Tuesday, December 13, 2022

পৰিস্থিতি:হীৰক কলিতা

 পৰিস্থিতি



সলনি হয় জীৱনৰ‌ ৰং

পৰিস্থিতিৰ মেৰপাকত

পৰি , সলনি হয় আশাৰ

বাট পৰিস্থিতিৰ মেৰপাকত

পৰি ।


সময়ে বাধ্য কৰায় পৰিস্থিতিৰ

সৈতে খোজ মিলাবলৈ

সময়ে বাধ্য কৰায় নতুন

চহৰৰ ঠিকনা গ্ৰহণ কৰিবলৈ ।


মাথোঁ ৰৈ যায় হদয়ৰ কোনত

নিজস্ব সপোনৰ ঠিকনা

যি অবাস্তৱ যাৰ কেতিয়াও

নহয় বাস্তৱ দৰ্শন ।


✍️ হীৰক কলিতা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...