Tuesday, December 13, 2022

শুশ্ৰূষা:হীৰামনি লাহন

অনুগল্প, 
        শুশ্ৰূষা,

আঘোণৰ চোকা ৰ'দৰ তাপত ধান দাই দাই  ধকধকীয়া  বগা ৰুনু জনী একেবাৰে ক'লা হৈ পৰিছে ,নিজৰ দেহাটোৰ কথা ভাবিবলৈ সময় নাইকিয়াই হল ।  মানুুহজন  ঢুকুৱাৰ পিছৰে পৰা লোকৰ ঘৰত কাম  কৰি কৰি  অকলশৰেই ঘৰ খন চলাব লাগে  তাই, বেমাৰী  শাহুৱেকক  প্ৰতিপাল  কৰিব লাগে  ,কলেজত পঢ়ি  থকা  তাইৰ  ছোৱালীজনীৰ  পঢ়াৰ  খৰচ  বিলাক  আছেই   ।  এই বাৰ ধান  দাই পোৱা টকাকেইটাৰে বহুত কল্পনা কৰিছে তাই । তাই ভাবিছে অসুখীয়া শাহুৱেকক এই টকাকেইটা পালেই ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰাব  ।  আৰু এইবাৰ  চোন  আনবাৰতকৈ  ঠাণ্ডা  অলপ  বেছিকৈহে   পৰিছে ।শাহুৱেকৰ  বাবে আৰু এখন ভাল কম্বল কিনি  আনিব  লাগিব   ,নহলে  বুঢ়া মানুহ ঠাণ্ডা পালে  কষ্ট  পাব । নিজৰ আৰু তাইৰ ছোৱালীজনীৰ কথা ভৱাই  নাই, অন্তত বুঢ়া বয়সত শাহুমা গৰাকী জীয়াই থকা দিন  কেইটাত  সুখত থাকক  । কোনো দুখ কষ্ট নোপোৱাকৈ অসুখীয়া শাহুৱেকক  আৰামত ৰখাটোৱেই তাইৰ কত্তৰ্ব্য বুলি ভাৱে ।

কিন্ত, 

কিছুমান কথাই তাইৰ মনত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল  । তাইৰ প্ৰায়েই  দেখিবলৈ পাই চুবুৰীয়াৰ  ঘৰৰ  বোৱাৰী আৰু লৰাই ইমান টকা পইচা থকাৰ পিছতো নিজৰ মাকগৰাকীক  অসুস্থ অৱস্থাতো অলপো চোৱা চিতা নকৰে ,চিকিৎসাৰ নামত এটকাও খৰচ নকৰে ,মানুহগৰাকী ইমানেই কষ্টত আছে দেখিলেই বৰ দুখ লাগে । 

তাই ভাবে টকা পইচা থকা কিছুমান ধনী মানুহ এনেকুৱাই নিকি  ? 


হীৰামনি লাহন  ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...