উপলব্ধি,
বুকুৰ দুখৰ ছাঁই ৰঙী সাঁজ যোৰ সলাই
আহিবা চোন এদিন,
উপলব্ধি কৰিবলৈ জীৱনৰ
ওমাল ৰ'দৰ দলিচা খনৰ ।
অনুভব অনুভূতিৰে ধৰফৰাই থকা
কোমল হৃদপিণ্ডৰ
একাঁজলি উত্তাপিত মৰম,
ভালপোৱাৰ বৰষুণ,
মই ও বিছাৰো বুকুৰ অনুভৱত
কাৰোবাৰ নিশ্বাসৰ অবাধ বিচৰণ,
সৰলতাৰ নিৰ্মল পুৱাত
দিনতোৰ বাবে সাঁজিবলৈ
প্ৰেমৰ স্মৃতিসৌধ ।
ফুলনিৰ ফুল, আকাশ,
নিৰিবিলি বতাহৰ সতে
কৰিবলৈ অন্তৰংগ আলাপ,
মইতো নাজানো এইয়া
সুখৰ নে দুখৰ উপলব্ধি,
নে আবেগৰ ধপধপনি,
অশ্ৰুবিহীন দুচকুৰ পতাত
ৰচিবলৈ মায়াবী সপোন ।
আহিবা ছোন এদিন,
সেউজীয়াই পোঁখা মেলা হৃদয়ত
খেপিয়াই চাম ,
অজানিতেই গঢ় লৈ উঠা
প্ৰেমৰ অনুভূতিত
উপলব্ধিৰ বিশালতা ।
হীৰামনি লাহন।
No comments:
Post a Comment