আখল
✍️ ৰাজ ৰাহুল
কোনে খবৰ ৰাখে
সিহঁতৰ আখলৰ জুই
জ্বলে নে নজ্বলে --!
দিনটো অনাই-বনাই ঘূৰি
গধূলি ঠাণ্ডাত কঁপি কঁপি
ঠাণ্ডা গুচাব নোৱাৰা
কাপোৰ জাপ লৈ
সিহঁত ঢলি পৰে।
পেটৰ কল্ মলনিত
অপেক্ষা কৰে পুৱালৈ --!
আকৌ একেই কৰ্মসূচী
এটাই অন্বেষণ--
পেটৰ ভোক নিবাৰণ কৰাৰ--!
কেতিয়াবা তিনিদিনৰ অন্তত
জ্বলি উঠা আখলৰ জুইয়ে
সিহঁতক জীয়াই থাকিবলৈ
শক্তি দিয়ে।
শীত-তাপে বাধা দিব নোৱাৰে
সিহঁতৰ খাদ্যৰ সন্ধানত--,
লাজ পুৰি খায় ভোকৰ জুইত।
উৰুখা পঁজাতেই
শান্তিৰে টোপনি যায়--
যেতিয়া আখলৰ জুই জ্বলে।
কিন্তু
আমাৰ ব্যস্ততাত
সিহঁতৰ পেটৰ ভোকবোৰ
পুতৌমূলক শব্দ হৈ সৰে--!
এইদৰে জীৱন জীয়াৰ সংগ্ৰামত
সিহঁতৰ দুখবোৰে
গোপন কুঠৰিত
নীৰৱে উচুপে--!
তথাপিও কোনেও খবৰ নাৰাখে
সিহঁতৰ আখলৰ জুই জ্বলে নে নজ্বলে...।
No comments:
Post a Comment