স্বপ্নৰ বৰষুণ
হৈছে
কবিতাৰ বৰষুণ।
পুৱাৰ পৰা সন্ধিয়ালৈ
ধাৰাসাৰে বৈ আছে
এজাক স্বপ্নৰ বৰষুণ।
ভাহি আহে ভাবৰ ডাৱৰ
চপৰা চপৰে
সন্ত্ৰাসবাদ, বৈষম্যবাদ বিৰোধী এটি কবিতা।
গৰ্ভৱতী ভাৱৰ পৃথিৱীত
মোৰ হৃদয়ৰ আলিংগন
অবুজ মনৰ এক শিহৰণ।
প্ৰেমেৰে উপচি পৰিছে মোৰ হৃদয়
নিঃশেষ হৈ গৈছে কাতৰ যন্ত্ৰণা।
দেহৰ ৰন্ধে ৰন্ধে শিহৰণ
তোমাৰ স্নেহময়ী হাতৰ পৰশত
প্ৰবিত্ৰ প্ৰেমৰ ফল্গূধাৰা
তোমাৰ সিক্ত কোমল কবিতা।
-ৰিম্পী বড়া , চৰাইদেউ
No comments:
Post a Comment