জোনটো আকাশত জ্বলিয়ে থাকক: ৰাজ ৰাহুল
তুমি সপোন দেখিছিলা নিজকে লৈ
সেইবাবে সকলো পাহৰি গ'লা।
কোনো কথা নাই--
চেষ্টা কৰিম সহজ হ'বলৈ।
খহি পৰা আকাশখনক
ধৰি ৰাখিবতো নোৱাৰি,
শুকাই যোৱা নদীখনত
অনুভৱে জানো ঢৌ খেলিব পাৰে ?
জোনটো আকাশত জ্বলিয়ে থাকক
ডাৱৰে ঢাকি ৰাখিলেও
অভ্যাস হৈছে আন্ধাৰত থকাৰ--!
মনত পেলাম আমাৰ যাত্ৰা-পথৰ
মৌ-বৰষা কাহিনীবোৰ--!
অতীত হৈ যাব সকলো
তথাপি আক্ষেপ নকৰোঁ,
দিঠক বুলি ভবা
সপোনৰ ভগ্নাৱশেষবোৰক
বলেৰে জোৰা দিব নোৱাৰোঁ।
ডায়েৰীৰ পৃষ্ঠা এটি পূৰ্ণ হ'ল
আউলীয়া চিন্তাৰ সিক্ত অভিজ্ঞতাৰে--!
স্মৃতিবোৰ ৰাখিব পাৰিমনে মচ নোখোৱাকৈ নে
সাঁচি ৰাখিব পাৰিম আছুতীয়াকৈ ??
No comments:
Post a Comment