Tuesday, February 07, 2023

আঘোণৰ পথাৰ সোনোৱালী

 ঘোণৰ পথাৰ সোনোৱালী


 



আঘোণৰ পথাৰ সোনোৱালী

যৌৱনৰ পাৰভঙা নদীখনি

এসাগৰ কল্পনাৰ ৰং সানি

আমি কণমানিবোৰে উমলি - যামলি

পাৰ কৰো দিনটো খেলি - খেলি

মা -দেউতাৰ মিঠা ধমকনি ।


আঘোণৰ পথাৰ সোনোৱালী

আমাৰ মনবোৰ মুকলি

যেনি -তেনি যাৱ খোজে উৰি

নিশা আকাশৰ বুকুলৈ ঢাপলি


আঘোণৰ পথাৰ সোনোৱালী

আলিংগন কৰে সন্ধিয়াৰ ধাননি

বুকুতে সাৱতি

মৰমেৰে আকোঁৱালি ।


 - নিবেদিতা ডিম্পল

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...