Tuesday, December 06, 2022

ভুল:হীৰক কলিতা

 ভুল:হীৰক কলিতা



প্ৰতিটো সময়তে খেদি

ফুৰে এক অদৃশ্য অনুভৱে

প্ৰকাশ‌ কৰিবলৈ মাথোঁ

চকুহালে একমাত্ৰ আশ্ৰয় । 


সময়ৰ সোঁতত নিজেকে

উতুৱাই দিওঁ কিমান দূৰ

আছে আৰু এই 

ঠিকনাবিহীন যাত্ৰা ।


জটিল জীৱনৰ জটিল সময়

নিজে নিজৰ সহায়ক 

নিজে নিজৰ সংগী 

নিজৰ মাজতেই সীমাবদ্ধ ।


✍️ হীৰক কলিতা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...