Tuesday, December 06, 2022

সংগ্ৰাম জীৱনৰ আন এটি নাম:আমিৰ হুছেইন আহমেদ

সংগ্ৰাম জীৱনৰ আন এটি নাম



দুৰ্লভ মানৱ জনম  মাত্ৰ এবাৰ

আপোচহীন সংগ্ৰাম উপভোগ্য নহয়

জয় পৰাজয় সুখ দুখ শান্তি অশান্তি

প্ৰেম ঘৃণা শুভ অশুভ প্ৰাপ্তি অপ্ৰাপ্তি

আমৰণ উপসৰ্গ জীৱন কাব্যৰ !

ধনৰ পাহাৰ দুখৰ সাগৰ-শ্ৰমৰ উপহাৰ

সফলতাৰ চাবি কাঠি কৰ্ম সংস্কৃতি

সংগ্ৰামে খোলে জীৱন পাঠশালাৰ দ্বাৰ !


জীৱনৰ মৌবন যৌৱন-মধুৰতম ক্ষণ

অৰ্থ সম্বলৰ ঢল-বাহুত জাগে শ্ৰমৰ বল, 

উদ্যোমৰ অভিপ্ৰায় জমাৰ অধ্যায়

নাম ফলকত খোদিত হয়-আত্ম পৰিচয়

কৰ্মৰ কেনভাচত ভাগ্য-বিধাতাই লিখে

ঘাত প্ৰতিঘাতৰ সোঁত নিতৌ বৈ থাকে,

সুস্থতা অসুস্থতা সংগ্ৰাম পুথিৰ পাঠ

বিবেকৰ পৰিচালনাই প্ৰকৃত ধাৰাপাত !


উন্নতিৰ চিৰি প্ৰচেষ্টাত-আলস্যত নহয়

সাধনা একাগ্ৰতা জীৱন সংগ্ৰামী ৰথ

ইচ্ছাশক্তি দৃঢ়তা যদি অটুট থাকে

তমসা নাশি আঁকে জ্যোতিৰ গতিপথ

মৰুৰ বালিত সুখৰ মানিক প্ৰাপ্তি অক্ষম

নীলাম নহয় জীৱন-মূল্যবোধ শিকে ,

কাৰ্যই লক্ষ্যৰ পণ,জীৱন নহয় বিশ্ৰাম

সংগ্ৰামেই হ'ল জীৱনৰ আন এটি নাম !!

________________________________

আমিৰ হুছেইন আহমেদ 

বকো,বামুনবড়ী, কামৰূপ (গ্ৰাম্য)

পিন নং ৭৮১১৩৬.

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...