স্মৃতিৰ ওখ ঘাটেৰে শৰত আহে:
আজি শৰতৰ
প্ৰথম কুঁৱলী পৰিছে ,
নিয়ৰে আহি আঁজলি দুৱৰিডৰাৰ
আচঁল সেমেকাই তুলিছে ।
নাজানো কিয়
আজি তোমাৰ কথাই
বাৰে বাৰে আহি
মোক বৰকৈ আমনি কৰিছে ।
জানানে ,
আজি তোমাৰ চকুত চকু থৈ
এটি নিৰ্ঘাট সপোন দেখাৰ
বৃৃথা হাবিয়াস জাগিছে ;
শৰত আগতেও আহিছিল,
মোৰ স্মৃতিৰ ধূসৰিত পৃষ্ঠাত
শৰতে বহুতো ছবি
আঁকি আঁকি মচিছিল ,
মই নজনাকৈয়ে মোৰ পৰা যেন
আতৰি গুছি গৈছিল
বহু স্মৃতিৰ ওখ ওখ ঘাট ,
আৰু ,
মোক বিছাৰি আহিও এদিন
উভতি গৈছিল
শৰতৰ উতনুৱা চৌখিন আকাশ ।
এতিয়া,
আহিনৰ কোমল কহুঁৱাৰ ঢৌ তুলা
অনুভৱ বোৰ বুটলিবলৈ
নোপোৱাৰ বেদনাত,
মোৰ মুখৰ ৰেখাত এতিয়া
জিলিকিছে
পৃথিৱীৰ অৱসাদ ।
হীৰামনি লাহন । গোলাঘাট ।
প্ৰথম কুঁৱলী পৰিছে ,
নিয়ৰে আহি আঁজলি দুৱৰিডৰাৰ
আচঁল সেমেকাই তুলিছে ।
নাজানো কিয়
আজি তোমাৰ কথাই
বাৰে বাৰে আহি
মোক বৰকৈ আমনি কৰিছে ।
জানানে ,
আজি তোমাৰ চকুত চকু থৈ
এটি নিৰ্ঘাট সপোন দেখাৰ
বৃৃথা হাবিয়াস জাগিছে ;
শৰত আগতেও আহিছিল,
মোৰ স্মৃতিৰ ধূসৰিত পৃষ্ঠাত
শৰতে বহুতো ছবি
আঁকি আঁকি মচিছিল ,
মই নজনাকৈয়ে মোৰ পৰা যেন
আতৰি গুছি গৈছিল
বহু স্মৃতিৰ ওখ ওখ ঘাট ,
আৰু ,
মোক বিছাৰি আহিও এদিন
উভতি গৈছিল
শৰতৰ উতনুৱা চৌখিন আকাশ ।
এতিয়া,
আহিনৰ কোমল কহুঁৱাৰ ঢৌ তুলা
অনুভৱ বোৰ বুটলিবলৈ
নোপোৱাৰ বেদনাত,
মোৰ মুখৰ ৰেখাত এতিয়া
জিলিকিছে
পৃথিৱীৰ অৱসাদ ।
হীৰামনি লাহন । গোলাঘাট ।
No comments:
Post a Comment