নাজানো কিয়?
না জানো কিয় এতিয়া তোমাৰ কথা ভাবিব মন নাযায়,
অথচ! তোমাৰ প্ৰতিচ্ছবিয়ে মোক,
আগুৰি ধৰে তোমাৰ ভাৱনাৰ সমুদ্ৰত।
চকুৱে-চকুৱে কথা পাতিবলৈ ইচ্ছা নকৰে,
অথচ! তোমাৰ চকুৰ গভীৰতাত,
মই হেৰাই যাওঁ অসীম সীমানালৈ।
তোমাৰ কন্ঠৰ সুৰ শুনিবলৈ ইচ্ছা নকৰে,
অথচ! তোমাৰ ফোনটো আহিলে মই,
দিনৰ পিছতে দিন পাৰ কৰি দিওঁ।
তোমাৰ স্মৃতিক সাঁচি ৰখাৰ ইচ্ছা নাই,
অথচ! তোমাৰ স্মৃতিৰ সেই মুগ্ধতাই,
মোৰ মাজত আজিও যোগান ধৰে বাচি থকাৰ ইন্ধন।
তোমাৰ কাষ চাপিবলৈ আৰু ইচ্ছা নকৰে,
অথচ! তোমাৰ সেই কাষ চাপিলে,
আৰু উভতি আহিব ইচ্ছাও নকৰে।
তোমাৰ কষ্টত এতিয়া আৰু আগৰ দৰে,
মোৰ চকু পানী নোলায়, তথাপি কিয় জানো,
তোমাৰ কষ্টই মোক সুখীও নকৰে।
তোমাৰ স্পৰ্শই এতিয়া মোক আৰু আনন্দিত নকৰে,
অথচ! তোমাৰ স্পৰ্শৰ সেই সুন্দৰ মূহুৰ্তবোৰে,
আজিও মোক তোমালৈ মনত পেলাই দিয়ে।
তোমাৰ বাবে কবিতা লিখিবলৈ আৰু ইচ্ছা নকৰে,
অথচ! তোমাৰ কথা ভাবিয়ে কবিতাৰ ছন্দ,
ভাঁহি আহে মোৰ কলমৰ চিঞাহীত।
✍️শান্ত দাস
Lanka:Hojai:Assam
No comments:
Post a Comment