Showing posts with label হীৰামনি লাহন. Show all posts
Showing posts with label হীৰামনি লাহন. Show all posts

Tuesday, December 13, 2022

শুশ্ৰূষা:হীৰামনি লাহন

অনুগল্প
        শুশ্ৰূষা,

আঘোণৰ চোকা ৰ'দৰ তাপত ধান দাই দাই  ধকধকীয়া  বগা ৰুনু জনী একেবাৰে ক'লা হৈ পৰিছে ,নিজৰ দেহাটোৰ কথা ভাবিবলৈ সময় নাইকিয়াই হল ।  মানুুহজন  ঢুকুৱাৰ পিছৰে পৰা লোকৰ ঘৰত কাম  কৰি কৰি  অকলশৰেই ঘৰ খন চলাব লাগে  তাই, বেমাৰী  শাহুৱেকক  প্ৰতিপাল  কৰিব লাগে  ,কলেজত পঢ়ি  থকা  তাইৰ  ছোৱালীজনীৰ  পঢ়াৰ  খৰচ  বিলাক  আছেই   ।  এই বাৰ ধান  দাই পোৱা টকাকেইটাৰে বহুত কল্পনা কৰিছে তাই । তাই ভাবিছে অসুখীয়া শাহুৱেকক এই টকাকেইটা পালেই ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰাব  ।  আৰু এইবাৰ  চোন  আনবাৰতকৈ  ঠাণ্ডা  অলপ  বেছিকৈহে   পৰিছে ।শাহুৱেকৰ  বাবে আৰু এখন ভাল কম্বল কিনি  আনিব  লাগিব   ,নহলে  বুঢ়া মানুহ ঠাণ্ডা পালে  কষ্ট  পাব । নিজৰ আৰু তাইৰ ছোৱালীজনীৰ কথা ভৱাই  নাই, অন্তত বুঢ়া বয়সত শাহুমা গৰাকী জীয়াই থকা দিন  কেইটাত  সুখত থাকক  । কোনো দুখ কষ্ট নোপোৱাকৈ অসুখীয়া শাহুৱেকক  আৰামত ৰখাটোৱেই তাইৰ কত্তৰ্ব্য বুলি ভাৱে ।

কিন্ত, 

কিছুমান কথাই তাইৰ মনত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল  । তাইৰ প্ৰায়েই  দেখিবলৈ পাই চুবুৰীয়াৰ  ঘৰৰ  বোৱাৰী আৰু লৰাই ইমান টকা পইচা থকাৰ পিছতো নিজৰ মাকগৰাকীক  অসুস্থ অৱস্থাতো অলপো চোৱা চিতা নকৰে ,চিকিৎসাৰ নামত এটকাও খৰচ নকৰে ,মানুহগৰাকী ইমানেই কষ্টত আছে দেখিলেই বৰ দুখ লাগে । 

তাই ভাবে টকা পইচা থকা কিছুমান ধনী মানুহ এনেকুৱাই নিকি  ? 


হীৰামনি লাহন  ।

Tuesday, November 22, 2022

বৰ ভাগৰুৱা আজি মই:হিৰামনি লাহন

 বৰ ভাগৰুৱা আজি মই



মায়াময়  আঘোণৰ 

উদাসীন  গধূলিত

ছাঁয়ামায়া কাণিমুনি 

পদুলিত ৰৈ

জ্বলি জ্বলি ছাই হৈ যোৱা 

এবুকু যাতনা লৈ 

জীয়াই আছো প্ৰিয়তমা ,

দুৰনিৰ পথাৰত

 তুমি দাই অহা 

শুকান ন'ৰানি ডৰা চাই   ,

বৰ ভাগৰুৱা ,আজি মই   ।

তেজৰ ধাৰত 

শাণ দিয়া কাঁচিখনত 

অহঙ্কাৰেৰে  

চিকমিকাই থকা বিস্ফুৰিত 

শোকৰ  যন্ত্ৰণা  বোৰৰ 

উপশমৰ বিছাৰি  উপায়   ,

বৰ  ভাগৰুৱা আজি মই   ।

ধূসৰ  পৃথিৱীখনত 

 এতিয়া নাই 

শীতল  জোনাক, 

আকাশখনেও  ফাঁকি  দিলে 

চকুপানীবোৰ  

বৰষুণে  তিয়াই  নিলে 

ভৰ বাৰিষাৰ 

নৈ'য়ে  উটুৱাই লৈ গল 

ভৰসাৰ  নাঁও খনি ,

বিশ্বাসৰ বঠাপাত 

খেপিয়াই খেপিয়াই 

শুকান  নদীত  বিছাৰি

পৰিছো  ভাগৰি ।

প্ৰিয়তমা  ,

তুমি  দাই  অহা

 শুকান নৰানিৰ ডৰা চাই 

বৰ ভাগৰুৱা  আজি মই  ।


হিৰামনি লাহন, গোলাঘাট  

উপলব্ধি:হীৰামনি লাহন

 উপলব্ধি,

বুকুৰ দুখৰ ছাঁই ৰঙী  সাঁজ যোৰ সলাই 

আহিবা চোন এদিন, 

উপলব্ধি কৰিবলৈ জীৱনৰ 

ওমাল  ৰ'দৰ দলিচা  খনৰ  ।

অনুভব  অনুভূতিৰে ধৰফৰাই থকা 

কোমল হৃদপিণ্ডৰ

 একাঁজলি উত্তাপিত মৰম,

ভালপোৱাৰ বৰষুণ, 

মই ও  বিছাৰো  বুকুৰ অনুভৱত 

কাৰোবাৰ নিশ্বাসৰ অবাধ বিচৰণ, 

সৰলতাৰ  নিৰ্মল পুৱাত 

দিনতোৰ বাবে সাঁজিবলৈ 

প্ৰেমৰ স্মৃতিসৌধ ।

ফুলনিৰ ফুল, আকাশ, 

নিৰিবিলি বতাহৰ সতে 

কৰিবলৈ অন্তৰংগ আলাপ, 

মইতো নাজানো এইয়া 

সুখৰ  নে দুখৰ  উপলব্ধি,

নে আবেগৰ ধপধপনি, 

অশ্ৰুবিহীন দুচকুৰ পতাত 

ৰচিবলৈ  মায়াবী সপোন  ।

আহিবা ছোন এদিন, 

সেউজীয়াই  পোঁখা মেলা হৃদয়ত 

খেপিয়াই চাম ,

অজানিতেই গঢ় লৈ উঠা 

প্ৰেমৰ অনুভূতিত 

উপলব্ধিৰ  বিশালতা   ।


হীৰামনি লাহন।

Tuesday, October 25, 2022

ছন্দ বিহীন:হীৰামনি লাহন

 ছন্দ বিহীন:

মোৰ কবিতাত ছন্দ হেৰাই

 ছন্দালেখা,

ভীৰৰ নগৰীত, 

খবৰ জানো  ৰাখা, 

মোৰ হৃদয়ৰ  সুষম  কোনত 

তোমাৰ অৱস্হিতি, 

সেই খবৰ জানো  পোৱা ?

কিমান যুগৰ প্ৰনতিত 

তোমাৰ মুখামুখি হম নাজানো    ;

ভয় লাগে,

জানোছা খহি পৰে বিষাদৰ পৰ্ব  ।

জানোচা স্তব্ধ হয় 

মোৰ জীৱনৰ  বাট,

কেতিয়াবা ভাগৰত সৰি পৰো,

আকৌ পুনৰ আগুৱাই যাওঁ 

সাহসেৰে বগুৱাবাই  ,

হেৰুৱাই জীয়াই থকাৰ আসক্তি ।

তোমাৰ মৰমে মোক 

স্পৰ্শ নকৰা হলে, 

নিলিখিলো হেতেন ,

এই ছন্দ বিহীন কবিতা,

ছন্দালেখা,      


হীৰামনি লাহন, গোলাঘাট। 

Tuesday, October 18, 2022

তুমি নামৰ কবিতাটো:হীৰা মণি লাহন

তুমি নামৰ কবিতাটো:

                               হীৰামনি লাহন 

বুকুৰ দুখৰ ছাঁই ৰঙী 

পোচাকযোৰ খুলি 

এদিন ওলাই আহিছিলো 

তোমাৰ অনুপম কবিতাৰ 

ছন্দ বিছাৰি ,

সঁজাবলৈ প্ৰতিপল জীৱন 

 নামৰ উপন্যাসখনৰ  ।

বহুত হেৰুৱাই আজিও 

ভাগৰা নাই, 

মাথো  আছো তুমি নামৰ কবিতাটোৰ 

ছন্দ মিলাই ,

 এবুকু আশাৰ মাজত  সাতুৰি 

ৰিক্ত  কলিজাখন  ধূৱাই  ।

যেন পাখি ভঙা বিহংগম পখীৰ দৰে

বাৰে বাৰে সেমেকা আকাশত 

বাট হেৰুৱাই, 

এতিয়া মাথো আছো অপেক্ষাত 

এচেৰেঙা তেজাল ৰ'দলৈ 

বাট চায়  ।

Thursday, October 13, 2022

স্মৃতিৰ ওখ ঘাটেৰে শৰত আহে:হীৰামনি লাহন

 স্মৃতিৰ ওখ ঘাটেৰে শৰত আহে:

আজি  শৰতৰ 
প্ৰথম কুঁৱলী পৰিছে ,
নিয়ৰে আহি আঁজলি দুৱৰিডৰাৰ 
আচঁল সেমেকাই তুলিছে  ।
নাজানো কিয়  
আজি তোমাৰ কথাই 
বাৰে বাৰে আহি 
মোক বৰকৈ  আমনি কৰিছে  ।
জানানে , 
আজি তোমাৰ চকুত চকু থৈ 
এটি নিৰ্ঘাট সপোন দেখাৰ 
বৃৃথা হাবিয়াস  জাগিছে    ;
শৰত আগতেও আহিছিল, 
মোৰ স্মৃতিৰ ধূসৰিত পৃষ্ঠাত 
শৰতে বহুতো ছবি 
আঁকি আঁকি মচিছিল  ,
মই নজনাকৈয়ে মোৰ  পৰা যেন  
আতৰি গুছি গৈছিল 
বহু স্মৃতিৰ ওখ ওখ ঘাট  ,
আৰু ,
মোক বিছাৰি আহিও  এদিন 
উভতি  গৈছিল 
শৰতৰ উতনুৱা  চৌখিন আকাশ  ।
এতিয়া,
আহিনৰ কোমল কহুঁৱাৰ ঢৌ তুলা 
অনুভৱ  বোৰ  বুটলিবলৈ
নোপোৱাৰ বেদনাত, 
মোৰ মুখৰ ৰেখাত এতিয়া 
জিলিকিছে 
পৃথিৱীৰ  অৱসাদ  ।
হীৰামনি লাহন   । গোলাঘাট  ।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...