Tuesday, February 07, 2023

আঘোণৰ পথাৰ সোনোৱালী

 আঘোণৰ পথাৰ সোনোৱালী


 



আঘোণৰ পথাৰ সোনোৱালী

যৌৱনৰ পাৰভঙা নদীখনি

এসাগৰ কল্পনাৰ ৰং সানি

আমি কণমানিবোৰে উমলি - যামলি

পাৰ কৰো দিনটো খেলি - খেলি

মা -দেউতাৰ মিঠা ধমকনি ।


আঘোণৰ পথাৰ সোনোৱালী

আমাৰ মনবোৰ মুকলি

যেনি -তেনি যাৱ খোজে উৰি

নিশা আকাশৰ বুকুলৈ ঢাপলি


আঘোণৰ পথাৰ সোনোৱালী

আলিংগন কৰে সন্ধিয়াৰ ধাননি

বুকুতে সাৱতি

মৰমেৰে আকোঁৱালি ।


 - নিবেদিতা ডিম্পল

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...