, 

        মানুহে নিত্য নির্মলতাক বিচাৰে। 


হেপাহৰ মৰীচিকাত যাব ধৰিছে, 

        জীৱনৰ অলেখ প্ৰাণ খোলা হাঁহি। 

কোলাহল, প্ৰদূষণে চলাইছে, 

        শান্তিৰ গোলকত অশান্তিৰ বাঁহি।


এতিয়া কল্পনাতে মানুহ সুখী, 

        বাঢ়িছে জীৱনৰ নানাবিধ ৰঙ্গ। 

মোবাইল টাৱাৰ-নেটৱৰ্কৰ গোলকত,

        প্রতিটোৱে শব্দ ধ্বনি ৰূপী এক তৰঙ্গ। 


সেউজীৰ বননি ধ্বংস কৰি, 

        বৃদ্ধিত বাহন,বাঢ়িছে জনসংখ্যা।

সচৰাচৰ সৃষ্টিত হৈছে ৰোগ ব্যাধি,

        বাঢ়িছে অজানা মৃত্যুৰ আকাংক্ষা।


    ✍️শান্ত দাস

                     Lanka,Hojai, 

                       

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...