Showing posts with label হীৰক কলিতা. Show all posts
Showing posts with label হীৰক কলিতা. Show all posts

Tuesday, February 07, 2023

ভিক্ষা

🔵 ভিক্ষা 



ৰে'ল লাইনত বহুতো মানুহৰ ভিৰ হৈছিল

সেই ভিৰৰ মাজে মাজে কণমানি ছোৱালী জনীয়ে মানুহৰ ওচৰলৈ গৈছিল । মই ওচৰলৈ গৈ দেখিলোঁ তাইৰ চকুহাল সেমেকি উঠিছিল যেতিয়া মানুহৰ ওচৰত ভিক্ষা খুজিছিল ।


✍️ হীৰক কলিতা 

 স্নাতক প্ৰথম ষান্মাসিক,অসমীয়া বিভাগ

 নলবাৰী মহাবিদ্যালয় ।

Tuesday, December 13, 2022

পৰিস্থিতি:হীৰক কলিতা

 পৰিস্থিতি



সলনি হয় জীৱনৰ‌ ৰং

পৰিস্থিতিৰ মেৰপাকত

পৰি , সলনি হয় আশাৰ

বাট পৰিস্থিতিৰ মেৰপাকত

পৰি ।


সময়ে বাধ্য কৰায় পৰিস্থিতিৰ

সৈতে খোজ মিলাবলৈ

সময়ে বাধ্য কৰায় নতুন

চহৰৰ ঠিকনা গ্ৰহণ কৰিবলৈ ।


মাথোঁ ৰৈ যায় হদয়ৰ কোনত

নিজস্ব সপোনৰ ঠিকনা

যি অবাস্তৱ যাৰ কেতিয়াও

নহয় বাস্তৱ দৰ্শন ।


✍️ হীৰক কলিতা

Tuesday, December 06, 2022

ভুল:হীৰক কলিতা

 ভুল:হীৰক কলিতা



প্ৰতিটো সময়তে খেদি

ফুৰে এক অদৃশ্য অনুভৱে

প্ৰকাশ‌ কৰিবলৈ মাথোঁ

চকুহালে একমাত্ৰ আশ্ৰয় । 


সময়ৰ সোঁতত নিজেকে

উতুৱাই দিওঁ কিমান দূৰ

আছে আৰু এই 

ঠিকনাবিহীন যাত্ৰা ।


জটিল জীৱনৰ জটিল সময়

নিজে নিজৰ সহায়ক 

নিজে নিজৰ সংগী 

নিজৰ মাজতেই সীমাবদ্ধ ।


✍️ হীৰক কলিতা

Tuesday, November 29, 2022

যন্ত্ৰণা:হীৰক কলিতা

 যন্ত্ৰণা


মৰিশালিত জীয়াই উঠা

সেউজীয়া বোৰ হঠাতে

মৰহি‌ যায় ।

অব্যক্ত যন্ত্ৰণা বোৰে

খুলি খুলি খায় হদয়ৰ

কেঁচা তেজবোৰক ।

বুজি পাবলৈ যে মোৰ

পাৰ ভঙা চকুহালে

একমাত্ৰ সংগী ।

অস্পষ্ট হৈ পৰে জীৱনৰ

গতিপথ পৰিস্থিতিৰ মেৰপাকত

পৰি সলনি হয় সপোনৰ ৰং ।

জীয়াই থাকিবলৈ যন্ত্ৰণা বোৰে

একমাত্ৰ সংগী , অন্যথা 

এটি অন্ধকাৰ কোঠা ।


✍️ হীৰক কলিতা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...