Tuesday, February 07, 2023

ছোৱালীৰ শেষ নিঃশ্বাস

ছোৱালীৰ শেষ নিঃশ্বাস



 মই স্কুল বেগ লৈ ,

মায়ে বনোৱা বঞ্জন ভাবী,

আনন্দ মনে হাঁহি ধেমালি কৰি,

স্কুলৰ পৰা ঘৰত আহি আছিলোঁ,

হঠাতে এদিন কিছু দুৰ্বৃত্তই ,

মোক ৰাস্তাত বাধা দিয়ে ।।

মই তাৰ পৰা পলাই ঘৰত ঘূৰি আহিবলৈ,

বহু চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ মা ।।

সিহতে মোক ধৰি জঙ্গলৰ ফালে লৈ গল।।

মাটিত বগৰাই মোক ধৰ্ষণ কৰিব ধৰিলে,

মই কিমান কান্দিলো কাকুতি মিনতি কৰিলোঁ, তথাপিও সিহঁতে মোক নেৰিলে মা মোক নেৰিলে , ধৰ্ষণ কৰিলে থাকিল।

মই কান্দা সেই গছবোৰে দেখিছে, 

মোৰ কাকুতি মিনতি সেই শিলবোৰে

দেখিছে, তথাপিও সিহঁতে মোক বাগৰাই,

মোকে ধৰ্ষণ কৰি থাকিল।

মা তুমি ভবা কথা আৰু মই দেখা সপোন,

সকলো এনেই ৰৈ গল , মা সকলো এনে গল।

এই জনমত মই একো কৰিব নোৱাৰিলো,

অহা জনমত মই এইখন ঘৰতে ,

এইখন চোতালতে,

তুমিয়ে মোক জন্ম দিবা, 

হয় ,তুমিয়ে মোক মা হবা ,

কিন্তু সেই জনমত মোক ছোৱালী

নহয় লৰা জন্ম দিবা,

হয় মা লৰা জন্ম দিবা।।



          ✍️ ৰেখা উপাধ্যায়

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...