Tuesday, November 22, 2022

বৃদ্ধাশ্ৰম:মিন্টু গোৱলা

 বৃদ্ধাশ্ৰম:মিন্টু গোৱলা

যুগ্ম জীৱনৰ পাৰ কৰি

 বৃদ্ধত ভৰি দিয়ে ।

জীৱনত পোৱা-নোপোৱা বেদনাই 

আৱৰি ৰখা সেই বৃদ্ধা মুখখন 

সন্তান থাকিওঁ আজি নাথকাৰ দৰে 

দিশহাৰা হৈ পাৰ কৰিছে বৃদ্ধাশ্ৰমত । 

বৃদ্ধৰ জীৱন কেঁকো - জেঁকো খোজেৰে

 ফুৰে মুকুলি আকাশৰ তলত মুকুলি বতাহ লয়।

সন্তানক লয় দেখা  সপোন বোৰে আজি 

বৃদ্ধা পিতৃ-মাতৃৰ মনত মন কোঙা কৰি তুলে। 

নিজেই নাখাই সন্তানক খোৱাই আজি কি ? 

দশা সেই বৃদ্ধা পিতৃ-মাতৃৰ 

আজিৰ সন্তানে নিচিনে নিজৰ 

পিতৃ- মাতৃক বৃদ্ধা হ'লে ভাৱে যে - আমাৰ বুজা বাঢ়িল , এতিয়া মাত্ৰ বৃদ্ধাশ্ৰমৰহে প্ৰয়োজন ।

হৃদয়শোকত চকুলোৰে উৰে জীৱন কতাই বৃদ্ধাশ্ৰমত । বৃদ্ধাৰ বয়সত আপোন ঘৰ হয় বৃদ্ধাশ্ৰম ।

    

     শ্ৰী মিন্টু গোৱলা ‌ লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...