ছোৱালীৰ শেষ নিঃশ্বাস
মই স্কুল বেগ লৈ ,
মায়ে বনোৱা বঞ্জন ভাবী,
আনন্দ মনে হাঁহি ধেমালি কৰি,
স্কুলৰ পৰা ঘৰত আহি আছিলোঁ,
হঠাতে এদিন কিছু দুৰ্বৃত্তই ,
মোক ৰাস্তাত বাধা দিয়ে ।।
মই তাৰ পৰা পলাই ঘৰত ঘূৰি আহিবলৈ,
বহু চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ মা ।।
সিহতে মোক ধৰি জঙ্গলৰ ফালে লৈ গল।।
মাটিত বগৰাই মোক ধৰ্ষণ কৰিব ধৰিলে,
মই কিমান কান্দিলো কাকুতি মিনতি কৰিলোঁ, তথাপিও সিহঁতে মোক নেৰিলে মা মোক নেৰিলে , ধৰ্ষণ কৰিলে থাকিল।
মই কান্দা সেই গছবোৰে দেখিছে,
মোৰ কাকুতি মিনতি সেই শিলবোৰে
দেখিছে, তথাপিও সিহঁতে মোক বাগৰাই,
মোকে ধৰ্ষণ কৰি থাকিল।
মা তুমি ভবা কথা আৰু মই দেখা সপোন,
সকলো এনেই ৰৈ গল , মা সকলো এনে গল।
এই জনমত মই একো কৰিব নোৱাৰিলো,
অহা জনমত মই এইখন ঘৰতে ,
এইখন চোতালতে,
তুমিয়ে মোক জন্ম দিবা,
হয় ,তুমিয়ে মোক মা হবা ,
কিন্তু সেই জনমত মোক ছোৱালী
নহয় লৰা জন্ম দিবা,
হয় মা লৰা জন্ম দিবা।।
✍️ ৰেখা উপাধ্যায়
No comments:
Post a Comment